ETV Bharat / bharat

কোচিত আজি 'টাউতে' ঘূৰ্ণীবতাহে ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা - ঘূৰ্ণীবতাহ

শনিবাৰে কোচিৰ সমীপত 'টাউতে' ঘূৰ্ণীবতাহ ধুমুহা পৰিণত হোৱাৰ সম্ভাৱনা আছে । শুকুৰবাৰে কেৰালাৰ বহু ঠাইত ধাৰাসাৰ বৰষুণ হৈছিল আৰু সাগৰত প্ৰচণ্ড ঢৌ দেখা গৈছিল । বিপদৰ আশংকা কৰি, ৰাজ্যখনৰ দক্ষিণ দিশত সাগৰৰ পাৰৰ অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত কৰাৰ কাম আৰম্ভ কৰা হৈছিল ।

Cyclone Tauktae near Kochi is likely to intensify into a cyclonic storm
কোচিত আজি 'টাউতে' ঘূৰ্ণীবতাহে ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা
author img

By

Published : May 15, 2021, 3:39 PM IST

Updated : May 15, 2021, 5:35 PM IST

নেশ্যনেল ডেস্ক, ১৫ মে': 'টাউতে' ঘূৰ্ণীবতাহে কেৰালাৰ কোচিত ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় নৌ সেনা বাহিনীয়ে । শুকুৰবাৰে ভাৰতীয় নৌ সেনাৰ মুখপাত্ৰই এক টুইটযোগে জানিবলৈ দিয়ে যে, ১৪ মে'ৰ সন্ধিয়াৰ পৰা কোচিত ঘূৰ্ণীবতাহৰ প্ৰকোপ বৃদ্ধি পাব আৰু শনিবাৰে পুৱালৈকে ধুমুহাৰ ৰূপ ল'ব । 'টাউতে' ঘূৰ্ণীবতাহ পশ্চিম উপকূলৰ দিশে অগ্ৰসৰ হোৱাৰ পিছতে ভাৰতীয় নৌ সেনাই ৰাজ্যৰ প্ৰশাসনক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিছিল ।

কোচিত আজি 'টাউতে' ঘূৰ্ণীবতাহে ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা

নৌ সেনাৰ জাহাজ, বিমান, হেলিকপ্টাৰ, ডাইভিং আৰু দুৰ্যোগ প্ৰশমনৰ বিভাগৰ দলেও ৰাজ্য চৰকাৰক সহায় আগবঢ়োৱাৰ বাবে সাজু আছে বুলি ভাৰতীয় নৌ সেনাৰ টুইটটোত উল্লেখ কৰিছে । পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ে শুকুৰবাৰে সন্ধিয়া প্ৰকাশ লকৰে যে, "যোৱা ৬ ঘণ্টাত লক্ষদ্বীপ আৰু ইয়াৰ কাষৰীয়া দক্ষিণ-পূব আৰু পূব-মধ্য আৰৱ সাগৰৰ ওপৰেৰে ঘূৰ্ণীবতাহৰ বেগ প্ৰতি ঘণ্টাত ১১ কিলোমিটাৰ আছিল ।

অহা ১২ ঘণ্টাত এই ঘূৰ্ণীবতাহে ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে আৰু অহা ২৪ ঘণ্টাত আৰু বতাহৰ গতিবেগ অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে । ঘূৰ্ণীবতাহক লৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিয়াৰ পিছতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বৃহস্পতিবাৰে পৰৱৰ্তী জাননী নোপোৱালৈকে উপকূলত মাছ ধৰা নিষিদ্ধ কৰে ।

  • Weather Warning 5/21
    Low pressure area over SE Arabian Sea 14 May. Likely to move NNW across Arabian Sea & adjoining Lakshadweep area. May intensify into a Cyclonic Storm over east central Arabian Sea around 16 May & continue to move NNW. #Tauktae @indiannavy (1/2) pic.twitter.com/6IVucG8Z6z

    — IFC-IOR (@IFC_IOR) May 14, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলক ১৭ মে'লৈকে সাগৰলৈ নাযাবলৈ সতৰ্কবাণী জাৰি কৰিছে । ২০২০ চনৰ ৩ ডিচেম্বৰ মাহত ঘূৰ্ণীবতাহ বুৰেভিয়ে কেৰালা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বিভীষিকাৰ সৃষ্টি কৰিছিল । ফলত ভূমিস্খলনো হৈছিল ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ দুৰ্গম অঞ্চলত টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ

Last Updated : May 15, 2021, 5:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.