ETV Bharat / bharat

আহি আছে গুলাব...হাই এলাৰ্ট জাৰি

আহি আছে গুলাব । গুলাবৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰশাসন সাজু হৈছে । উপকূল অঞ্চলৰ বহু লোকক সতৰ্ক কৰি দিয়া হৈছে ।

Cyclone Gulab
Gulabৰ বাবে কেইবাখনো ৰাজ্যত হাই এলাৰ্ট জাৰি
author img

By

Published : Sep 26, 2021, 12:31 PM IST

নেশ্যনেল ডেস্ক, ২৬ ছেপ্টেম্বৰ : দেশৰ কেইবাখনো ৰাজ্যত এতিয়া গুলাবক লৈ আতংক । বংগোপ সাগৰত নিম্ন চাপৰ ফলত সৃষ্টি হোৱা গুলাব ঘূৰ্ণীবতাহ প্ৰচণ্ড বেগেৰ আগবাঢ়িছে ভাৰতৰ দিশে । ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে । দেওবাৰে সন্ধিয়ালৈ ওড়িশা, পশ্চিমবংগ, অন্ধ্ৰ প্ৰদেশ আদি ৰাজ্যৰ উপকূলত গুলাব ঘূৰ্ণীবতাহে খুন্দা মৰাৰ সম্ভাৱনা আছে ।

কলকাতাৰ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) সঞ্চালক জি কে দাসে শনিবাৰে জনোৱা মতে গুলাব ২৯ ছেপ্টেম্বৰৰ আশে-পাশে পশ্চিমবংগৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে । গুলাবৰ ফলত ৰাজ্যখনৰ দক্ষিণ প্ৰান্তত বিশেষকৈ ২৮-২৯ ছেপ্টেম্বৰত ধাৰাষাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহা হোৱাৰো আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে । বিভাগৰ সঞ্চালক জি কে দাসে জনোৱা মতে ২৮ ছেপ্টেম্বৰত কলকাতা, উত্তৰ ২৪ পৰগণা, পূব আৰু পশ্চিম মেদিনীপুৰ, ঝাৰগ্ৰাম, হাওৰা, হুগলী আদিত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

ইফালে দক্ষিণ ওড়িশাৰো কিছু অংশত সতৰ্কবাণী জাৰি কৰা হৈছে । শনিবাৰে আইএমডিয়ে জনাইছিল যে উত্তৰ-পশ্চিম আৰু ইয়াৰ কাষৰীয়া পশ্চিম-মধ্য বংগোপ সাগৰৰ পৰা গুলাব পশ্চিম দিশে আগবাঢ়িছে । ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ (NDRF) মতে, ওড়িশাত ১৩ টা দল আৰু অন্ধ্ৰ প্ৰদেশত পাঁচটা উদ্ধাৰকাৰী দল সাজু কৰা হৈছে ।

ইয়াৰ উপৰিও ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অন্ধ্ৰ প্ৰদেশৰ কলিংগপত্তনম আৰু ওড়িশাৰ গোপালপুৰৰ মাজত ২৬ ছেপ্টেম্বৰৰ সন্ধিয়া ঘূৰ্ণীবতাহ গুলাবৰ প্ৰভাৱ পৰিব বুলি সতৰ্কবাণী জাৰি কৰাৰ পাছতে ইষ্ট কোষ্ট ৰে'লৱে (ECoR) বিভাগে তেওঁলোকৰ অধীনৰ প্ৰায় ২৪ খন ৰে'লৰ যাত্ৰা বাতিল কৰিছে ।

Cyclone Gulab
Gulab ৰ বাবে কেইবাখনো ৰাজ্যত হাই এলাৰ্ট জাৰি

ইফালে অসমতো গুলাবৰ কিছু প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে । যাৰ বাবে ৰাজ্যখনত প্ৰৱল বৃষ্টিপাত হোৱাৰ আশংকা কৰা হৈছে ।

লগতে পঢ়ক : ৰামোজী ফিল্ম চিটিলৈ তেলেংগানা চৰকাৰৰ ৰাজ্যিক পৰ্যটন বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.