ETV Bharat / bharat

Cyclone Biparjoy : আমেৰিকাৰ মহাকাশচাৰীৰ কেমেৰাত বন্দী বিপৰ্যয়ৰ ছবি - astronaut Sultan Al Neyadi posted Biparjoy clips

নেয়াদীয়ে ভাৰতীয় উপকূলৰ ওচৰচাপি অহাৰ লগে লগে আৰব সাগৰৰ ওপৰত সৃষ্টি হোৱা প্ৰচণ্ড ধুমুহাৰ এটা ভিডিঅ'ও পোষ্ট কৰিছে । "মই বন্দী কৰা এই দৃশ্যবোৰত আৰব সাগৰৰ ওপৰত সৃষ্টি হোৱা ক্ৰান্তীয় ঘূৰ্ণীবতাহ চাওক । আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই কেইবাটাও প্ৰাকৃতিক পৰিঘটনাৰ ওপৰত এক অনন্য দৃষ্টিভংগী প্ৰদান কৰিছে, যিয়ে বতৰ নিৰীক্ষণত বিশ্বৰ বিশেষজ্ঞসকলক সহায় কৰিব পাৰে । সকলোৱে সুৰক্ষিত হৈ থাকক !" তেওঁ লিখিছে ।

Cyclone Biparjoy
Cyclone Biparjoy
author img

By

Published : Jun 15, 2023, 4:08 PM IST

নিউজ ডেস্ক, ১৫ জুন : বৃহস্পতিবাৰে বিপৰ্যয় ঘূৰ্ণীয়ে গুজৰাট উপকূলত তাণ্ডৱ চলোৱাৰ সম্ভাৱনীয়তাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বতেই প্ৰকাশ কৰিছে । ঘূৰ্ণীবতাহ বিপৰ্যয়ে গুজৰাটৰ জাখৌ বন্দৰৰ ওচৰত ভূমিপৃষ্ঠত আঘাত কৰাৰ পৰা মাত্ৰ কেইঘণ্টামান দূৰত থকাৰ সময়তে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ এজন মহাকাশচাৰীয়ে মহাকাশৰ পৰা অতি তীব্ৰ ঘূৰ্ণীবতাহৰ ফটো শ্বেয়াৰ কৰিছে ।

উপকূলীয় ৰাজ্যখনৰ কৰ্তৃপক্ষই গুজৰাট উপকূলৰ পৰা ২০০ কিলোমিটাৰতকৈ কম দূৰত্বত থকা ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ ভূভাগত আঘাতৰ ফলত উদ্ভৱ হ'ব পৰা জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ প্ৰচেষ্টা বৃদ্ধি কৰি তুলিছে । তাৰ মাজতে সংযুক্ত আৰৰ এমিৰেটৰ মহাকাশচাৰী চুলতান আল নেয়াদীয়ে টুইটাৰত আৰব সাগৰৰ ওপৰত ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ কেইখনমান ফটো পোষ্ট কৰিছে ।

"মোৰ আগৰ ভিডিঅ'টোত দিয়া প্ৰতিশ্ৰুতি অনুসৰি, ইয়াত আৰব সাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ কিছু ছবি আছে, যিবোৰ মই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা দুদিন ধৰি ক্লিক কৰিছিলোঁ ।" আল নেয়াদীয়ে টুইটত কয় । নেয়াদীয়ে ভাৰতীয় উপকূলৰ ওচৰচাপি অহাৰ লগে লগে আৰব সাগৰৰ ওপৰত সৃষ্টি হোৱা প্ৰচণ্ড ধুমুহাৰ এটা ভিডিঅ' পোষ্ট কৰিছিল । "মই বন্দী কৰা এই দৃশ্যবোৰত আৰব সাগৰৰ ওপৰত সৃষ্টি হোৱা ক্ৰান্তীয় ঘূৰ্ণীবতাহ চাওক । আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই কেইবাটাও প্ৰাকৃতিক পৰিঘটনাৰ ওপৰত এক অনন্য দৃষ্টিভংগী প্ৰদান কৰিছে, যিয়ে বতৰ নিৰীক্ষণত বিশ্বৰ বিশেষজ্ঞসকলক সহায় কৰিব পাৰে । সকলোৱে সুৰক্ষিত হৈ থাকক !" তেওঁ লিখিছে ।

উল্লেখ্য, গুজৰাট চৰকাৰৰ কৰ্তৃপক্ষই আগতীয়া সাৱধানতা হিচাপে উপকূলৱৰ্তী স্থানত বাস কৰা ৭৪,০০০-ৰো অধিক লোকক স্থানান্তৰিত কৰিছে আৰু উদ্ধাৰ আৰু সাহায্য ব্যৱস্থাৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা গোটবোৰ নিয়োজিত কৰিছে । আনহাতে, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা কোম্পানীসমূহৰ পৰিচালন সঞ্চালকসকলৰ এখন বৈঠকত সভাপতিত্ব কৰি ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ প্ৰস্তুতি পৰ্যালোচনা কৰে ।

আনহাতে, সতৰ্কতামূলক ব্যৱস্থা হিচাপে পশ্চিম ৰে'লৱেই বুধবাৰে আৰু কেইখনমান ৰে'লৰ পৰিচালনা বাতিল বা যাত্ৰাপথ চমু কৰাৰ কথা ঘোষণা কৰে । ৰে'লৱেৰ এজন বিষয়াই কয় যে বিপৰ্যয় ঘূৰ্ণীবতাহ গুজৰাট উপকূলৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে যাত্ৰীসকলৰ সুৰক্ষা আৰু ৰে'ল পৰিচালনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু সাতখন ৰে'ল বাতিল কৰা হৈছে, তিনিখনৰ যাত্ৰা কিছু চমু কৰা হৈছে আৰু আন চাৰিখনৰ সেৱা হ্ৰাস কৰা হৈছে ।

ইফালে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে বুধবাৰে ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰস্তুতি তদাৰক কৰিবলৈ গান্ধীনগৰত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । দমনৰ উপায়ুক্ত তথা মহকুমাধিপতিয়ে চিআৰপিচিৰ ধাৰা ১৪৪-ৰ অধীনত এক নিৰ্দেশ জাৰি কৰি উপকূলৰ ওচৰৰ সমুদ্ৰ তীৰ, প্ৰমোদ ভ্ৰমণৰ স্থান আৰু অন্যান্য স্থানত মানুহৰ চলাচল নিষিদ্ধ কৰিছে । গুজৰাটৰ কেইবাটাও উপকূলীয় অঞ্চলত বৃহস্পতিবাৰে সাগৰৰ ৰুদ্ৰ মূৰ্তি আৰু তীব্ৰবেগী বতাহৰ সাক্ষী হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Cyclone Biparjoy : আজি বিয়লি গুজৰাটত প্ৰৱেশৰ সম্ভাৱনা, বিপৰ্যয়ৰে মোকাবিলা কৰিবলৈ সাজু নৌসেনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.