ETV Bharat / bharat

Cyclone Asani : তিনিখন ৰাজ্যত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা

author img

By

Published : May 10, 2022, 5:30 PM IST

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সম্ভাৱনা প্ৰকাশ কৰিছে যে, ঘূৰ্ণী বতাহ আছানীৰ বাবে অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু পশ্চিমবংগ - এই তিনিখন ৰাজ্যত ধাৰাষাৰ বৰষুণ আৰু প্ৰৱল বতাহ হ’ব (Rain alert in three state)৷

Cyclone Asani
Cyclone Asani

নিউজ ডেস্ক, 10 মে’: ঘূৰ্ণী বতাহ আছানীৰ (Cyclone Asani in Bay of Bangal) বাবে অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু পশ্চিমবংগ - এই তিনিখন ৰাজ্যত ধাৰাষাৰ বৰষুণ আৰু প্ৰৱল বতাহ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷ তেওঁলোকে এক বিবৃতিত কৈছে যে, এই ঘূৰ্ণী বতাহ 10 মে’ৰ নিশাৰ ভিতৰত উত্তৰ-পশ্চিম দিশেৰে উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু সমীপৰ ওড়িশা উপকূলৰ পৰা বংগোপ সাগৰৰ মধ্য-পশ্চিম প্ৰান্তলৈ গতি কৰিব (Cyclone Asani to recurve in next 24 hours) ৷ ইয়াৰ পাচতে এই ঘূৰ্ণি বতাহে উত্তৰ আৰু উত্তৰ-পূৱ দিশলৈ গতি সলায় উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা উপকূলৰ পৰা উত্তৰ-পশ্চিম বংগোপ সাগৰৰ দিশলৈ গতি কৰিব ৷ অহা 24 ঘন্টাৰ ভিতৰত এই ঘূৰ্ণি বতাহৰ গতিবেগ হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে ৷

বতৰ বিজ্ঞান বিভাগে অনুমান কৰিছে যে, এই ঘূৰ্ণি বতাহৰ ফলত অন্ধ্ৰপ্ৰদেশৰ উপকূল অঞ্চলত প্ৰৱল বৰষুণ হ’ব ৷ ওড়িশা উপকূলতো এই ঘূৰ্ণি বতাহৰ ফলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ তেওঁলোকে অনুমান কৰিছে যে, বুধাবাৰে এই ঘূৰ্ণী বতাহৰ বাবে বহুকেইটা স্থানত ধাৰাষাৰ বৰষুণ হ’ব ৷ ইয়াৰ ভিতৰত অন্ধ্ৰ, ওড়িশা আৰু পশ্চিমবংগৰ উপকূলীয় বহুকেইটা অঞ্চলৰ কথা উল্লেখ কৰা হৈছে ৷

এই ঘূৰ্ণি বতাহ কেৱল পশ্চিম-মধ্য আৰু দক্ষিণ-পশ্চিম বংগোপ সাগৰৰ ওপৰেৰে ঘন্টাত 95 ৰ পৰা 105 কিলোমিটাৰ বেগত গতি কৰিছে আৰু এই গতি 115 কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু পশ্চিম-মধ্য আৰু উত্তৰ-পশ্চিম বংগোপসাগৰ দিশ পোৱালৈকে এই বতাহৰ গতি ঘন্টাত 80-90 কিলোমিটাৰ হ’ব বুলি ধাৰণা কৰা হৈছে ৷ উত্তৰ অন্ধ্ৰপ্ৰদেশ উপকূল পোৱালৈ এই বতাহৰ গতি প্ৰতি ঘন্টাত 40-50 কিলোমিটাৰ হ’ব বুলি অনুমান কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷

আছানী ঘূৰ্ণি বতাহৰ বাবে অহা 4-5 দিনলৈ তেলেংগানাতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ মাছমৰীয়াসকলক সাগৰলৈ যাবলৈ নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : Cyclone Asani: বংগোপ সাগৰত আৱদ্ধ 11 গৰাকী মাছমৰীয়াক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.