ETV Bharat / bharat

চাইবেৰাবাদ আৰক্ষীৰ জালত ইণ্ডাছ ভিভা - আৰক্ষী আয়ুক্ত ভিচি সজ্জনাৰ

হায়দৰাবাদত চেইন মাৰ্কেটিং গেং ইণ্ডাছ ভিভা আৰক্ষীৰ জালত । কোম্পানীটোৰ ২৪ জন সদস্যক গ্ৰেপ্তাৰ আৰক্ষীৰ । কোম্পানীটোৰ বেংক একাউণ্টৰ পৰা ২০ কোটি টকা জব্দ আৰক্ষীৰ । আৰক্ষীৰ মতে, গেংটোৱে ১,৫০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে ।

চাইবাৰাবাদ আৰক্ষীৰ জালত চেইন মাৰ্কেটিং গেং ইণ্ডাছ ভিভা
চাইবেৰাবাদ আৰক্ষীৰ জালত ইণ্ডাছ ভিভা
author img

By

Published : Mar 7, 2021, 11:54 AM IST

নিউজ ডেস্ক,৭ মাৰ্চ: তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত চাইবেৰাবাদ আৰক্ষীৰ জালত চেইন মাৰ্কেটিং গেং ইণ্ডাছ ভিভা । চাইবেৰাবাদ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই শনিবাৰে কেবাজনো লোকক গ্ৰেপ্তাৰ কৰে । কোম্পানীটোৱে জন সাধাৰণক প্ৰতাৰণা কৰাৰ অভিযোগত ২৪ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ প্ৰায় ১০ লাখ লোকৰ পৰা ১,৫০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে কোম্পানীটোৰ বিৰুদ্ধে । আৰক্ষীয়ে কোম্পানীটোৰ বেংক একাউণ্টৰ পৰা ২০ কোটি টকা জব্দ কৰে ।

চাইবেৰাবাদ আৰক্ষী আয়ুক্ত ভিচি সজ্জনাৰে কয় যে, গেংটোৱে অবৈধভাৱে এটা বহুজাতিক পৰ্যায়ৰ বিপণন আঁচনি চলাই আহিছিল । গ্ৰাহকসকলক সুদৰ পৰিমাণৰ হাৰ কেবাগুণ বুলি প্ৰলোভন দি জন সাধাৰণৰ পৰা ধন আত্মসাৎ কৰি চৰম প্ৰৱঞ্চনা কৰি আহিছিল । আৰক্ষীৰ মতে, কোম্পানীটোৱে আৰু কেইবাখনো ৰাজ্যত এনে কেলেংকাৰী সংঘটিত কৰি আহিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: কৰ'ণাৰ প্ৰতিষেধক ল'লে হেমা মালিনীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.