ETV Bharat / bharat

লক্ষ্ণৌত মৃত্যুৰ কিৰিলি - covid death in lucknow

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰত এনে পৰিৱেশৰ সৃষ্টি হৈছে যে মৃতকৰ সৎকাৰৰ বাবেও শাৰী পাতিব লগীয়া হৈছে আত্মীয়সকলে । শ্মশানৰ চাৰিওফালে কৰ'ণাত মৃত্যু হোৱা লোকৰ মৃতদেহ । লক্ষ্ণৌ পৌৰ নিগমে বিভিন্ন ধৰণৰ সমালোচনাৰ পিছত মৃত ব্যক্তিসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে চিতাৰ সংখ্যা বৃদ্ধি কৰিছে ।

লক্ষ্ণৌত মৃত্যুৰ কিৰিলি
লক্ষ্ণৌত মৃত্যুৰ কিৰিলি
author img

By

Published : Apr 15, 2021, 2:04 PM IST

নেশ্যনেল ডেস্ক, ১৫ এপ্ৰিল : দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণাৰ দ্বিতীয় ঢৌৱে । বহু কেইখন ৰাজ্যত সান্ধ্য আইন জাৰি কৰিছে । কোনো কোনো অঞ্চলত কৰ'ণাই বিগত বছৰৰ দৰে পুনৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে । আনকি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰত এনে পৰিৱেশৰ সৃষ্টি হৈছে যে মৃতকৰ সৎকাৰৰ বাবেও শাৰী পাতিব লগীয়া হৈছে আত্মীয়সকলে । শ্মশানৰ চাৰিওফালে কৰ'ণাত মৃত্যু হোৱা লোকৰ মৃতদেহ ।

বুধবাৰে চহৰখনত নিশা চাৰিওফালে মৃতকৰ চিতা জ্বলি থকা দৃশ্যই একপ্ৰকাৰ চিন্তিত কৰিছে ৰাজ্যবাসীক । ইতিমধ্যে লক্ষ্ণৌ পৌৰ নিগমে বিভিন্ন ধৰণৰ সমালোচনাৰ পিছত মৃত ব্যক্তিসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে চিতাৰ সংখ্যা বৃদ্ধি কৰিছে ।

ক'ভিড আক্ৰান্তৰ লগতে আন মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে শ্মশান কৰ্তৃপক্ষই অতিৰিক্তকৈ কাঠ আনিছে । এক সূত্ৰই দাবী কৰা মতে বুধবাৰে ৰাজ্যৰ ৰাজধানী চহৰত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে কিন্তু বৈকুণ্ঠ ধাম শ্মশানত কাম কৰা এগৰাকী লোকৰ মতে বুধবাৰে ৪৬ টা মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে । আনকি যোৱা ছয় বছৰত একেলগে ইমানবোৰ মৃতদেহ দেখা নাছিল বুলিও মন্তব্য কৰে লোকজনে ।

চৰকাৰী তথ্য অনুসৰি যোৱা এসপ্তাহত ক'ভিডৰ ফলত ১২৪ গৰাকী লোকৰ মৃত্যু হৈছে কিন্তু দুখন শ্মশানৰ শ্ৰমিকে দাবী কৰা মতে তেওঁলোকে এই সময়ছোৱাত প্ৰায় ৪০০ টা মৃতদেহ সৎকাৰ কৰিছিল যাৰ অৰ্থ হৈছে যে ২৭৬ জন লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই ।

এগৰাকী জ্যেষ্ঠ বিষয়াই কোৱা মতে লক্ষ্ণৌত যথেষ্ট সংখ্যক মৃতদেহ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছে, কাষৰীয়া জিলাসমূহৰ পৰাও মৃতদেহ আহি আছে । আনকি কিছুমান এনে ঘটনাও আছে য'ত ঘৰত মানুহৰ মৃত্যু হৈছে কিন্তু পৰিয়ালে কোনো খবৰ দিয়া নাই প্ৰশাসনক ।

উপ-মুখ্যমন্ত্ৰী দিনেশ শৰ্মাই কোৱা মতে মৃত্যুৰ তথ্যত সেইসকল লোক অন্তৰ্ভুক্ত আছে যিসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বা মুখ্য চিকিৎসা বিষয়াৰ (চিএমঅ') ওচৰত পঞ্জীয়ন কৰা হৈছিল । এনে বহুতো ঘটনা আছে য'ত মানুহে মৃতেদহ আন জিলাৰ পৰা আনে আৰু পোনপটীয়াকৈ শ্মশানলৈ লৈ যায় ।

লগতে পঢ়ক:আজি বাংগালুৰুৰ প্ৰযুক্তিৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিব ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.