ETV Bharat / bharat

আদালতত মুখ থেকেচা : আৰিয়ান খানসহ তিনিজনক NCB জিম্মালৈ প্ৰেৰণ

জামিন নাপালে কিং খানৰ পুত্ৰ আৰিয়ানে ৷ ড্ৰাগছৰ গোচৰত NCB জিম্মালৈ প্ৰেৰণ আৰিয়ান খানসহ তিনিজনক ৷ কি আছিল এই ড্ৰাগছৰ গোচৰ ? কি হৈছিল কৰ্ডেলিয়া ক্ৰুইজত ? সবিশেষ পঢ়ক...

author img

By

Published : Oct 4, 2021, 9:34 PM IST

Cruise Drug Case
Cruise Drug Case

নিউজ ডেস্ক, 4 অক্টোবৰ : বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানসহ তিনিজনক NCB জিম্মালৈ প্ৰেৰণ ৷ 7 অক্টোবৰ পৰ্যন্ত NCB ৰ জিম্মাত কটাব লাগিব কিং খানৰ পুত্ৰ আৰু সহযোগীয়ে ৷ ড্ৰাগছ সেৱনৰ গোচৰত আৰিয়ানৰ সৈতে আটক গ্ৰেপ্তাৰ হোৱা আন দুগৰাকী হৈছে ক্ৰমে আৰবাজ শেঠ মাৰ্চেন্ট আৰু মুনমুন ধামেচা ৷ সোমবাৰে মুম্বাইত আদালতত হাজিৰ কৰোৱা হৈছিল তিনিওকে ৷ আদালতৰ শুনানি গ্ৰহণৰ পাচ তিনিওকে নিজৰ নিম্মাত লয় নাৰ্কটিকচ কন্ট্ৰ’ল ব্যুৰ’ৱে ৷

তিনিওৰে বিৰুদ্ধে ৰুজু হোৱা গোচৰ :

NCB য়ে মুম্বাইৰ পৰা গোৱা অভিমুখী এখন ক্ৰুইজত নিশা চলোৱা অভিযানত জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছজাতীয় সামগ্ৰী ৷ তিনিগৰাকী মহিলাসহ মুঠ 13 জনক আটক কৰা হৈছিল এই অভিযানত ৷ আটকাধীন সকলৰ মাজত আছিল বলীউড চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ৷ গোৱা অভিমুখী বিশেষ জাহাজখনত ড্ৰাগছৰ এটা অভিজাত পাৰ্টী চলাৰ তথ্য লাভ কৰি NCB ৰ বিষয়াই যাত্ৰীৰ ৰূপত অভিযান জাহাজখনত যাত্ৰা কৰিছিল ৷ যাত্ৰাকালতেই এই সফল অভিযান চলাই দলটোৱে ৷

কৰ্ডেলিয়া ক্ৰুইজত পুনৰ তালাচী অভিযান :

নাৰ্কটিকচ কন্ট্ৰ’ল ব্যুৰ’ৱে সোমবাৰে পুৱা পুনৰ মুম্বাই অভিমুখী কৰ্ডেলিয়া ক্ৰুইজত এক অভিযান চলায় ৷ সোমবাৰৰ অভিযান কালতো বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয় বুলি NCB ৰ সূত্ৰই জানিবলৈ দিছে ৷ এই ঘটনাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আন ছগৰাকীক গ্ৰেপ্তাৰ কৰিছে NCB য়ে ৷ জাহাজখনৰ ওপৰৰ ডেক আৰু কোঠাৰ পৰা ড্ৰাগছ খিনি জব্দ কৰা হৈছে ৷

কৰ্ডেলিয়া ক্ৰুইজত দেওবাৰে চলোৱা অভিযানৰ সময়ত আটক হৈছিল আৰিয়ান খানসহ আন 7 জন ৷ NCB য়ে জানিবলৈ দিয়া মতে জাহাজখন দুদিন পাচত চহৰখনলৈ উভতি আহিছিল ৷ তেতিয়াই NCB ৰ এটা দলে বন্দৰত উপস্থিত হৈ তালাচী অভিযান চলায় ৷

কোম্পানীৰ ভাষ্য কি আছিল ?

সমীৰ ৱানখেদেৰ নেতৃত্বত এটা দলে কৰ্ডেলিয়া ক্ৰুইজত শনিবাৰে বিয়লি এই অভিযান চলাইছিল ৷ অভিযানকালত কিছু সংখ্যক যাত্ৰীৰ পৰা ড্ৰাগছ জব্দ কৰিছিল ৷ আৰক্ষীয়ে 13 গ্ৰাম কোকেইন, 5 গ্ৰাম মেফ’ড্ৰণ, 21 গ্ৰাম হেচিছ, 22 টা এক্সটেছী টেবলেট আৰু 1.33 লাখ নগদ ধন জব্দ কৰে ৷ ক্ৰুইজ কোম্পানীয়ে এই সন্দৰ্ভত তেওঁলোকৰ কৰণীয় একো নাই বুলি মন্তব্য কৰিছে ৷

‘‘কৰ্ডেলিয়া ক্ৰুইজৰ এই ঘটনাৰ সৈতে কোনো প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক নাই ৷ কৰ্ডেলিয়া ক্ৰুইজে এই জাহাজখন দিল্লীস্থিত এটা ইভেন্ট মেনেজমেন্ট কোম্পেনীক কোনো ব্যক্তিগত অনুষ্ঠানৰ বাবে লীজত দিছিল ৷’’ এই মন্তব্য কৰিছে Waterways Leisure Tourism Pvt ৰ মুৰব্বী জুৰগেন বেলমে ৷

লগতে পঢ়ক : পুত্ৰ আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাচতে শ্বাহৰুখ খানলৈ সমৰ্থন বলীউড তাৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.