ETV Bharat / bharat

বল বুলি ভাৱি খেলিবলৈ গৈ বোমা বিস্ফোৰণত নাবালিকাৰ মৃত্যু - নন্দীগ্ৰামত বোমা বিস্ফোৰণ

পশ্চিমবংগত বোমা বিস্ফোৰণত নাবালিকাৰ মৃত্যু ৷ বল বুলি ভাৱি বোমাৰ সৈতে খেলিবলৈ গৈ নাবালিকাগৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ ওচৰতে থকা এটা পৰিত্যক্ত ঘৰত পলিথিনত ৰাখি থোৱা অৱস্থাত পোৱা অশোধিত বোমাক বল বুলি ভাৱি খেলিবলৈ বুলি বুটলি লৈছিল তিনি শিশুয়ে ৷ পিছত পলিথিনৰ বেগটো মাটিত পৰি বিস্ফোৰণ ঘটাত এগৰাকী নাবালিকাৰ মৃত্যু হোৱাৰ লগতে আহত হয় অন্য দুটি শিশু ৷

crude bomb explosion kills minor girl in nandigram
পশ্চিমবংগত বোমা বিস্ফোৰণত নাবালিকাৰ মৃত্যু
author img

By

Published : Sep 18, 2021, 5:50 PM IST

নেশ্যনেল ডেস্ক , 18 ছেপ্তেম্বৰ : বল বুলি ভাৱি খেলিবলৈ গৈ অশোধিত বোমা বিস্ফোৰণ(crude bomb explosion)ত কৰুণ মৃত্যুক সাৱটিলে পশ্চিমবংগৰ এগৰাকী নাবালিকাই ৷ পশ্চিমবংগৰ পূব মিন্দাপুৰ জিলাত শুকুৰবাৰে সংঘটিত এই বোমা বিস্ফোৰণত এগৰাকী নাবালিকাৰ মৃত্যু হোৱাৰ লগতে অন্য দুটি শিশু আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

নাবালিকাগৰাকীয়ে বল বুলি ভাবি বোমাৰ সৈতে খেলি থাকোতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷ ঘটনাৰ ফলত অন্য দুটি শিশু আঘাতপ্ৰাপ্ত হোৱাত তেওঁলোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে, শুকুৰবাৰে সন্ধিয়া তিনিওটা শিশুৱে খেলিবলৈ ওচৰতে থকা এটা পৰিত্যক্ত ঘৰলৈ গৈছিল ৷ পলিথিনত ৰাখি থোৱা অশোধিত বোমাকেইটা পাই শিশুকেইটিয়ে বল বুলি ভাৱি বুটলি লৈছিল ৷ হঠাৎ সিঁহতৰ হাতৰ পৰা বোমা থকা পলিথিনটো পৰি যোৱাত বিস্ফোৰণ ঘটে ৷

বিস্ফোৰণৰ শব্দই সমগ্ৰ অঞ্চলটোকে কঁপাই তুলিছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷ বিস্ফোৰণৰ শব্দ শুনি স্থানীয় লোকসকল ততালিকে ঘটনাস্থলীলৈ দৌৰি যায় আৰু তেজেৰে তুমৰলি হৈ থকা অৱস্থাত শিশুকেইটিক উদ্ধাৰ কৰে ৷ নন্দীগ্ৰাম খণ্ড-১ৰ অন্তৰ্গত কালিচৰণপুৰৰ ৯ নং গাওঁ পঞ্চায়তৰ জাদুবাৰীচক গাঁৱত এই ঘটনাটো সংঘটিত হয় ৷

সম্প্ৰতি নন্দীগ্ৰাম আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত কোনো তথ্য প্ৰকাশ কৰা নাই ৷ অনাকাংক্ষিত ঘটনাটোৱে অঞ্চলবাসীক শোকস্তব্ধ কৰি তুলিছে ৷ কোনে এনেদৰে বোমা ৰাখি থৈছিল, সেই প্ৰশ্নইও অঞ্চলবাসী ৰাইজৰ মনত খুন্দিয়াইছে ৷

লগতে পঢ়ক : বেংগালুৰুত শোকাৱহ ঘটনা : একেটা পৰিয়ালৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.