ETV Bharat / bharat

Brutal Murder: দলবদ্ধ আক্ৰমণ কৰি CRPF জোৱাক নৃশংসভাৱে হত্যা

author img

By

Published : Dec 26, 2022, 10:23 PM IST

গুজৰাটৰ খেড়া জিলাত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড ৷ এগৰাকী চি আৰ পি এফ জোৱানক দলবদ্ধ আক্ৰমণ কৰি হত্যা একাংশ উন্মত্তলোকৰ ৷ জীয়াৰীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰা লম্পটৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল জোৱানগৰাকী ৷ যাৰ বাবে সংঘটিত হ’ল এই হত্যাকাণ্ড ৷

Brutal Murder
দলবদ্ধ আক্ৰমণ কৰি CRPF জোৱাক নৃশংসভাৱে হত্যা

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ: এগৰাকী বি এছ এফ জোৱনৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে গুজৰাটৰ খেড়া জিলা(Gujrat Kheda district murder) ৷ একাংশ লোকৰ দলবদ্ধ আক্ৰমণত মৃত্যু হয় বি এছ এফ জোৱানগৰাকীৰ ৷ যি ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ(CFPF Jawan murder in Kheda district) ৷

উল্লেখ্য যে, খেড়া জিলাৰ মেলজীভাই নামৰ এগৰাকী বি এফ জোৱানৰ জীয়াৰীৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰি ভাইৰেল কৰিছিল এটা লম্পটে ৷ ইয়াৰ পিছতেই সুনীল দিনেশভাই যাদৱ নামৰ পাষণ্ডৰটোৰ ঘৰলৈ গৈ ভিডিঅ’ ভাইৰেল কৰা সন্দৰ্ভত তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল চি আৰ পি এফ জোৱানগৰাকী ৷ কিন্তু সেই সময়ত মূল অভিযুক্ত নীল দিনেশভাই যাদৱ উপস্থিত নাছিল যদিও পিতৃ-মাতৃসহ ঘৰৰ 7জন সদস্য লগ লাগি দলবদ্ধ ভাৱে আক্ৰমণ কৰে চি আৰ পি এফ জোৱান মেলজীভাই(CRPF Jawan allegedly killed) ৷

এই আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে, ঘটনাস্থলীত মৃত্যু হয় জোৱানগৰাকীৰ(CFPF Jawan brutally killed) ৷ উল্লেখ্য যে, মেলজীভাই নামৰ জোৱানগৰাকীক হত্যা কৰা হৈছিল তেওঁৰ পত্নী আৰু পুত্ৰৰ সন্মুখতে ৷ কাৰণ সেই সময়ত ঘটনাস্থলীত উপস্থিত মেলজীভাইৰ পত্নী আৰু পুত্ৰ ৷ ইফালে, এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে মৃত জোৱানগৰাকীৰ পুত্ৰ ৷

লগতে পঢ়ক: Stray dog bite girl in Jaipur : কুকুৰৰ আক্ৰমণত হাঁওফাঁও ছিঙিল 5 বছৰীয়া কণমানিৰ

এই হত্যাকাণ্ডৰ ঘটনাক লৈ এতিয়া জিলাখনত অব্যাহত আছে চাঞ্চল্য ৷ তথ্য অনুসৰি গুজৰাটৰ খেড়া জিলাত দৈনিক বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ আনহাতে এই হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত(Police started investigation) ৷ বিগত 28বছৰে মেলজীভাই কৰ্মৰত হৈ আছিল চি আৰ পি এফ জোৱান হিচাপে ৷

জোৱানগৰাকীৰ এই অকাল মৃত্যুত এতিয়া জিলাখনত পৰিছে শোকৰ ছাঁ ৷ লগতে জোৱানগৰাকীৰ পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 7 আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷ লগতে আৰক্ষীয়ে আশংকা প্ৰকাশ কৰিছে যে, হয়তু মৃত জোৱান মেলজীভাইৰ জীয়াৰীৰ মূল অভিযুক্ত সুনীল দিনেশভাই যাদৱৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক ৷ সেয়া যি কি নহওক, আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷

লগতে পঢ়ক: Bhojpuri Film Actress Viral Video : নিৰ্বাচনী প্ৰচাৰৰ পৰা পলাল ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিং !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.