ETV Bharat / bharat

জোৱানসকলৰ পৰিয়ালৰ সৱলীকৰণৰ উদ্দেশ্যে চি আৰ পি এফ আৰু আই আই এমৰ চুক্তি স্বাক্ষৰ - পুংখানুপুংখভাৱে গৱেষণা কৰাৰ পাচত অৰ্থপূৰ্ণ প্ৰস্তাৱ ৰাখিবলৈ প্ৰচেষ্টা কৰিব

চি আৰ পি এফৰ শীৰ্ষ বিষয়া ড০ এ পি মহেশ্বৰী আৰু আই আই এমৰ সঞ্চালিকা প্ৰফেচৰ অৰ্চনা শুক্লাই চি আৰ পি এফ জোৱানসকলৰ পৰিয়ালৰ সৱলীকৰণৰ উদ্দেশ্যে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ।

জোৱানসকলৰ পৰিয়ালৰ সৱলীকৰণৰ উদ্দেশ্যে চি আৰ পি এফ আৰু আই আই এমৰ চুক্তি স্বাক্ষৰ

author img

By

Published : Jan 31, 2021, 12:16 PM IST

নিউজ ডেস্ক, ৩১ জানুৱাৰী: কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ ফৰ্চ চমুকৈ চি আৰ পি এফে তেওঁলোকৰ পৰিয়ালৰ সৱলীকৰণৰ উদ্দেশ্যে লক্ষ্নৌৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান চমুকৈ আই আই এমৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে । চি আৰ পি এফৰ শীৰ্ষ বিষয়া ড০ এ পি মহেশ্বৰী আৰু আই আই এমৰ সঞ্চালিকা প্ৰফেচৰ অৰ্চনা শুক্লাই এই চুক্তি স্বাক্ষৰ কৰে ।

জোৱানসকলৰ পৰিয়ালৰ সৱলীকৰণৰ বাবে এক পাইলট যোঁজনা গ্ৰহণ কৰা হয় । এই যোঁজনাৰ অধীনত সৱলীকৰণ কৰাৰ উদ্দেশ্যে এক ৰণনীতি প্ৰস্তুত কৰা হ'ব । ইফালে ড০ এ পি মহেশ্বৰীয়ে আই আই এমৰ এই অংশীদাৰিত্বক ধন্যবাদ জ্ঞাপন কৰি এই যৌথ প্ৰচেষ্টাই দেশ মাতৃৰ সুৰক্ষাৰ স্বাৰ্থত জোৱানসকল তেওঁলোকৰ পৰিয়ালৰ পৰা আঁতৰি থকাৰ পাচতো দেশৰ সুৰক্ষাৰ বাবে কাম কৰি যাবলৈ এয়া এক বৃহৎ সকাহ বুলি মত ব্যক্ত কৰে ।

ইয়াৰোপৰি চি আৰ পি এফৰ এই অংশীদাৰিত্বৰ বাবে অৰ্চনা শুক্লাইও ধন্যবাদ জ্ঞাপন কৰি আই আই এমে পুংখানুপুংখভাৱে গৱেষণা কৰাৰ পাচত অৰ্থপূৰ্ণ প্ৰস্তাৱ ৰাখিবলৈ প্ৰচেষ্টা কৰিব বুলি আশ্বাস প্ৰদান কৰে । চি আৰ পি এফ দেশৰ সৰ্ববৃহৎ সামৰিক বাহিনী । এই বাহিনীটোৱে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ লগতে নানা অভিযান চলাই দেশৰ সুৰক্ষা নিশ্চিতি প্ৰদান কৰি আহিছে বুলিও কয় সঞ্চালিকাগৰাকীয়ে ।

চি আৰ পি এফ আৰু আই আই এমৰ এই অংশীদাৰিত্বৰ ফলত জোৱানসকলে বিশেষজ্ঞ গৱেষকসকলৰ পৰামৰ্শ লাভ কৰিব পাৰিব আৰু ই বিস্তৃতভাৱে সৱলীকৰণ যোঁজনা প্ৰস্তুত কৰাত সহায় কৰিব ।

লগতে পঢ়ক:কৃষক বিদ্ৰোহৰ সৰ্ন্দভত সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবীঃ EIG ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.