ETV Bharat / bharat

Triple Murder in Vaishali: বিহাৰৰ বৈশালীত ট্ৰিপল মাৰ্ডাৰ; মাতৃসহ দুই কন্যাক হত্যা-অচেতন অৱস্থাত উদ্ধাৰ স্বামীক - মাতৃসহ দুই কন্যাক হত্যা

বৈশালীত একেদিনাই তিনিটা হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে । য'ত মাতৃ আৰু দুগৰাকী কন্যাই প্ৰাণ হেৰুৱাইছে । উক্ত ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকীৰ স্বামী । এই ঘটনাক কেন্দ্ৰ কৰি কাজীপুৰ আৰক্ষী থানা অন্তৰ্গত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ।

mother and daughter killed in vaishali
মাতৃসহ দুই কন্যাক হত্যা; অচেতন অৱস্থাত উদ্ধাৰ স্বামীক
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 10:28 PM IST

নেশ্যনেল ডেস্ক,৩০ আগষ্ট: বিহাৰৰ বৈশালীৰ নৱসৃজিৰ কাজীপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চান্দি গাঁৱৰ এটা বাসগৃহত এগৰাকী মহিলা আৰু তেওঁৰ দুগৰাকী কন্যাক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । ইফালে মহিলাগৰাকীৰ স্বামীক অচেতন অৱস্থাত উদ্ধাৰ কৰি সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

আৰক্ষী তথা স্থানীয় লোকে মহিলাগৰাকীৰ স্বামীক তীক্ষ্ণ অস্ত্ৰৰে আঘাত কৰা হৈছে বুলি সন্দেহ কৰিছে যদিও মহিলাগৰাকীৰ স্বামীৰ জ্ঞান ঘূৰি অহাৰ পিছতহে ঘটনাটোৰ সঠিক কাৰণ পোহৰলৈ আহিব । আৰক্ষীয়ে বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

জানিবপৰামতে যে বুধবাৰে পুৱাৰভাগত লালবাবু সিঙৰ পত্নী আশা দেৱী, জ্যেষ্ঠ কন্যা কশীশ আৰু কণিষ্ঠ কন্যা নন্দিনীৰ মৃতদেহ ঘৰৰ হলত বিচনাত তেজৰে লুতুৰি-পুতুৰি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় । একে সময়তে লালবাবু সিঙক বিচনাৰ তলত অচেতন অৱস্থাত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।

ঘটনা সন্দৰ্ভত খবৰ পোৱা মাত্ৰকে, সদৰৰ SDPO ওম প্ৰকাশৰ নেতৃত্বত এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ তিনিটা উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । SDPO গৰাকীয়ে জনোৱা অনুসৰি হত্যাত ব্যৱহৃত গদাটো ইতিমধ্যে জব্দ কৰা হৈছে । লগতে তেওঁ জনাই যে মহিলাগৰাকীৰ স্বামী অৰ্থাৎ লালবাবু সিং এজন গাড়ী চালক আৰু তেওঁ এজন ড্ৰাগআসক্ত ।

সেয়েহে লালবাবুৱেই তেওঁৰ পত্নী আৰু দুই কন্যাক হত্যা কৰাৰ সন্দেহ কৰা হৈছে বুলি SDPO গৰাকীয়ে জানিবলৈ দিয়ে । লালবাবু বৰ্তমান আৰক্ষীৰ জিম্মাত চিকিৎসাধীন হৈ আছে । ঘটনাটোৰ ঘটনাটো কেনেকৈ সংঘটিত হ'ল সেয়া লালবাবুৱে জ্ঞান ঘূৰাই পোৱাৰ পিছতহে প্ৰকাশ কৰিব পাৰিব যদিও, এই হত্যাকাণ্ডৰ কাৰণ ঘৰুৱা বিবাদ হ'ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক: Agriculture revolution: গোমধানৰ খেতি কৰি আঢ়ৈ লাখ টকা উপাৰ্জনৰ লক্ষ্য বকলীয়াঘাটৰ দুই আদৰ্শ খেতিয়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.