ETV Bharat / bharat

Mainpuri murder case : লোমহৰ্ষক, প্ৰথমে ৫ জনক হত্যা আৰু পাছত আত্মহত্যা !

মৈনপুৰী জিলাত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে । ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে ৬ টা মৃতদেহ । এজন যুৱকে ৫ জন লোকক হত্যা কৰি আত্মহত্যা কৰাৰ অভিযোগ উঠিছে ।

author img

By

Published : Jun 24, 2023, 1:50 PM IST

Mainpuri murder case
মৈনপুৰীত নৃশংস হত্যাকাণ্ড

নেশ্যনেল ডেস্ক,২৪ জুন : উত্তৰ প্ৰদেশৰ মৈনপুৰী জিলাত ভয়ংকৰ ঘটনা । ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে ৬ জন লোকৰ মৃতদেহ । আৰক্ষীয়ে সন্দেহ কৰা মতে পৰিয়ালৰে এজনে প্ৰথমে ৫ জন সদস্যক হত্যা কৰিছে আৰু পাছত আত্মহত্যা কৰিছে । ঘটনাটো কিষাণী আৰক্ষী থানাৰ অন্তৰ্গত গোকুলপুৰ গাঁৱৰ । সমগ্ৰ ঘটনাটোক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

অভিযোগ অনুসৰি শিৱবীৰ যাদৱে পৰিয়ালটোৰ ৫ গৰাকী লোকক হত্যা কৰে আৰু পাছত আত্মহত্যা কৰে । আৰক্ষীয়ে সন্দেহ কৰা মতে শিৱবীৰে তেওঁৰ তিনি ভাতৃ, নৱবিবাহিত ভাতৃৰ পত্নী আৰু এজন বন্ধুক হত্যা কৰে । শিৱবীৰে তেওঁৰ পত্নী আৰু মামীয়েককো আক্ৰমণ কৰে । গুৰুতৰভাৱে আহত দুয়োগৰাকীকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

জানিব পৰা মতে শিৱবীৰ যাদৱৰ ভাতৃ চনুৰ বিয়া আছিল । ইটাৱাৰ চৌবিয়া অঞ্চলৰ গংগাপুৰ গাঁৱৰ পৰা নতুন বোৱাৰীক লৈ ঘৰলৈ উভতি আহিছিল পৰিয়ালটো । নতুন বোৱাৰীক ঘৰলৈ অনাৰ পাছতে ঘৰখনত আনন্দমুখৰ পৰিৱেশ আছিল ।

শুকুৰবাৰে নিশা সকলোৱে ডিজে বজাই নাচি আছিল । সকলোৱে নিশা নাচিবাগি আনন্দ উল্লাহ কৰি আহাৰ গ্ৰহণ কৰিছিল । তাৰ পাছতে সকলোৱে শুই আছিল । অভিযোগ অনুসৰি নিশা শিৱবীৰে ঠাণ্ডা পানীয়ত নিচাজাতীয় দ্ৰব্য মিহলি কৰি দিছিল আৰু সকলোকে খুৱাইছিল । তেওঁলোক সকলো অজ্ঞান হৈ পৰাৰ পাছত শিৱবীৰে চোকা সঁজুলিৰে পৰিয়ালৰ লোক লগতে তেওঁৰ এজন বন্ধুক হত্যা কৰে ।

ইফালে এই ঘটনাৰ খবৰ পোৱাৰ পাছতে পুৱাই ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হয় । তেওঁলোকে মৃতদেহবোৰ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আনহাতে আহত শিৱবীৰৰ পত্নী আৰু মামীয়েককো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আৰক্ষীয়ে ঘটনা তদন্ত অব্যাহত ৰাখিছে । পৰিয়ালৰ আন আন সদস্যসকলকো আৰক্ষীয়ে সোধাপোছা কৰিছে । কিন্তু শিৱবীৰে কিয় এনে কাণ্ড কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত ।

লগতে পঢ়ক :Domestic violence: নামাজ পঢ়ি থাকোঁতে শাহুৱেকক আক্ৰমণ বোৱাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.