ETV Bharat / bharat

Meerut electrocution case : ধৰ্মীয় শোভাযাত্ৰাত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ ৫ ভক্তৰ মৃত্যু - death of kanwariyas in meerut

নিশা একাংশ ভক্তই শোভাযাত্ৰা উলিয়াইছিল । শোভাযাত্ৰাত থকা ডিজে বাহনখন উচ্চ প্ৰাবল্যৰ বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহে । ঘটনাত ৫ গৰাকী ভক্তই কৰুণ মৃত্যুক আঁকোৱালি লয় । ঘটনা সম্পৰ্কে প্ৰশাসন আৰু বিদ্যুৎ বিভাগে পৃথকে তদন্ত আৰম্ভ কৰিছে ।

Meerut electrocution case
ধৰ্মীয় শোভাযাত্ৰাত অঘটন
author img

By

Published : Jul 16, 2023, 2:11 PM IST

নেশ্যনেল ডেস্ক,১৬ জুলাই : উত্তৰ প্ৰদেশৰ মীৰাটত শোকাৱহ দুৰ্ঘটনা । এক শোভাযাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ৫ গৰাকী ভক্তৰ মৃত্যু । ঘটনা সন্দৰ্ভত মণ্ডল আয়ুক্তই উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে ।

জানিব পৰা মতে শনিবাৰে ভৱনপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত এক ধৰ্মীয় শোভাযাত্ৰাৰ (কানৱাৰ যাত্ৰা) আয়োজন কৰা হৈছিল । সেই সময়ত ভক্তসকলে ডিজেৰ সংগীতত নাচি আছিল । কিন্তু হঠাৎ একাংশ ভক্ত ডিজেৰ উচ্চ প্ৰাবল্যৰ বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহে । ফলত ১০ গৰাকী ভক্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । অৱশ্যে তাৰ মাজৰ ৫ গৰাকীৰ মৃত্যু হয় । বাকীসকলৰ চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে । ভয়ংকৰ দুৰ্ঘটনাটোৰ পাছতে এডিজি ৰাজীৱ সভৰৱাল, মীৰাট মণ্ডলৰ আয়ুক্ত আৰু আইজি চিকিৎসালয়ত উপস্থিত হয় আৰু আহতসকলৰ স্বাস্থ্যৰ বুজ লয় ।

মীৰাট মণ্ডল আয়ুক্ত চেলভা কুমাৰী জেয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সমগ্ৰ বিষয়টোত এক উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হৈছে । জিলা প্ৰশাসন আৰু পশ্চিমাঞ্চল বিদ্যুৎ বিতৰণ নিগম লিমিটেডকো বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।

বিদ্যুৎ বিতৰণ নিগম লিমিটেড কৰ্তৃপক্ষই জনোৱা মতে ডিজেৰ বাহনখনে উচ্চ প্ৰাবল্যৰ তাঁৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় । তেওঁ জনোৱা মতে এই ঘটনাৰ বিভাগীয় তদন্ত চলি আছে । তদন্তৰ প্ৰতিবেদন অহাৰ পাছত নিয়ম অনুসৰি যি দোষী তেওঁ শাস্তি পাব বুলিও প্ৰতিশ্ৰুতি দিয়ে বিষয়াগৰাকীয়ে । একে সময়তে, এই দুৰ্ঘটনাটোৰ বাবে ৰালি গাঁৱত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে । গাঁওখনৰ ৰাইজে আৰক্ষী আৰু প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । আনহাতে ৰাইজে দুৰ্ঘটনাটোৰ বাবে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলক দোষাৰোপ কৰিছে ।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাছতে সমাজবাদী পাৰ্টিৰ জিলা সভাপতি বিপিন চৌধুৰীও সেই স্থানত উপস্থিত হয় । সেই সময়ত নেতাগৰাকী ৰাইজৰ ৰোষত পৰিবলগীয়া হয় । ৰাইজৰ মতে ৰাজনীতি কৰিবলৈ নেতাগৰাকী তালৈ গৈছিল । অৱশ্যে নেতাগৰাকীয়ে কয় যে তেওঁৰ ঘৰ কাষৰ ৰাজপুৰা গাঁৱত । তেওঁ ভুক্তভোগী লোকসকলৰ খবৰ লোৱাৰ লগতে গাঁওখনৰ ৰাইজক সমৰ্থনৰ বাবেহে তালৈ গৈছিল । ইফালে সমাজবাদী পাৰ্টিয়ে এই দুৰ্ঘটনাটোৰ দোষীক উচিত শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈও আহ্বান জনাইছে ।

লগতে পঢ়ক :Woman pilgrim struck dead by shooting stones: অমৰনাথত শিল খহি মৃত্যু মহিলা তীৰ্থযাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.