নেশ্যনেল ডেস্ক, 4 আগষ্ট: পদপথৰ প্ৰেমিকৰ দুৰৱস্থা ৷ যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দি চৰ, ঘোচা, চেণ্ডেলৰ প্ৰহাৰেৰে লাভ কৰিলে প্ৰত্যুত্তৰ ৷ উত্তৰ প্ৰদেশৰ কমলা নগৰ নামৰ ঠাইত এগৰাকী যুৱকক যুৱতী জোকোৱাৰ বাবে পথৰ মাজতে এজন যুৱকক লপা থপা সোধাই দুই যুৱতীয়ে ৷ এই সমগ্ৰ ঘটনা বন্দী হৈছিল কোনো লোকৰ ফোনৰ কেমেৰাত ৷ তাৰ পিচতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’টো ৷
জানিব পৰামতে দুগৰাকী যুৱতীক প্ৰতিদিনে এজন যুৱকে অনুসৰণ কৰি জোকাইছিল ৷ মাজে মধ্যে প্ৰেমৰ প্ৰস্তাৱো আহবঢ়াইছিল ৷ এই ব্যৱহাৰে অতিষ্ঠ কৰিছিল যুৱতী দুগৰাকীক ৷ যুৱতী দুগৰাকীয়ে ইয়াৰ পূৰ্বে বহুবাৰ যুৱকজনক বুজনি দিছিল যদিও যুৱকজনে নিজৰ কুকৰ্ম কৰিবলৈ এৰা নাছিল ৷
শুকুৰবাৰেও যুৱতী দুগৰাকীয়ে ঘৰৰ পৰা ওলাই অহাত যুৱকজনে প্ৰতিদিনৰ দৰেই অশালীন মন্তব্যৰে জোকাইছিল যুৱতী দুগৰাকীক ৷ যুৱকজনৰ এই আচৰণে সীমা অতিক্ৰম কৰাত যুৱকজনক শিক্ষা দিয়াৰ সিদ্ধান্ত লৈ পুৱাই পথৰ মাজতে যুৱকজনক ধৰি লৈ আহে দুয়োগৰাকী যুৱতীয়ে ৷ তাৰ পিচতে যুৱতী দুগৰাকীয়ে যুৱকজনক গালি শপনি দিয়াৰ লগতে, চৰ সোধোৱাৰ লগতে চেণ্ডেল খুলি প্ৰহাৰ কৰে ৷ এই সমগ্ৰ ঘটনা পথচাৰীয়ে প্ৰত্যক্ষ কৰি ফোনত ৰেকৰ্ড কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰি দিয়ে ৷ এই ভিডিঅ’ত যুৱতী দুগৰাকীৰ সাহসক সকলোৱে শলাগ লয় ৷ যুৱতী দুগৰাকীৰ সাহসিকতাত সকলোৱে প্ৰশংসাৰে উপচাই পেলাই ৷
জানিব পৰামতে যুৱকজনৰ ঘৰ কমলা নগৰতে ৷ এই ভিডিঅ’টো আৰক্ষীৰ ওচৰ পোৱাৰ লগে লগে আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ভিডিঅ’টোত থকা যুৱতী দুগৰাকীৰ সৈতেও সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছে ৷ কমলা নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন গৌতমে আৰক্ষীয়ে এই বিষয়ত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে ৷ এই ঘটনাৰ পূৰ্বেও এনেদৰেই কেইগৰাকীমান যুৱতীয়ে এজন যুৱকক অশালীন ব্যৱহাৰ কৰাৰ বাবে এনেদৰে প্ৰহাৰ কৰি শিকনি দিছিল ৷