ETV Bharat / bharat

Child dies by eating birthday cake: শ্বাসনলীত জন্মদিনৰ কেক লাগি ধৰি শিশুৰ মৃত্যু - অকাল মৃত্যু

এটা কেকেই কাল মাতিলে এটা পৰিয়াললৈ ৷ জন্মদিনৰ কেক শ্বাসনলীত লাগি ধৰাৰ ফলত এটি শিশুৱে অকাল মৃত্যুক সাৱটি লয় ৷

Child dies after birthday cake gets stuck in windpipe
শ্বাসনলীত জন্মদিনৰ কেক লাগি ধৰি শিশুৰ মৃত্যু
author img

By

Published : Aug 17, 2023, 8:22 PM IST

নেশ্যনেল ডেস্ক, 17 আগষ্ট : জন্মদিনটো সকলোৰে বাবেই বিশেষ দিনৰ ভিতৰত অন্যতম ৷ কিন্তু ভবামতেই জানো সকলো হয় ! জন্মদিনে কাৰোবাৰ জীৱনলৈ মৃত্যুৰ দিন কঢ়িয়াই লৈ আহিব পাৰে বুলি আপুনি মই কল্পনাও কৰিবও নোৱাৰোঁ ৷ এতিয়া জন্মদিনৰ কেকেই কাল মাতিলে এটা পৰিয়াললৈ ৷ শ্বাসনলীত জন্মদিনৰ কেক লাগি ধৰি অকাল মৃত্যুক সাৱটিলে এটি শিশুৱে ৷

উত্তৰ প্ৰদেশৰ বাৰানসীত সংঘটিত হৈছে এনে এটা শোকাৱহ ঘটনা ৷ জ্যেষ্ঠ ভাতৃৰ জন্মদিনৰ কেকেই প্ৰাণ ল’লে কণিষ্ঠ ভাতৃৰ ৷ এই ঘটনাটো বাৰাণসীৰ জনচা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত সজয় গাঁৱত সংঘটিত হয় ৷ পেছাত শিক্ষক ধীৰাজ শ্ৰীবাস্তৱ সজয় গাঁৱৰ বাসিন্দা ৷

সোমবাৰে নিশা তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ জন্মদিন উদযাপন কৰা হৈছিল ৷ নিশা পলমকৈ কেকটোৰ বাকী থকা অংশৰে অলপ কাটি কণিষ্ঠ পুত্ৰ প্ৰাঞ্জলে খাইছিল ৷ হঠাতে শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে ৷ লগে লগে স্বাস্থ্যৰ অৱনতি দেখি পৰিয়ালটোৱে শিশুটোক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়, য'ত চিকিৎসাধীন হৈ থকাৰ সময়তে দুদিনৰ পিচত বুধবাৰে প্ৰাঞ্জলৰ (8) মৃত্যু হয় ৷

পৰিয়ালৰ লোকে জনোৱা অনুসৰি শিশুটোৰ চিকিৎসাৰ বাবে তেওঁলোকে তিনিৰ পৰা চাৰিখন চিকিৎসালয় পৰিদৰ্শন কৰিছিল কিন্তু ক'তো চিকিৎসা সঠিককৈ হোৱা নাছিল ৷ মৃতকৰ পিতৃয়ে কোৱা অনুসৰি, প্ৰাঞ্জল দুজন ভাতৃৰ ভিতৰত কণিষ্ঠ আছিল ৷

শিশুটোৱে উশাহ লোৱাত সমস্যাৰ সন্মুখীন হৈছিল আৰু ইয়াৰ ফলত শিশুটোৱে অকাল মৃত্যুক সাৱটি লয় ৷ এই ঘটনাৰ পিচতে পৰিয়ালটোত শোকৰ বন্যা বৈছে ৷ অকস্মাতে এনেদৰে কণিষ্ঠ পুত্ৰক হেৰুৱাই কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক ৷

লগতে পঢ়ক: Rangia pregnant woman suicide case: ৰঙিয়া আৰক্ষীৰ জালত কনিষ্টবল তথা অভিযুক্ত স্বামী প্ৰাঞ্জিত শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.