ETV Bharat / bharat

অযোধ্যাত কূটাঘাতৰ বাবে মহাৰাষ্ট্ৰত পৰিকল্পনা; 11 যুৱকক এ টি এছৰ চমন - ram mandir distance

Plotting against Ram temple: ৰাম মন্দিৰৰ বিৰুদ্ধে ৰচনা কৰা এক বৃহৎ ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰিছে এ টি এছে । সংস্থাটোৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ এখন গাঁৱত এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল । শীঘ্ৰে এইসকল যুৱকক জেৰা কৰা হ’ব ।

Ram temple
ram mandir ayodhya ATS
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 3:45 PM IST

লক্ষ্ণৌ, 4 জানুৱাৰী: বহু প্ৰতীক্ষাৰ অন্তত অহা 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ ৷ যাৰ বাবে সমগ্ৰ অযোধ্যা তথা উত্তৰ প্ৰদেশৰ লগতে দেশৰ আন বহু প্ৰান্তত ব্যাপক উচাহ দেখা গৈছে ৷ কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে এক উদ্বেগজনক খবৰ ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত ব্যাঘাত জন্মোৱাৰ উদ্দেশ্যে এটা শক্তিয়ে গোপনে ৰচনা কৰিছে কূটকৌশল ৷ মহাৰাষ্ট্ৰৰ ছত্ৰপতি সাম্ভাজীনগৰ গাঁৱত ৰচনা কৰা হৈছে গোপন অভিসন্ধি ৷ কেৱল এয়াই নহয়, অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যত বিঘিনি ঘটোৱাৰ বাবে যিকোনো ত্যাগ স্বীকাৰ কৰিবলৈ সাজু হৈছে গাঁওখনৰ 11 গৰাকীকৈ যুৱক ৷

Ram temple
অযোধ্যাত কূটাঘাতৰ বাবে মহাৰাষ্ট্ৰত পৰিকল্পনা

উত্তৰ প্ৰদেশ এছ টি এফৰ চাৰ্ভিলেন্সত এই দলটোৰ সকলো অভিসন্ধি ফাদিল হয় ৷ অতিশীঘ্ৰে এ টি এছৰ মুখ্য কাৰ্যালয়ত এই 11 গৰাকী যুৱকক সোধা-পোছা কৰিব বিষয়াসকলে ৷ ইতিমধ্যে এই বিষয় সন্দৰ্ভত জাননী জাৰি কৰিছে এ টি এছে ৷

দৰাচলতে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ তাৰিখ ঠিৰাং কৰাৰ পিচৰে পৰা একাংশ ৰাষ্ট্ৰ বিৰোধী শক্তিয়ে অযোধ্যাত অশান্তি বিয়পোৱাৰ লগতে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে পৰিকল্পনা কৰি আহিছে ৷ যাৰ বাবে উত্তৰ প্ৰদেশ এ টি এছে নিজৰ নিৰীক্ষণ তথা চাৰ্ভিলেন্স অধিক সক্ৰিয় কৰি তুলিছে ৷ ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি গ্ৰাউণ্ড জিৰ’লৈকে এ টি এছে নিজৰ তীক্ষ্ণ নজৰ ৰাখিছে ৷

সংস্থাটোৱে তথ্য লাভ কৰিছিল যে 22 জানুৱাৰীৰ আশে-পাশে অযোধ্যাৰ পৰিৱেশ বিনষ্ট কৰি তাত কিবা এটা ডাঙৰ কূটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাৰ ছাত্ৰপতি সাম্ভাজীনগৰ গাঁৱৰ বাসিন্দা মিৰ্জা ছাইফ বেইগ, আব্দুল ৱাহিদ, য়াছিৰ, জিয়াউদ্দিন ছিদ্দিকী, থোৰ ভান, এছ কে খালিদ, তাহিৰ, হাবিবকে ধৰি 11 জন যুৱকে ছ’চিয়েল মিডিয়াত উচটনি দিছিল বিভিন্নজনক ।

কেৱল এয়াই নহয়, ৰাম মন্দিৰ যাতে নির্মাণ নহয় তাৰ বাবে তেওঁ মানুহক ত্যাগ কৰিবলৈ উচটনি দিছিল । তথ্য লাভ কৰাৰ লগে লগে উত্তৰ প্ৰদেশ এ টি এছৰ দলটোৱে মহাৰাষ্ট্ৰৰ ছাত্ৰপতি সাম্ভাজীনগৰত উপস্থিত হৈ এই যুৱকসকলৰ ঘৰত অভিযান চলায় । অৱশ্যে তথ্য পোৱাৰ লগে লগে আটাইকেইজনে তাৰ পৰা পলায়ন কৰে ।

সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশ এ টি এছৰ অভিযানৰ সময়ত এই যুৱকসকলৰ ঘৰত উদ্ধাৰ হোৱা ইলেক্ট্ৰনিক যন্ত্ৰৰ পৰা পোহৰলৈ আহিছে যে এই আটাইকেইজন যুৱকে অযোধ্যা আৰু ৰাম মন্দিৰৰ বিৰুদ্ধে মানুহক উচটনি দিয়াই নহয়, আটাইকেইজনে কিবা এটা ডাঙৰ কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ৷

এ টি এছৰ মতে, আটাইকেইজন অভিযুক্তৰ ঘৰত জাননী আঁৰি দিয়া হৈছে আৰু 18 জানুৱাৰীত এ টি এছৰ মুখ্য কাৰ্যালয়লৈ তেওঁলোকক জেৰাৰ বাবে মাতি পঠিওৱা হৈছে । উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক জেৰা কৰা হ’ব । যদি তেওঁলোক সকলোৱে মুখ্য কাৰ্যালয়লৈ নাহে তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব ।

লগতে পঢ়ক: ৰাম মন্দিৰ আৰু মুখ্যমন্ত্ৰী আদিত্যনাথক বোমাৰে উৰুৱাৰ ভাবুকি দি গ্ৰেপ্তাৰ ২

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.