ETV Bharat / bharat

ত্ৰিপুৰাৰ সংবাদ প্ৰতিষ্ঠানত আক্ৰমণ: ঘটনাৰ তদন্ত কৰিব অপৰাধ শাখাই - জ্যেষ্ঠ সাংবাদিকসকলে এই গোচৰটো অপৰাধ শাখাৰ দ্বাৰা তদন্তৰ দাবী জনাইছিল

বুধবাৰে ত্ৰিপুৰাৰ দুটাকৈ সংবাদ মাধ্যমৰ কাৰ্যালয়ত আক্ৰমণ কৰে বিজেপি কৰ্মীয়ে । এই ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ ত্ৰিপুৰাত । দোষীক কঠোৰ শাস্তিৰ দাবী তুলিছে সাংবাদিকসকলে ।

tripura media attack
ত্ৰিপুৰাৰ সংবাদ প্ৰতিষ্ঠানত আক্ৰমণ
author img

By

Published : Sep 10, 2021, 1:26 PM IST

আগৰতলা,১০ ছেপ্টেম্বৰ : ত্ৰিপুৰাৰ সংবাদ প্ৰতিষ্ঠানত আক্ৰমণৰ ঘটনাৰ তদন্ত কৰিব আৰক্ষীৰ অপৰাধ শাখাই (Crime Branch)। আইন শৃংখলাৰ আৰক্ষী মহাপৰিদৰ্শক অৰিন্দম নাথৰ সৈতে জ্যেষ্ঠ সাংবাদিকৰ এটা দলৰে হোৱা বৈঠকৰ পাছতে এই সিদ্ধান্ত লয় আৰক্ষীয়ে । বৈঠকত জ্যেষ্ঠ সাংবাদিকসকলে এই গোচৰটো অপৰাধ শাখাৰ দ্বাৰা তদন্তৰ দাবী জনাইছিল । কিয়নো এই ঘটনাৰ অভিযুক্ত এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ।

উল্লেখ্য যে, বুধবাৰে এক প্ৰতিবাদী সমদলৰ সময়ত একেটা ভৱনতে থকা স্থানীয় টিভি চেনেল পিবি ২৪(PB 24) আৰু প্ৰতিবাদী কলম (Pratibadi Kalam) নামৰ বাতৰি কাকতৰ কাৰ্যালয় বিজেপি সমৰ্থকসকলে লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছে । কাৰ্যালয়টো পশ্চিম আগৰতলা আৰক্ষী থানাৰ অন্তৰ্গত । ভয়ংকৰ আক্ৰমণৰ সময়ত চিচিটিভিত বন্দী হোৱা এটা ভিডিঅ' ফুটেজত দেখা গৈছে যে স্থানীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই হিংসা আৰু অগ্নিসংযোগত লিপ্ত হোৱা ক্ৰোধিত জনতাক প্ৰতিহত কৰিবলৈ কোনো প্ৰয়াস কৰা নাছিল ।

আৰক্ষী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠক সন্দৰ্ভত বক্তব্য ৰাখি জ্যেষ্ঠ সাংবাদিক তথা 'আজকাৰ ফৰিয়াদ'(Ajker Fariad) বাতৰি কাকতৰ সম্পাদক শনিত দেবৰয়ে কয় যে বুধবাৰে কি ঘটিছিল সেই সন্দৰ্ভত তেওঁলোকে আৰক্ষীক অৱগত কৰিছে । ৰাজ্যখনত কাম কৰি থকা সাংবাদিকসকল এতিয়া নিৰাপত্তাহীনতাত ভুগিছে আৰু আন বহুতো সংবাদ প্ৰতিষ্ঠানে আক্ৰমণৰ ভয়ত কম্পমান হৈ আছে ।

তেওঁ লগতে কয় যে, এতিয়ালৈকে আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰা নাই কিন্তু সাংবাদিকৰ প্ৰতিনিধি দলে আৰক্ষীৰ সন্মুখত নিজৰ মনোভাৱ ব্যক্ত কৰিছে । তেওঁৰ মতে তদন্ত প্ৰক্ৰিয়া আগবঢ়াবলৈ পৰ্যাপ্ত পৰিমাণৰ প্ৰমাণ আছে । ইয়াৰ সমান্তৰালকৈ তেওঁ কয় যে আৰক্ষীৰ ওপৰত তেওঁলোকৰ কোনো বিশ্বাস নাই কিয়নো ৰাজ্যখনত সংবাদ মাধ্যম আক্ৰমণ এয়া প্ৰথম নহয় । তেওঁ লগতে কয় যে আৰক্ষীয়ে তেওঁলোকক আশ্বাস প্ৰদান কৰিছে ।

জ্যেষ্ঠ সাংবাদিক জয়ন্ত ভট্টাচাৰ্যই কয় যে আক্ৰমণকাৰীসকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে । সাংবাদিকৰ ওপৰত আক্ৰমণ এখন গণতান্ত্ৰিক দেশত শোভা নাপায় । চিচিটিভি ফুটেজে ইতিমধ্যে আক্ৰমণকাৰীৰ মুখমণ্ডল স্পষ্ট কৰিছে । যদি কঠোৰ পদক্ষেপ লোৱা নহয় তেন্তে আকৌ এবাৰ একেলগে বহি পৰৱৰ্তী পদক্ষেপৰ পৰিকল্পনা কৰিব বুলি উল্লেখ কৰে সাংবাদিকগৰাকীয়ে ।

আগৰতলা প্ৰেছ ক্লাবৰ সম্পাদক আৰু হেডলাইনছ ত্ৰিপুৰাৰ (Headlines Tripura) সম্পাদক প্ৰণৱ সৰকাৰে কয় যে মুখ্যমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে তেওঁৰ সৈতে কথা পাতিছে আৰু তেওঁক আশ্বাস দিছে যে মুখ্যমন্ত্ৰীগৰাকী সদায় সংবাদ মাধ্যমৰ লগত আছে । উল্লেখ্য যে আক্ৰমণকাৰীৰ বিৰুদ্ধে চিপিআইএমৰ মুখপাত্ৰৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ এক গোচৰো ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ এগৰাকী IPS বিষয়াৰ বিৰুদ্ধে এজাহাৰ ABVPৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.