নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ: কেইবাখনো ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ নিৰ্বাচনী সভাত বিশেষকৈ হিন্দুত্ব আৰু সনাতন সংস্কৃতিৰ প্ৰসংগক লৈ সৰৱ হোৱা দেখিবলৈ পোৱা গৈছে শৰ্মাক ৷
ৰাজস্থানৰ যোধপুৰত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাত অংশ লৈ কংগ্ৰেছ আৰু গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ তেওঁ অভিযোগ উত্থাপন কৰি কয় যে গান্ধী পৰিয়ালৰ ষড়যন্ত্ৰত দেশত সনাতন আৰু হিন্দু ধৰ্মৰ বিৰোধিতা কৰা হৈছে ৷ কোনোবাই কৈছে যে হিন্দু ধৰ্ম হৈছে ডেংগু, মেলেৰিয়া । এইবোৰ শেষ হ’ব লাগিব ৷ ‘‘দেশত সনাতন বিৰোধী পৰিৱেশ সৃষ্টি কৰাটো সম্পূৰ্ণ গান্ধী পৰিয়ালৰ ষড়যন্ত্ৰ ৷ কিন্তু ৰাহুল গান্ধীয়ে এতিয়ালৈকে বিবৃতি দি কোৱা নাই যে সনাতন বিৰোধী মন্তব্যৰ তেওঁ বিৰোধী,’’ শৰ্মাই লগতে কয় ৷
তেওঁ লগতে কয় যে এই দেশত ইছলামৰ বিৰুদ্ধে কোনেও এটা শব্দও কোৱা নাই ৷ আমি বিচাৰো যে ইছলামৰ বিৰুদ্ধে কোনো কথা ক’ব নাগালে, লগতে আমি হিন্দু আৰু সনাতনৰ বিৰুদ্ধে কথা কোৱাটোও বিচৰা নাই ৷
ৰাজস্থানৰ গেহলট চৰকাৰক আক্ৰমণ কৰি কয় যে অসম ৰাজস্থানতকৈ সৰু ৰাজ্য ৷ ইয়াৰ পাছতো অসমৰ ৰাইজে ৰাজস্থানতকৈ কম দামত পেট্ৰ’ল-ডিজেল লাভ কৰিছে ৷ অশোক গেহলটে ৰাইজক ব্যয়বহুল ডিজেল-পেট্ৰ'ল দি মুদ্ৰাস্ফীতিৰ পৰা সকাহ দিয়াৰ কথা কৈ আছে । এয়াই কংগ্ৰেছৰ নীতি ৷
‘‘মই কংগ্ৰেছত আছিলো, সেয়েহে মই তেওঁলোকৰ নীতিবোৰ জানো । এতিয়া তেওঁলোকৰ যোৱাৰ সময় । বিজেপিয়ে ৰাজস্থানত চৰকাৰ গঠন কৰিব । বিজেপিত সকলো কৰ্মী মুখ্যমন্ত্ৰী, আমি সকলো এটা পৰিয়াল । কংগ্ৰেছত গান্ধী পৰিয়ালৰ ওপৰত কোনো নিৰ্ভৰশীলতা নাই ,’’ ড৹ শৰ্মাই কয় ৷
মণিপুৰৰ সমস্যা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত শৰ্মাই কয় যে কেৱল মণিপুৰতে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো ৰাজ্যত সমস্যাসমূহ কংগ্ৰেছৰ বাবেই হৈছে । বাকী ৰাজ্যসমূহত যিধৰণে পৰিস্থিতি উন্নত হৈছে, অতি সোনকালেই মণিপুৰতো ইয়াৰ উন্নতি হ'ব ।
‘‘দেশখনত এনে কিছুমান লোক আছে যিয়ে কৈছিল ‘চিকেন নেক’ কাটি উত্তৰ-পূব চীনক দিয়ক । পিছত তেওঁলোক ধৰা পৰিছিল । ৰাহুল গান্ধীয়েও এই বিষয়বোৰত দেশবিৰোধী মন্তব্য দিয়ে । সেয়েহে, তেওঁলোকক গুৰুত্বসহকাৰে লোৱা নহয়, তেওঁ এতিয়াও সৰু,’’ ৰাহুল গান্ধক আক্ৰমণ কৰি কয় ৷