নেশ্যনেল ডেস্ক, 19 ফেব্ৰুৱাৰী: আৰজেডিৰ সভাপতি লালু প্ৰসাদ যাদৱক সাক্ষাৎ চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰম য়েচুৰীৰ (Sitaram Yechury meeting with Lalu Prasad) ৷ শুকুৰবাৰে নতুন দিল্লীত এক বৈঠকত মিলিত হয় দুয়োগৰাকী নেতা ৷ 2024 চনৰ লোকসভা নিৰ্বাচনৰ (Lok Sabah election 2024) পূৰ্বে সকলো বিৰোধী দলক একত্ৰিত কৰাৰ ক্ষেত্ৰত অতি তাৎপৰ্যপূৰ্ণ হিচাবে বিবেচিত হৈছে লালু প্ৰসাদ যাদৱ আৰু সীতাৰাম য়েচুৰীৰ সাক্ষাৎ ৷ উল্লেখ্য যে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত অব্যাহত আছে সকলো বিৰোধী ৰাজনৈতিক দলক একত্ৰিত কৰাৰ প্ৰচেষ্টা ৷
এক টুইটযোগে লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰে CPIM ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে (Sitaram Yechury meets Lalu Yadav) ৷ টুইটত য়েচুৰীয়ে লিখে, ‘‘বহুদিনৰ পাচত লালু প্ৰসাদ যাদৱক লগ পালোঁ ৷ তেওঁৰ সৈতে হোৱা সাক্ষাতে সদায় আত্মবিশ্বাস বৃদ্ধি কৰে ৷’’
-
लालू प्रसाद यादव जी से लम्बे समय बाद भेंट हुई। उनसे मुलाक़ात के बाद, हमेशा हौंसला बढ़ता है! राबड़ी देवी जी और लालू जी के साथ अच्छा समय गुज़रा। @laluprasadrjd @yadavtejashwi @RabriDeviRJD pic.twitter.com/uu5yHFtPiP
— Sitaram Yechury (@SitaramYechury) February 17, 2023 " class="align-text-top noRightClick twitterSection" data="
">लालू प्रसाद यादव जी से लम्बे समय बाद भेंट हुई। उनसे मुलाक़ात के बाद, हमेशा हौंसला बढ़ता है! राबड़ी देवी जी और लालू जी के साथ अच्छा समय गुज़रा। @laluprasadrjd @yadavtejashwi @RabriDeviRJD pic.twitter.com/uu5yHFtPiP
— Sitaram Yechury (@SitaramYechury) February 17, 2023लालू प्रसाद यादव जी से लम्बे समय बाद भेंट हुई। उनसे मुलाक़ात के बाद, हमेशा हौंसला बढ़ता है! राबड़ी देवी जी और लालू जी के साथ अच्छा समय गुज़रा। @laluprasadrjd @yadavtejashwi @RabriDeviRJD pic.twitter.com/uu5yHFtPiP
— Sitaram Yechury (@SitaramYechury) February 17, 2023
সীতাৰাম য়েচুৰীৰ সৈতে হোৱা সাক্ষাতক যদিও এক সৌজন্যতামূলক সাক্ষাৎ বুলি আৰজেডিয়ে উল্লেখ কৰিছে তথাপিও এই সাক্ষাত বিৰোধীৰ ঐক্যতাৰ দিশত গুৰুত্বপূৰ্ণ হিচাবে ৰাষ্ট্ৰীয় ৰাজনীতিত চৰ্চিত হৈছে ৷ সাক্ষাৎ সন্দৰ্ভত আৰজেডিৰ জ্যেষ্ঠ নেতা ভোলা যাদৱে কয়, ‘‘মাত্ৰ এমাহ পূৰ্বে ছিংগাপুৰৰ পৰা বৃক্কৰ সফল সংৰোপন কৰি লালু প্ৰসাদ যাদৱ উভতি আহিছে আৰু এয়া সীতাৰাম য়েচুৰীৰ সৈতে এক সৌজন্যতামূলক বৈঠক আছিল ৷ ’’
ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে এঘণ্টাতকৈও অধিক সময় চলা এই বৈঠকত দুয়োগৰাকী নেতাই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ সকলো বিৰোধী দলক কি দৰে একেটা ছাতিৰ তললৈ আনিব পাৰি সেই সম্পৰ্কে বিষদভাৱে আলোচনা কৰিছিল ৷ RJD দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাইয়ো এয়া যে এক সৌজন্যতামূল সাক্ষাততকৈ অধিক আছিল তাৰ ইংগিত দিছে (Opposition alliance for Lok Sabha election 2024) ৷
লক্ষণীয় যে, বামপন্থী ৰাজনৈতিক দলসমূহে কংগ্ৰেছক বাদ দি এক শক্তিশালী বিৰোধী ঐক্যশক্তি গঠনৰ বাবে পোষকতা কৰি আহিছে ৷ গতিকে এই বৈঠকতো যে সেই সন্দৰ্ভতেই আলোচনা কৰা হৈছিল সেয়া অতি স্পষ্ট হৈ পৰিছে ৷
বিশেষ সূত্ৰ অনুসৰি অস্ত্ৰোপচাৰ কৰি ছিংগাপুৰৰ উভতি অহাৰ পাচৰে পৰা তৎপৰ হৈ পৰিছে লালু প্ৰসাদ যাদৱ ৷ কংগ্ৰেছ, এনচিপি, ডিএমকে, সমাজবাদী পাৰ্টি, জেএমএম আদি দলৰ লগতে আন দলৰ নেতাসকলৰ সৈতেও নিৰন্তৰ যোগাযোগত আছে লালু প্ৰসাদ যাদৱ ৷
লগতে পঢ়ক: Sivsena Symbol in Shinde Faction : শিৱসেনাৰ নাম-প্ৰতীক শিণ্ডে গোটৰ হাতত, নিৰ্বাচন আয়োগৰ নিৰ্দেশ