নেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ: কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পদাংক অনুসৰণ কৰি ত্ৰিপুৰাৰ বিজেপি-আইপিএফটি মিত্ৰজোঁট চৰকাৰেও ক্ৰমান্বয়ে চৰকাৰী কাৰ্যালয় আৰু বিভিন্ন বিভাগৰ সেৱাৰ দায়িত্ব ব্যক্তিগত খণ্ড অথবা বেচৰকাৰী সংগঠনসমূহক হস্তান্তৰ কৰাৰ বাবে পৰিকল্পনা কৰিছে । চৰকাৰৰ এনে পদক্ষেপে এতিয়া শিক্ষা বিভাগৰ ওপৰত আঘাত হানিছে ।
শিক্ষাৰ ব্যক্তিগতকৰণৰ নীতিৰ বিৰোধিতা কৰি এই মন্তব্য কৰে চিপিআইএমৰ ত্ৰিপুৰাৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে (CPIM against privatization of education) । তেওঁ কয় যে, ত্ৰিপুৰাৰ বিদ্যালয় শিক্ষাত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ নিয়ন্ত্ৰণ আৰু উৎসাহিত কৰা নীতি' শীৰ্ষক এক নীতি গ্ৰহণ কৰি চৰকাৰে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ চেষ্টা কৰিছে ।
যদি চৰকাৰৰ এই পৰিকল্পনা সফল হয়, তেন্তে ৰাজ্যখনৰ কম উপাৰ্জন থকা পৰিয়ালৰ সন্তান, বিশেষকৈ জাতি-জনজাতি আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলৰ সন্তানক যথেষ্ট প্ৰভাৱিত কৰিব । সমাজত বৈষম্য বৃদ্ধি পাব আৰু ৰাজ্যখনত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে নিযুক্তিৰ সুযোগ অধিক হ্ৰাস হ'ব । তেওঁৰ মতে, এই নতুন নীতিয়ে শিক্ষা ব্যৱস্থাত বিৰূপ প্ৰভাৱ পেলাব । চিপিআইএমে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ।
জীতেন্দ্ৰ চৌধুৰীয়ে কয় যে, মিছন ১০০ৰ অধীনত বিদ্যাজ্যোতি বিদ্যালয় হিচাপে আখ্যা দি ১০০ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ব্যক্তিগত খণ্ডক গটাই দিয়াটো বৈষম্যমূলক(Government schools Privatization in Tripura) । তেওঁৰ মতে, যদি এই পৰিকল্পনা কাৰ্যকৰী কৰা হয়, তেন্তে ৰাজ্যখনৰ শিক্ষাৰ্থীসকলৰ মাজত দুটা শ্ৰেণী সৃষ্টি কৰা হ'ব ।
এই নতুন নীতিৰ জৰিয়তে এটা শ্ৰেণীয়ে অগ্ৰাধিকাৰ লাভ কৰিব আৰু আনটো শ্ৰেণীয়ে অগ্ৰাধিকাৰ লাভৰ পৰা বঞ্চিত হ'ব । গণতান্ত্ৰিক ব্যৱস্থাত ৰাজ্যৰ ভূমিকা কেতিয়াও এনেকুৱা হ'ব নালাগে বুলিও তেওঁ ত্ৰিপুৰা চৰকাৰক সমালোচনা কৰে । ৰাজ্যখনৰ সকলো বিদ্যালয় সমান পৰ্যায়ত ৰাখি সমস্যা সমাধান কৰিবলৈ তেওঁ দাবী জনায় । লগতে শিক্ষকৰ অভাৱ আৰু বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দাবী জনায় ।
ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছিল যে, অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মচাৰীসকলৰ সংগঠন গঠনৰ অধিকাৰ নাথাকিব । এই ঘোষণাক সম্পূৰ্ণ অগণতান্ত্ৰিক আখ্যা দিয়ে জীতেন্দ্ৰ চৌধুৰীয়ে । ৰাজ্য চৰকাৰে স্বৈৰাচাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও তেওঁ সমালোচনা কৰে ।
লগতে পঢ়ক:বাংলাদেশৰ স্বাধীনতাৰ যুঁজৰ বিষয়ে নৱ প্ৰজন্মই অধিক জনা উচিত : মন্ত্ৰী সুশান্ত চৌধুৰী