ETV Bharat / bharat

ত্ৰিপুৰাৰ ৰাজনগৰত চিপিআইএম-বিজেপি কৰ্মীৰ প্ৰচণ্ড সংঘাত

author img

By

Published : Jun 28, 2021, 5:09 PM IST

ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰা জিলাত চিপিআইএম(CPIM) আৰু বিজেপি কৰ্মীৰ মুকলি সংঘাত ৷ দুয়োটা দলৰ কৰ্মীৰ মাজত হোৱা মুকলি সংঘাতৰ পৰিণতিত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে কেইবাজনো দলীয় কৰ্মী ৷

cpim-bjp-workers-clash-at-rajnagar-of-south-tripura
ত্ৰিপুৰাৰ ৰাজনগৰত চিপিআইএম-বিজেপি কৰ্মীৰ প্ৰচণ্ড সংঘাত

ত্ৰিপুৰা, 28 জুন : ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে শনিবাৰে দুপৰীয়া দক্ষিণ ত্ৰিপুৰাৰ ৰাজনগৰত চিপিআইএম(CPIM) আৰু বিজেপি কৰ্মীৰ মাজত সংঘটিত হয় প্ৰচণ্ড সংঘাত ৷ দক্ষিণ ত্ৰিপুৰাৰ ৰাজনগৰত চিপিআইএম(CPIM)দলে বাহিৰ কৰা এক প্ৰতিবাদী সমদলত একাংশ বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ পাছতে দুয়ো দলৰ কৰ্মীৰ মাজত সূত্ৰপাত হয় প্ৰচণ্ড সংঘাত ৷ ঘটনাত গুৰুতৰভাৱে আহত হৈছে চিপিআইএমৰ বিধায়ক সুধন দাস(MLA Sudhan Das)সহ দলটোৰ প্ৰায় 13 গৰাকী কৰ্মী ৷ আক্ৰমণত বিধায়ক গৰাকীয়ে মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে স্থানীয় বিজেপি মণ্ডলৰ সভাপতি ৰঞ্জিত সৰকাৰো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷

সূত্ৰই জনোৱা অনুসৰি, চিপিআইএম দলে ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অংশ হিচাপে ৰাজনগৰ বজাৰৰ এটা পথত এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল ৷ উক্ত প্ৰতিবাদী সমদলৰ নেতৃত্ব দিছিল বিধায়ক সুধন দাসে ৷ সমদল শেষ হোৱাৰ পাছতে দলৰ কৰ্মীসকলে তেওঁলোকৰ নেতাসকলৰ ভাষণ শুনিবলৈ বজাৰৰ এক বিশেষ স্থানত একত্ৰিত হৈছিল ৷ উক্ত সময়তে সেই স্থানত হঠাৎ এটা দুৰ্বৃত্তৰ দল উপস্থিত হৈ গোটেই কাৰ্যসূচীটো ব্যাহত কৰে আৰু দলটোৰ কৰ্মী সকলক আক্ৰমণ কৰে ৷

দুৰ্বৃত্তৰ দলটোৱে সভাত ভাগ লোৱা প্ৰতিজন লোককে লোৰ ৰ'ড তথা লাঠিৰে বেয়াকৈ মাৰপিট কৰে ৷ পৰিস্থিতি অধিক বেয়াৰ দিশে গতি কৰাত ঘটনা নিয়ন্ত্ৰণৰ বাবে আগুৱাই যোৱাৰ সময়তে দুৰ্বৃত্তৰ দলটোৱে চিপিআইএমৰ বিধায়ক সুধন দাসকো আক্ৰমণ কৰে ৷ আক্ৰমণত মূৰত আৰু হাতৰ তলৰ গুৰুতৰভাৱে আঘাত পাই বিধায়ক সুধন দাসে ৷ বিধায়ক গৰাকীৰ লগতে এই আক্ৰমণত আঘাতপ্ৰাপ্ত হয় চিপিআইএম দলৰ স্থানীয় মণ্ডল সভাপতিকে ধৰি কেইবাজনো বিজেপি নেতা ৷

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এই ঘটনাত দুয়োটা গোটৰ প্ৰায় 13 জনকৈ লোক আহত হয় ৷ আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে আৰক্ষীয়ে ৷ আঘাতপ্ৰাপ্ত চিপিআইএমৰ বিধায়ক সুধন দাসক প্ৰথমে গোমতী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে জিবি পান্থ চিকিৎসালয়(GB Panth) চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ চিপিআইএমৰ বিধায়ক গৰাকীৰ লগতে বিজেপি দলৰ দুজন নেতাকো গোমতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

অতি লক্ষণীয় ভাৱে,পৰিস্থিতি কিছু শাম কটাৰ পাছতে পুনৰ একাংশ বিজেপি নেতাই সুধন দাসৰ বাসগৃহত অতৰ্কিতে প্ৰৱেশ কৰি ভয়ংকৰ আক্ৰমণ চলায় ৷ এই আক্ৰমণত বুকুত আঘাত পাই বিধায়ক গৰাকীৰ পত্নী জয়া বেনাৰ্জীয়ে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তথা দুয়োটা দলৰ ক্ৰোধিত সমৰ্থকসকলক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰিব লগা হয় আৰক্ষীয়ে ৷

ইফালে বিজেপিৰ এগৰাকী নৱ নিৰ্বাচিত পঞ্চায়ত সদস্যা, আশাৰাণী নমসূদ্ৰৰ বাসগৃহতো শনিবাৰে সন্ধিয়া আক্ৰমণ চলাই মটৰ চাইকেলত অহা এটা দুৰ্বৃত্তৰ দলে ৷ শনিবাৰে নিশা প্ৰায় 9:30 বজাত বিজেপি পঞ্চায়ত সদস্যা আশাৰাণী নমসূদ্ৰৰ কমলপুৰস্থিত বাসগৃহত আক্ৰমণ চলাই নিজৰ দলৰে একাংশ সমৰ্থকে ৷ উল্লেখ্য যে, কেইদিন মান পূৰ্বে শীঘ্ৰেই বিজেপিৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰি চিপিআইএম দলত যোগদান কৰিব বুলি মুকলিকৈ ঘোষণা কৰিছিল আশাৰাণী নমসূদ্ৰই ৷ নেত্ৰী গৰাকীৰ এই ঘোষণাত ক্ষোভিত হৈ নিজ দলৰে একাংশ সমৰ্থকে শনিবাৰে নিশা আক্ৰমণ চলাই আশাৰাণী নমসূদ্ৰৰ বাসগৃহত ৷

চিপিআইএম দলৰ সদস্য তথা এগৰাকী বিধায়কৰ ওপৰত হোৱা এই আক্ৰমণ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিভাগীয় সম্পাদক তাপস দত্তই কয় যে,"যদি আমাৰ বিৰুদ্ধে আক্ৰমণ আৰু অধিক তীব্ৰতৰ হয় তেনেহলে ই চিপিআইএম সমৰ্থক আৰু কৰ্মীসকলৰ মনোবল অধিক বৃদ্ধি কৰিব ৷"

লগতে পঢ়কঃ ত্ৰিপুৰা আৰক্ষী আৰু চৰকাৰৰ বিৰুদ্ধে সৰৱ মানিক সৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.