আইজল,16 এপ্ৰিল : সমগ্ৰ দেশতে প্ৰভাৱ পেলাইছে ক’ভিড-19ৰ দ্বিতীয় ঢৌৱে ৷ বৃহস্পতিবাৰৰ দিনটোত মিজোৰামত ক’ভিড-19ত আক্ৰান্ত হৈছে 37 গৰাকীকৈ লোক ৷ ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 4,759 গৰাকীলৈ ৷ ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হোৱা ৰোগীৰ সংখ্যা 4,470 গৰাকী আৰু সক্ৰিয় ৰোগীৰ সংখ্যা 277 গৰাকী ৷ আনহাতে, মিজোৰামত এতিয়ালৈকে 12 গৰাকী লোকৰ ক’ভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷
উল্লেখ্য যে, ৰাজধানী চহৰ আইজলত সক্ৰিয় ৰোগীৰ সংখ্যা সৰ্বাধিক ৷ আইজলত ক’ভিড-19ৰ সক্ৰিয় ৰোগীৰ সংখ্যা 191 গৰাকী ৷ মৃত্যু হোৱা 12 গৰাকী ৰোগীৰ ভিতৰত 11 গৰাকীয়েই আইজলৰ বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : ক'ভিড-19 : লোকসভা অধ্যক্ষৰ ভাৰ্ছুৱেল বৈঠকৰ আহ্বান