ETV Bharat / bharat

২৮ এপ্ৰিলৰ পৰা ক’ভিডৰ টীকাকৰণৰ পঞ্জীয়ন আৰম্ভ - total vaccination in india

1 মে'ৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ কৰ’ণাৰ প্ৰতিষেধক প্ৰদান অভিযান । এই পৰ্যায়ত 18 বছৰৰ ঊৰ্ধৰ সকলোৱে গ্ৰহণ কৰিব পাৰিব প্ৰতিষেধক । 28 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া ।

২৮ এপ্ৰিলৰ পৰা ১৮ বছৰ উৰ্ধৰ ব্যক্তিৰ বাবে টীকাকৰণৰ পঞ্জীয়ন আৰম্ভ

author img

By

Published : Apr 25, 2021, 1:19 PM IST

নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল: কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ মাজতে ভাৰতত চলি আছে প্ৰতিষেধক প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ অভিযান । যোৱা ১৯ এপ্ৰিলত ভাৰত চৰকাৰে ঘোষণা কৰা মতে এক মে'ৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান অভিযান ।

এই পৰ্যায়ত 18 বছৰৰ ঊৰ্ধৰ সকলোৱে গ্ৰহণ কৰিব পাৰিব প্ৰতিষেধক । কিন্তু প্ৰতিষেধক গ্ৰহণৰ পূৰ্বে সকলোৱে পঞ্জীয়ন কৰিব লাগিব । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে টুইটযোগে ঘোষণা কৰা মতে 28 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া । cowin.gov.in ত গৈ পঞ্জীয়ন কৰিব পাৰিব বুলিও প্ৰকাশ কৰা হৈছে ।

ইফালে শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি, যোৱা 16 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ জৰিয়তে এতিয়ালৈ দেশত 13 কোটি 83 লাখ 79 হাজাৰ 832 টা প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: অক্সিজেন যোগানত বাধা প্ৰদানকাৰীক কঠোৰ শাস্তি বিহিব দিল্লী উচ্চ ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.