ETV Bharat / bharat

১৬৪ জন চিকিৎসকৰ নিযুক্তিত অনুমোদন ত্ৰিপুৰাৰ মন্ত্ৰী পৰিষদৰ - ক’ভিড 19

শনিবাৰে নিশা আগৰতলা চহৰত নৈশ সান্ধ্য আইন সঠিক ভাৱে পালন হৈছে নে নাই তাৰ পৰ্যবেক্ষণ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ৷ তদুপৰি ক’ভিড পৰিস্থিতিৰে যুঁজিবলৈ যোগাৰ কৰা সুবিধাসমূহ পৰিদৰ্শন কৰাৰ লগতে কৰ’ণা বিৰোধী যুঁজত নিয়োজিত থকা বিভিন্ন কৰ্মচাৰী আৰু বিষয়াসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Covid surge: Tripura CM hits road to inspect curfew, cabinet approves early recruitment of 164 doctors, CM
১৬৪ জন চিকিৎসকৰ নিযুক্তিৰ অনুমোদন জনাইছে মন্ত্ৰী পৰিষদে: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী
author img

By

Published : May 9, 2021, 4:59 PM IST

আগৰতলা, 9 মে’: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেবে শনিবাৰে নিশা তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা ওলাই আহি আগৰতলা চহৰত নৈশ সান্ধ্য আইন সঠিক ভাৱে পালন হৈছে নে নাই তাৰ পৰ্যবেক্ষণ কৰে ৷ নিশা চহৰ পৰ্যবেক্ষণ কৰাৰ সময়ত ক’ভিড পৰিস্থিতিৰে যুঁজিবলৈ যোগাৰ কৰা সুবিধাসমূহ পৰিদৰ্শন কৰাৰ লগতে কৰ’ণা বিৰোধী যুঁজত নিয়োজিত থকা বিভিন্ন কৰ্মচাৰী আৰু বিষয়াসকলৰ সৈতে মত বিনিময় কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ এই যাত্ৰাত সংগ দিয়ে কেইবাগৰাকীও স্বাস্থ্য বিষয়াই ৷

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিপ্লব কুমাৰ দেবে কয় যে, জিলা আৰু উপ-বিভাগ পৰ্যায়লৈকে ক’ভিড চিকিৎসা প্ৰণালীৰ বিকেন্দ্ৰীকৰণ এতিয়া বিদ্যমান হৈছে । এই সমূহ প্ৰণালীয়ে জিলা সমূহৰ ভিতৰত ক’ভিড 19ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ সুবিধা নিশ্চিত কৰিব ৷ ক’ভিড 19ৰ প্ৰথম ঢৌত চহৰখনত ৰাজ্যৰ আন প্ৰান্তৰ পৰা মানুহৰ ভিৰ আছিল । কিন্তু এইবাৰ জনসাধাৰণে তেওঁলোকৰ নিজৰ জিলাত কৰ’ণাৰ চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ যিয়ে ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নতিৰ ইংগিত দিছে ৷

Covid surge: Tripura CM hits road to inspect curfew, cabinet approves early recruitment of 164 doctors, CM
১৬৪ জন চিকিৎসকৰ নিযুক্তিৰ অনুমোদন জনাইছে মন্ত্ৰী পৰিষদে: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ভেণ্টিলেটৰৰ সৈতে ক’ভিডৰ চিকিৎসা সুবিধা এতিয়া প্ৰতিখন জিলা আৰু উপ-বিভাগত উপলব্ধ হৈছে । তদুপৰি চিকিৎসকৰ অভাৱৰ কথা উল্লেখ কৰি বিপ্লব দেবে কয় যে, ৰাজ্য চৰকাৰে ইতিমধ্যে ত্ৰিপুৰা লোকসেৱা আয়োগৰ জৰিয়তে নিয়মীয়া দৰমহা স্কেলত ১৬৪ জন চিকিৎসক নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে আৰু এই সন্দৰ্ভত ইতিমধ্যে জাননী জাৰি কৰা হৈছে । শুকুৰবাৰে নিশা এক জৰুৰী বৈঠকত মন্ত্ৰী পৰিষদে ১৬৪ জন চিকিৎসকৰ নিযুক্তিৰ অনুমোদন জনাইছে ।

আনহাতে উনাকোটি জিলাৰ জিলা চিকিৎসালয় আৰু আৰজিএম চিকিৎসালয় পৰিদৰ্শন কৰাৰ পিছত, দেৱে স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ অধিক উন্নতিৰ বাবে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনাও প্ৰদান কৰে ।

লগতে পঢ়ক: ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.