ETV Bharat / bharat

ভাৰতত কৰোণাত আক্ৰান্তৰ সংখ্য়া হ্ৰাস পাইছে - Covid four crore mark on January

ভাৰতত নতুনকৈ কৰোনা ভাইৰাছত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্য়া ৪০,৯৭৯ লৈ হ্ৰাস পাইছে । এই তথ্য় সদৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Union Health Ministry)। তথ্য অনুসৰি মৃত্যুৰ সংখ্যা ৫,২৮,৫৮৪ লৈ বৃদ্ধি পাইছে ।

Covid infection in India
ভাৰতত কৰোণাত আক্ৰান্তৰ সংখ্য়া হ্ৰাস পাইছে
author img

By

Published : Sep 28, 2022, 12:04 PM IST

নেশ্য়নেল ডেস্ক ,২৮ ছেপ্টেম্বৰ: ভাৰতত নতুনকৈ ৩,৬১৫ গৰাকী কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে (new coronavirus infections in India)। ফলত ক'ভিড-১৯ ৰোগীৰ সংখ্যা ৪,৪৫,৭৯,০৮৮ লৈ বৃদ্ধি পালে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Union Health Ministry)বুধবাৰে এই তথ্য সদৰি কৰিছে । আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে উল্লেখ কৰা আন এক তথ্য় মতে, সক্ৰিয় ৰোগীৰ সংখ্য়া ৪০,৯৭৯ লৈ হ্ৰাস পাইছে । আজি পুৱা ৮ বজাত উন্নিত কৰা তথ্য অনুসৰি মৃত্যুৰ সংখ্যা ৫,২৮,৫৮৪ লৈ বৃদ্ধি পাইছে । তদুপৰি ২২ গৰাকীৰ নতুনকৈ মৃত্যু হৈছে ।

আনহাতে, সক্ৰিয় সংক্ৰমণৰ সংখ্য়া হৈছে 0.0৯ শতাংশ (Covid infection in India) । ৰাষ্ট্ৰীয় ক'ভিড-১৯ ৰ পৰা উপশমৰ হাৰ ৯৮.৭২ শতাংশলৈ বৃদ্ধি হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে উল্লেখ কৰিছে । ইপিনে, যোৱা ২৪ ঘণ্টাত সক্ৰিয় ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্য়া ১,৩৭৮ হ্ৰাস পাইছে ।

ভাৰতৰ ক'ভিড-১৯ সংখ্যাই ২০২০ ৰ ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল । এই সংখ্য়া ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰে আৰু ১৯ ডিচেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰে । দেশখনে ৪ মে'ত দুই কোটি আৰু যোৱা বছৰৰ ২৩ জুনত তিনি কোটিৰ ভয়ংকৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছিল । এই বছৰৰ ২৫ জানুৱাৰীত ই চাৰি কোটিৰ সীমা অতিক্ৰম কৰিছে (Covid four crore mark on January)।

ইপিনে,যোৱা ১৩ মে'লৈ ভাৰতত COVID-19 ত আক্ৰান্তৰ সংখ্যা ৭৪,২৮১ গৰাকীলৈ বৃদ্ধি পায় । ক্ৰমাগতভাৱে এই সংখ্যা বৃদ্ধি হ'বলৈ ধৰিছে ভাৰতত ৷ নতুন নতুন অঞ্চললৈ সংক্ৰমিত হৈছে কৰ'ণা ভাইৰাছ ৷ যাৰ ফলত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে উৰ্ধমুখী হোৱা পৰিলক্ষিত হৈছে ৷ ভাৰতৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ ৷ তদুপৰি গুজৰাট, তামিলনাডু, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যতো আক্ৰান্তৰ হাৰ অধিক হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:তেলৰ মূল্যবৃদ্ধিয়ে ভাৰতক মাধমাৰ শোধাইছে : জয়শংকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.