ETV Bharat / bharat

ক’ভিড 19: ভাৰতত এতিয়ালৈ গ্ৰহণ কৰা প্ৰতিষেধক - জনচন এণ্ড জনচন

ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনৰ উপৰিও তৃতীয়টো প্ৰতিষেধক হিচাপে স্পুটনিক ভি-ক জৰুৰীকালীন সময়ত ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি দিলে ভাৰতৰ ড্ৰাগছ কণ্ট্ৰ’ল জেনেৰেলে । মঙলবাৰে চৰকাৰে জৰুৰীকালীনভাৱে অন্যান্য প্ৰতিষেধকৰ বাবেও অনুমোদন জনাইছে ।

COVID-19 vaccines in India: in a nutshell
তৃতীয়টো কোভিড ভেকছিন ‘স্পুটনিক-ভি’ৰ জৰুৰী কালীন ব্যৱহাৰৰ অনুমতি ভাৰতৰ
author img

By

Published : Apr 14, 2021, 10:00 PM IST

নেছনেল ডেক্স,14 এপ্ৰিল : ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনৰ উপৰিও তৃতীয়টো প্ৰতিষেধক হিচাপে স্পুটনিক ভি-ক জৰুৰীকালীন সময়ত ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি দিলে ভাৰতৰ ড্ৰাগছ কণ্ট্ৰ’ল জেনেৰেলে । মঙলবাৰে চৰকাৰে জৰুৰীকালীনভাৱে অন্যান্য প্ৰতিষেধকৰ বাবেও অনুমোদন জনাইছে । এতিয়ালৈকে মুকলি হোৱা ক’ভিড প্ৰতিষেধকবোৰ হৈছে-

ক’ভাক্সিন

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ভাইৰ’লজী প্ৰতিষ্ঠানৰ সহযোগত ভাৰত বায়’টেকৰ দ্বাৰা নিৰ্মাণ কৰা এই প্ৰতিষেধক বিধে এক নিষ্ক্ৰিয় ভাইৰাছৰ ব্যৱহাৰ কৰে । ইয়াক ৰাসায়নিকভাৱে কৰ’ণা ভাইৰাছৰ নমুনাৰ চিকিৎসা কৰি বিকশিত কৰা হয় ৷ যাতে সেইবোৰে প্ৰজনন কৰিবলৈ সক্ষম নহয় । এইবিধ প্ৰতিষেধকৰ দুটাকৈ পালি চাৰি সপ্তাহৰ ব্যৱধানত দিয়া হ'লে, থেৰাপিউটিক 2-8 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত সংৰক্ষণ কৰিব পাৰি । ইয়াৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰাথমিক তথ্যই দেখুৱাইছে যে প্ৰতিষেধকৰ কাৰ্যকাৰিতাৰ হাৰ ৮১ শতাংশ ।

কভিশ্বিল্ড

অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু ব্ৰিটিছ চুইডিছ কোম্পানী এষ্ট্ৰজেনেকাৰ দ্বাৰা সহনিৰ্মিত আৰু ভাৰতত ক’ভিশ্বিল্ড নামেৰে জনাজাত এই প্ৰতিষেধকে এটা ভাইৰেল ভেক্টৰ ব্যৱহাৰ কৰে ৷ যি হৈছে এডেনো ভাইৰাছৰ এক অভিযান্ত্ৰিক সংস্কৰণ ৷ চিম্পাঞ্জীৰ শৰীৰত কৰ’ণা ভাইৰাছ সংক্ৰমিত কৰি স্পাইক প্ৰ'টিনৰ বাবে দায়বদ্ধ জিনটো কঢ়িয়াই নিব পাৰে । আকাংক্ষিত ফলাফল লাভ কৰিবলৈ চাৰি সপ্তাহৰ ব্যৱধানত এই প্ৰতিষেধকৰ দুটাকৈ পালিৰ প্ৰয়োজন । প্ৰথম পালিৰ পিছত প্ৰতিষেধকৰ কাৰ্যকাৰিতা ৭০ শতাংশ ৷ প্ৰতিষেধকটোৰ বিশ্বব্যাপী হোৱা পৰীক্ষাই দেখুৱাইছিল যে, যেতিয়া ব্যৱহাৰকাৰী লোকসকলক প্ৰথমে ইয়াৰে আধা পালিকৈ দিয়া হৈছিল আৰু তাৰ পিছত সম্পূৰ্ণ পালি দিয়া হৈছিল প্ৰতিষেধকবিধে 90 শতাংশ কাৰ্যকৰী ৰূপত কাম কৰিছিল ৷ 2-8 ডিগ্ৰী চেলচিয়াছত এই প্ৰতিষেধকবিধক সুৰক্ষিতভাৱে সংৰক্ষণ কৰিব পাৰি ।

স্পুট’নিক ভি

ৰাছিয়াৰ গামালিয়া গৱেষণা প্ৰতিষ্ঠানৰ স্পুট’নিক ভি হৈছে ভাৰতত জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদিত শেহতীয়া প্ৰতিষেধক । স্পুট’নিক ভিত এক প্ৰকাৰৰ শীতল ভাইৰাছ ভেক্টৰ ব্যৱহাৰ কৰা হয় । ইয়াক প্ৰস্তুত কৰা হয় শৰীৰলৈ কৰ’ণা ভাইৰাছৰ এটা সৰু টুকুৰা বাহক হিচাপে প্ৰেৰণ কৰাৰ বাবে । শৰীৰক ভাইৰাছৰ জেনেটিক ক’ডৰ এটা অংশৰ সৈতে সুৰক্ষিতভাৱে সংযোগ কৰিলে ই ভাইৰাছটোক শৰীৰৰ সৈতে চিনাকি কৰাব পাৰে আৰু অসুস্থ হোৱাৰ আশংকা অবিহনে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ শিকিব পাৰে । স্পুট’নিক ভি-ৰ 92 শতাংশ কাৰ্যকৰিতা থকা দেখা গৈছে । ইয়াক দুটা পালিত দিয়া হয়, তিনি সপ্তাহৰ ব্যৱধানত । ইয়াক 2-8 ডিগ্ৰী চেলচিয়াছৰ উষ্ণতাত সংৰক্ষণ কৰিব পাৰি ।

অনাগত সময়ত আহিবলগীয়া ভাইৰাছসমূহ

মডাৰ্ণা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী মডাৰ্ণাৰ এমআৰএনএ ভেকছিনটোৰ ইতিমধ্যে 94.1 শতাংশ কাৰ্যকৰিতা থকা দেখা গৈছে । এই প্ৰকাৰৰ ভেকছিনত মেচেঞ্জাৰ আৰএনএ বা এমআৰএনএ কৰ’ণা ভাইৰাছ স্পাইক প্ৰ'টিন উৎপাদনৰ বাবে এক ব্লুপ্ৰিণ্ট হিচাপে কাম কৰে ।

ভেকছিন ব্যৱহাৰকাৰীৰ কোষবোৰে সংক্ৰামক কৰ’ণা ভাইৰাছৰ সৈতে ভৱিষ্যতে মুখামুখি হোৱাৰ বাবে ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰশিক্ষণ দিবলৈ ভাইৰেল প্ৰ'টিন প্ৰস্তুত কৰিবলৈ এই এমআৰএনএ শাখা ব্যৱহাৰ কৰে । 28 দিনৰ ব্যৱধানত দুটা পালি প্ৰদান কৰা, মডাৰ্ণা ভেকছিনটো 30 দিনলৈকে 2-8 ডিগ্ৰী চেলচিয়াছত ৰেফ্ৰিজাৰেটৰত সংৰক্ষণ কৰিব পাৰি । -20 ডিগ্ৰী চেলচিয়াছত ইয়াক ছয় মাহলৈকে সংৰক্ষণ কৰিব পাৰি ।

ফাইজাৰ-বিয়নটেক

আমেৰিকাৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিৰোধক ভেকছিন ফাইজাৰ-বিয়নটেক কৰ’ণা ভাইৰাছৰ জিনীয় সামগ্ৰীৰ অংশৰ ওপৰত আধাৰিত । এইবিধ ভেকছিনৰ মেডিকেল পৰীক্ষাৰ প্ৰাথমিক তথ্যই দেখুৱাইছে যে, তিনি সপ্তাহৰ ব্যৱধানত দিয়া ভেকছিনৰ দুটা পালিয়ে ৯৪ শতাংশ ফলাফল প্ৰদান কৰে । ফাইজাৰ ভেকছিনৰ এটা সীমাবদ্ধতা হৈছে যে, ইয়াক সঞ্চয় কৰিবলৈ অতি শীতল পৰিৱেশ যেনে -70 ডিগ্ৰী চেলচিয়াছৰ প্ৰয়োজন হয় ।

জনচন এণ্ড জনচন

আমেৰিকান কোম্পানীৰ দ্বাৰা এডেন’ভাইৰাছ ভেক্টৰযুক্ত ভেকছিনটো ৰোগীক মাত্ৰ এপালি প্ৰদান কৰা হয় । কোম্পানীটোৱে উল্লেখ কৰিছিল যে থেৰাপিউটিকটো 2-8 ডিগ্ৰী চেলচিয়াছত ফ্ৰিজত ৰাখিলে তিনি মাহলৈকে ইয়াক সংৰক্ষণ কৰিব পাৰি ৷ -20 ডিগ্ৰী চেলচিয়াছত ৰাখিলে দুবছৰলৈকে ইয়াক সংৰক্ষণ কৰিব পাৰি । ইতিমধ্যে হোৱা পৰীক্ষা সমূহত জে এণ্ড জে ভেকছিনৰ সামগ্ৰিক কাৰ্যকৰিতা বিশ্বব্যাপী 66 শতাংশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত 72 শতাংশ পোৱা গৈছিল ৷

লগতে পঢ়ক : কৰ’ণাতংকৰ মাজতে লক্ষাধিক টকাৰ বাজেটেৰে সাজু বিহুতলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.