নেশ্যনেল ডেস্ক,12 জানুৱাৰী : সমগ্ৰ দেশেই ক’ভিড 19ৰ ভেকচিন প্ৰদানৰ বাবে আৰম্ভ কৰিছে প্ৰস্তুতি ৷ অন্যান্য ৰাজ্যসমূহৰ সমান্তৰালকৈ সাজু হৈছে মিজোৰাম ৷ আগন্তুক 16 জানুৱাৰীত দেশজুৰি আৰম্ভ হ’ব ক’ভিড 19ৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া ৷ চেৰাম ইনষ্টিটিউট অব ইণ্ডিয়াৰ দ্বাৰা প্ৰস্তুত কৰা ক’ভিচিল্ড ভেকচিন ইতিমধ্যে কেইবাখনো ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে ৷ মিজোৰামৰ প্ৰায় 14,000 লোকে টীকাকৰণ আঁচনিৰ অধীনত ভেকচিনেশ্যনৰ বাবে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে ৷ 18,500 ভেকচনিক 10 শতাংশ বৰ্জন সামগ্ৰী সহ ৰখা হৈছে ৷
ইতিমধ্যে ৰাজ্যখনত 4 টাকৈ ভেকচিন কেন্দ্ৰ নিৰ্বাচন হৈছে ৷ ইয়াৰে 3 টা আইজলত আৰু এটা লুংলেইত ৷ আইজল অসামৰিক চিকিৎসালয়, কুলিকাও উপ-জিলা চিকিৎসালয়, আৰ্বান পি এইছ চি, আই টি আই, আইজল লেহ অসামৰিক চিকিৎসালয়ত প্ৰদান কৰা হ’ব ক’ভিড 19ৰ ভেকচিন ৷ আনহাতে, ভেকচিনসমূহ অসামৰিক চিকিৎসালয়ত সংৰক্ষণ কৰি ৰখা হ’ব ৷