ETV Bharat / bharat

ভাৰতত কেতিয়া হ‘ব ক'ভিডৰ তৃতীয়টো সংক্ৰমণ: IIT কানপুৰৰ নতুন তথ্য

author img

By

Published : Jun 21, 2021, 4:30 PM IST

আইআইটি কানপুৰে দাখিল কৰা প্ৰতিবেদন অনুসৰি, উত্তৰ-পূৰ্বাঞ্চল (North-East)ৰ মিজোৰাম, মণিপুৰ, ছিকিমৰ বাহিৰে প্ৰায় প্ৰতিখন ৰাজ্যতে ক’ভিড (COVID-19)ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে । অধিকাংশ ৰাজ্যৰ আক্ৰান্তৰ হাৰ 5 শতাংশতকৈ কম ৷ কিন্তু কেৰালা, গোৱা, ছিকিম আৰু মেঘালয়ত এতিয়াও আক্ৰান্তৰ হাৰ 10 শতাংশতকৈ অধিক ।

COVID-19's third wave peak expected around September-October: IIT Kanpur study
ভাৰতত কেতিয়া হ‘ব ক'ভিডৰ তৃতীয়টো সংক্ৰমণ: IIT কাণপুৰৰ নতুন তথ্য

নেশ্যনেল ডেস্ক, 21 জুন : দেশত ক’ভিড (COVID-19)ৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পালেও এতিয়াও ক’ভিড (COVID-19)ত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱা নাই ৷ এনে সময়তে আইআইটি কানপুৰ (IIT Kanpur) ৰ এক অধ্যয়নত পোহৰলৈ আহিছে আন এক নেতিবাচক খবৰ ৷ আইআইটি কানপুৰৰ অধ্যয়নত চলিত বৰ্ষৰ ছেপ্তেম্বৰ-অক্টোবৰ মাহত দেশত পুনৰ ক’ভিড (COVID-19)ৰ তৃতীয়টো ঢৌ অহাৰ ধাৰণা কৰা হৈছে ৷

আইআইটি কানপুৰ (IIT Kanpur)ৰ অধ্যাপক ৰাজেশ ৰঞ্জন আৰু মহেন্দ্ৰ বাৰ্মা (Prof. Rajesh Ranjan and Mahendra Verma) ৰ নেতৃত্বত এটা দলে কৰা অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য ৷ আইআইটি কানপুৰে দাখিল কৰা প্ৰতিবেদন অনুসৰি, উত্তৰ-পূৰ্বাঞ্চল (North-East) ৰ মিজোৰাম, মণিপুৰ, ছিকিমৰ বাহিৰে প্ৰায় প্ৰতিখন ৰাজ্যতে ক’ভিড (COVID-19)ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে । অধ্যয়নটোত উল্লেখ কৰা হৈছে যে অধিকাংশ ৰাজ্যৰ আক্ৰান্তৰ হাৰ 5 শতাংশতকৈ কম কিন্তু কেৰালা, গোৱা, ছিকিম আৰু মেঘালয়ত এতিয়াও আক্ৰান্তৰ হাৰ 10 শতাংশতকৈ অধিক ।

লগতে পঢ়ক : ডুবাইয়ে ভাৰতকে ধৰি কিছুমান দেশৰ পৰা ভ্ৰমণৰ সীমাবদ্ধতা হ্ৰাস কৰিছে

অধ্যয়ন অনুসৰি, ভাৰতৰ দৈনিক গড় আক্ৰান্তৰ হাৰ যথেষ্ট হ্ৰাস পাইছে । ভাৰতৰ দৈনিক মৃত্যু হোৱা লোকৰ হাৰ (Case Fatality Rate) শেহতীয়াকৈ 3.5 শতাংশলৈ বৃদ্ধি হৈছে ৷ কিন্তু ক’ভিড (COVID-19)ৰ দ্বিতীয় ঢৌত মৃত্যু হোৱা লোকৰ হাৰ এতিয়াও প্ৰথম ঢৌৰ সৈতে সমান ।

আইআইটি কানপুৰ (IIT Kanpur) ৰ দলটোৱে প্ৰকাশ কৰা অনুসৰি বৰ্তমান দেশত টীকাকৰণৰ হাৰ যি হাৰত হ’ব লাগিছিল সেই হাৰত হোৱা নাই । দলটোৱে টীকাকৰণৰ লগতে সংশোধিত মডেল আৰু বৰ্তমান আক্ৰান্তৰ হাৰৰ ওপৰত অধ্যয়ন অব্যাহত ৰাখিছে ৷ চলিত সপ্তাহৰ শেষৰ ফালে ক’ভিডৰ তৃতীয়টো ঢৌৰ ওপৰত আইআইটি কানপুৰ (IIT Kanpur)ৰ আন এটা অধ্যয়ন আহিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, অধ্যাপক ৰাজেশ ৰঞ্জন আৰু মহেন্দ্ৰ বাৰ্মাই আইআইটি কানপুৰত এটা দলৰ সৈতে covid19-forecast.org ত ভাৰতত দৈনিক ক’ভিড-19 প্ৰতিবেদন দাখিল কৰে । আনহাতে ক’ভিডৰ তৃতীয়টো ঢৌক লৈ এতিয়া বিশেষজ্ঞ আৰু জনসাধাৰণৰ মাজত এক উদ্বেগপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন হৈ পৰিছে ৷

লগতে পঢ়ক : দিল্লী আনলক: সোমবাৰৰ পৰা খোলা থাকিব পাৰ্ক আৰু বাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.