ETV Bharat / bharat

মহাৰাষ্ট্ৰত হঠাৎ অক্সিজেনৰ মূল্যবৃদ্ধি

মহাৰাষ্ট্ৰত পূৰ্বে এটা অক্সিজেন চিলিণ্ডাৰৰ মূল্য ১১৯ টকা আছিল । বৰ্তমান সেই চিলিণ্ডাৰৰ মূল্য ৩৫০-৪০০ টকালৈ বৃদ্ধি কৰা হৈছে । ক'ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ ফলত প্ৰতিদিনে চোলাপুৰত ৪০০০০-৫০০০০ টা চিলিণ্ডাৰৰ প্ৰয়োজন হৈছে ।

মহাৰাষ্ট্ৰত অক্সিজেনৰ হঠাৎ মূল্যবৃদ্ধি
মহাৰাষ্ট্ৰত অক্সিজেনৰ হঠাৎ মূল্যবৃদ্ধি
author img

By

Published : Apr 17, 2021, 10:54 AM IST

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল : দেশত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা ৷ দেশৰ ভিতৰত বিশেষকৈ মহাৰাষ্ট্ৰত ক'ৰণাৰ নতুন ঢৌৰ প্ৰকোপ সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে ক'ৰণা নতুন ঢৌৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগে লগে অক্সিজেন চিলিণ্ডাৰৰো ব্যাপক নাটনি হোৱা পৰিলক্ষিত হৈছে । ফলত ৰাজ্যখনত অক্সিজেন চিলিণ্ডাৰৰ হঠাৎ মূল্যবৃদ্ধি হৈছে । ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চোলাপুৰতো বিগত কেই সপ্তাহত ক'ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে সমগ্ৰ ৰাজ্যখনতে অক্সিজেনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে । পূৰ্বে এটা অক্সিজেন চিলিণ্ডাৰৰ মূল্য ১১৯ টকা আছিল । বৰ্তমান সেই চিলিণ্ডাৰৰ মূল্য ৩৫০-৪০০ টকালৈ বৃদ্ধি কৰা হৈছে । ক'ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ ফলত প্ৰতিদিনে চোলাপুৰত ৪০০০০-৫০০০০ চিলিণ্ডাৰৰ প্ৰয়োজন হৈছে ।

এই গভীৰ সমস্যা সমাধানৰ বাবে শিৱসেনাৰ কৰ্পোৰেটৰ অজয় বৰাষ্টে বালগণেশ ফাউণ্ডেচনৰ সৈতে 'অক্সিজেন বেংক' মুকলি কৰে । এই প্ৰচেষ্টাৰ দ্বাৰা ঘৰতে থাকি ৰোগীসকলে অক্সিজেন কনচেণ্ট্ৰেটৰ লাভ কৰিব পাৰে । এই প্ৰচেষ্টাই ৰোগীসকলক যথেষ্টভাৱে সহায় কৰিছে বুলি জানিব পৰা গৈছে । তেওঁলোকৰ এই প্ৰচেষ্টাক পৌৰ আয়ুক্ত কৈলাশ যাদৱে ভূয়সী প্ৰশংসা কৰে ।

লগতে পঢ়ক: পশ্চিম বংগৰ 45 টা সমষ্টিত আজি পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.