ETV Bharat / bharat

অহা ১৫ ফেব্ৰুৱাৰীলৈকে গুজৰাটৰ ৪ খন চহৰত নৈশ সান্ধ্য আইন জাৰি

COVID-১৯ৰ সংক্ৰমণৰ বৃদ্ধি হৈ থকা বাবে গুজৰাটৰ ৪ খন চহৰত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে । অহা ১৫ ফেব্ৰুৱাৰীলৈকে গুজৰাটৰ আহমেদাবাদ, চুৰাট, বডোডৰা আৰু ৰাজকোটত বাহাল থাকিব নৈশ সান্ধ্য আইন । নিশা ১১ বজাৰ পৰা পুৱা ৬ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন ।

author img

By

Published : Jan 30, 2021, 8:28 PM IST

অহা ১৫ ফেব্ৰুৱাৰীলৈকে গুজৰাটৰ ৪ খন চহৰত নৈশ সান্ধ্য আইন জাৰি
অহা ১৫ ফেব্ৰুৱাৰীলৈকে গুজৰাটৰ ৪ খন চহৰত নৈশ সান্ধ্য আইন জাৰি

নেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী: গুজৰাট চৰকাৰে শনিবাৰে গুজৰাটৰ ৪ খন চহৰত অহা ১৫ ফেব্ৰুৱাৰীলৈকে নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰিলে । এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে, COVID-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে গুজৰাটৰ আহমেদাবাদ, চুৰাট, বডোডৰা আৰু ৰাজকোটত নৈশ সান্ধ্য আইন বাহাল ৰখাৰ নিৰ্দেশ দিয়া হৈছে । অৱশ্যে নৈশ সান্ধ্য আইনৰ সময় ১ ঘণ্টা হ্ৰাস কৰা হৈছে । পূৰ্বে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছিল ।

নতুন নিৰ্দেশনা অনুসৰি, নিশা ১১ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বলৱৎ কৰা হৈছে । বিগত বৰ্ষৰ নৱেম্বৰ মাহত দীপাৱলীৰ সময়ত চাৰিওখন চহৰতে মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পিছতে চৰকাৰে নৈশ সান্ধ্য আইন জাৰি কৰিছিল । পিছত আন এক নিৰ্দেশনা জাৰি কৰি কোৱা হৈছিল যে, ৩১ জানুৱাৰীলৈকে এই নৈশ সান্ধ্য আইন বাহাল থাকিব । অতিৰিক্ত মুখ্য গৃহ সচিব পংকজ কুমাৰে কয় যে, যোৱা ২৭ জানুৱাৰীত কেন্দ্ৰীয় গৃগ মন্ত্ৰালয়ে জাৰি কৰা COVID-১৯ৰ নতুন নিৰ্দেশনাৱলী মতে অহা ২৮ ফেব্ৰুৱাৰীলৈকে ৰাজ্যখনত কঠোৰভাৱে স্বাস্থ্যবিধি মানি চলা হ'ব ।

তেওঁ লগতে কয় যে, ৰাজ্যখনত আৰোগ্যৰ হাৰ ৯৬.৯৪ শতাংশলৈ উন্নীত হৈছে । তেওঁ কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা জাৰি কৰা এছঅপি অনুসৰি কইণ্টেইনমেণ্ট জ'নৰ বাহিৰৰ সকলো কাৰ্যকলাপ অব্যাহত থাকিব । স্বাস্থ্যবিধি মানি চলিহে বিবাহৰ অনুষ্ঠান, ৰেষ্টোৰেণ্ট, ছবিগৃহ, ছুইমিং পুল আদিত মানুহৰ সমাগম হোৱাৰ অনুমতি দিয়া হৈছে । শুক্ৰবাৰলৈকে গুজৰাটত মুঠ ২,৬০,৯০১ লোক মহামাৰীত আক্ৰান্ত হৈছে আৰু ৪,৩৮৫ জনৰ মৃত্যু হৈছে । এতিয়াও COVID-১৯ত আক্ৰান্ত ৩,৫৮৯টা ঘটনা সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক:ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ জইছ-উল-হিন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.