ETV Bharat / bharat

তেলেংগানাত নৈশ সান্ধ্য আইন জাৰি - তেলেংগানা

দেশৰ বিভিন্ন ৰাজ্যৰ সমান্তৰালকৈ তেলেংগানাতো বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে চৰকাৰে । মঙলবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হ'ব নৈশ সান্ধ্য আইন ।

তেলেংগানাত নৈশ সান্ধ্য আইন জাৰি
তেলেংগানাত নৈশ সান্ধ্য আইন জাৰি
author img

By

Published : Apr 20, 2021, 4:38 PM IST

নেশ্যনেল ডেস্ক, ২০ এপ্ৰিল: ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে নৈশ সান্ধ্য আইন জাৰি কৰিলে তেলেংগানা চৰকাৰে । মঙলবাৰে নিশাৰ পৰা বলৱৎ হ'ব নৈশ সান্ধ্য আইন । নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে ৷ ৩০ এপ্ৰিললৈকে এই নৈশ সান্ধ্য আইন বাহাল থাকিব ।

নিশা ৮ বজাৰ ভিতৰত সকলো দোকান, কাৰ্যালয় আৰু হোটেল বন্ধ কৰা হ’ব । অৱশ্যে, ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ কাৰ্যালয়, পেট্ৰ'ল পাম্প আদিৰ উপৰিও চিকিৎসালয়, পৰীক্ষাগাৰ, ফাৰ্মাচী আদি অত্যাৱশ্যকীয় সেৱা সান্ধ্য আইন কাৰ্যকৰী হোৱাৰ সময়তো পূৰ্বৰ দৰেই অব্যাহত থাকিব । কেৰালা, বিহাৰ, তামিলনাডু আৰু কৰ্ণাটককে ধৰি আন বহুতো ৰাজ্যত বৰ্ধিত সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন জাৰি কৰিছে ।

অন্যান্য জনবহুল স্থানৰ লগতে সুৰাৰ দোকান, ৰেষ্টুৰেণ্ট, বিবাহ ভৱন আৰু ছবিগৃহত জন সমাৱেশ হ্ৰাস কৰিবলৈ ৪৮ ঘণ্টাৰ ভিতৰত ক'ভিড-১৯ নিৰ্দেশনা জাৰি কৰিবলৈ তেলেংগানা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হয় । মুখ্য ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ বি বিজয়সেন ৰেড্ডীৰ বিচাৰপীঠে ক'ভিড-১৯ ৰ সন্দৰ্ভত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি মহামাৰী সংক্ৰমণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ অংশ হিচাপে সপ্তাহৰ অন্তত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাতো বিচাৰিছিল ।

তেলেংগানাত নৈশ সান্ধ্য আইন জাৰি
তেলেংগানাত নৈশ সান্ধ্য আইন জাৰি

বিচাৰপীঠে আশা কৰিছিল যে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা থকা স্বত্বেও ৰাজ্য চৰকাৰে স্বতন্ত্ৰ সিদ্ধান্ত গ্ৰহণ কৰিব । চৰকাৰক সপ্তাহৰ অন্তত য'তেই ভীৰ সীমিত কৰাৰ প্ৰয়োজন, তাতেই সান্ধ্য আইন অথবা লক ডাউন ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়ে আদালতে ৷ উল্লেখ্য যে, তেলেংগানাত নতুনকৈ ৫,৯২৬ জন আক্ৰান্ত হৈছে মহামাৰীত আৰু ১৮ জনৰ মৃত্যু হৈছে ।

যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ ৩৩ খন জিলাৰ ভিতৰত ২৫ খনতে ১০০ ৰো অধিক নতুন আক্ৰান্তৰ তথ্য পঞ্জীয়ন কৰা হৈছে । ৪ খন জিলাত ৪০০ ৰো অধিক লোক নতুনকৈ আক্ৰান্ত হৈছে । নতুন ঘটনাসহ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৩,৬১,৩৫৯ জনলৈ বৃদ্ধি হৈছে । আনহাতে, এতিয়ালৈকে ১,৮৫৬ জনে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে । সেয়ে ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে ।

লগতে পঢ়ক: মৃতদেহ কঢ়িওৱা বাহনৰ সৈতে ফটো উঠি সমালোচিত বিজেপি নেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.