ETV Bharat / bharat

জন্মু-কাশ্মীৰৰ ১১ জিলাত লক ডাউন - পাঁচ দিনৰ বাবে লক ডাউন জাৰি

জন্মু-কাশ্মীৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ ১১ খন জিলাত পৰৱৰ্তী ৮৪ ঘণ্টাৰ বাবে জাৰি কৰা হ'ব লক ডাউন ।

জন্মু-কাশ্মীৰৰ ১১ জিলাত পৰৱৰ্তী ৮৪ ঘন্টাৰ বাবে লক ডাউন

author img

By

Published : Apr 29, 2021, 11:27 AM IST

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে জন্মু-কাশ্মীৰতো মহামাৰী কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ৰাজ্যখনত প্ৰতিদিনে কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ ১১ খন জিলাত পৰৱৰ্তী ৮৪ ঘণ্টাৰ বাবে লক ডাউন জাৰি কৰা হ'ব বুলি এগৰাকী জ্যেষ্ঠ্য বিষয়াই জনায় ।

বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাৰ পৰা সোমবাৰে পুৱা ৭ বজালৈকে সান্ধ্য আইন কাৰ্যকৰী হ'ব বুলি দুৰ্যোগ ব্যৱস্থাপনা সাহায্য, পুনঃসংস্থাপন আৰু পুনৰ্নিৰ্মাণ বিভাগৰ সচিব চিমৰণদীপ সিঙে বুধবাৰে সদৰী কৰে । শ্ৰীনগৰ, অনন্তনাগ, বাৰামুলা, বুদগাম, কুলগাম, পুলৱামা, গান্দেৰবাল, জম্মু, কাঠুৱা, ৰিয়াচি, উধামপুৰকে ধৰি ১১ খন জিলাত বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাৰ পৰা সোমবাৰে পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি কৰা হ'ব বুলি কয় সিঙে ।

জন্মু-কাশ্মীৰৰ ১১ জিলাত পৰৱৰ্তী ৮৪ ঘন্টাৰ বাবে লক ডাউন
জন্মু-কাশ্মীৰৰ ১১ জিলাত লক ডাউন

ইয়াৰ পূৰ্বে, কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰশাসনে শনিবাৰে নিশা ৮ বজাৰ পৰা ৩৪ ঘণ্টাৰ সান্ধ্য আইন ঘোষণা কৰিছিল । যোৱা ৮ এপ্ৰিলত ৮ খন জিলাৰ নগৰাঞ্চলত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছিল । পৰৱৰ্তী সময়ত ২০ এপ্ৰিলত ২০ খন জিলাৰ পৌৰ নিগম আৰু চহৰ, নগৰ সকলোতে জাৰি কৰা হৈছিল ।

কেন্দ্ৰীয় শাসিত অঞ্চলটোত মঙলবাৰৰ দিনটোত ৩,১৬৪ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছিল । ফলত মুঠ আক্ৰান্তৰ সংখ্যা ১,৬৬,০৫৪ জনলৈ বৃদ্ধি পায় । যোৱা ২৪ ঘণ্টাত ২৫ জন লোকে প্ৰাণ হেৰুৱায় । ফলত ২,১৯৭ জনলৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ।

লগতে পঢ়ক: চিমলাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.