নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল: দেশত কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । মহামাৰীৰ দ্বিতীয় ঢৌৱে ইতিমধ্যে সৰ্বস্বান্ত কৰি তুলিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৩,৫২,৯৯১ গৰাকী লোক । লগতে দেশত একেদিনাই মৃত্যু হৈছে ২,৮১২ গৰাকী লোকৰ । আনহাতে, মন্ত্ৰালয়ৰ মতে, বিগত ২৪ ঘণ্টাত ২,১৯,২৭২ গৰাকী ৰোগী হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছে ।
- " class="align-text-top noRightClick twitterSection" data="">
সম্প্ৰতি দেশত কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে ১৭,৩১৩,১৬৩ আৰু বৰ্তমানলৈ দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ১৯৫,১২৩ গৰাকীয়ে ।
লগতে পঢ়ক: পশ্চিমবংগৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচন: আৰম্ভ হৈছে ভোটগ্ৰহণ