নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : ক’ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত শুকুৰবাৰে ভাৰতে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ শুকুৰবাৰে নিশা 11.55 বজালৈ ভাৰতে প্ৰায় 2.50 কোটি ভেকছিন পালি প্ৰদান কৰি এদিনত সৰ্বাধিক সংখ্যক লোকক ভেকচিন পালি প্ৰদান কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷
ইফালে, একেদিনাই প্ৰতি চেকেণ্ডত 466 টা পালি ভেকচিন প্ৰদান কৰি ভাৰতে "বিশ্বৰ দ্ৰুততম ভেকছিন ড্ৰাইভ" খিতাপ অৰ্জন কৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে পুৱা প্ৰকাশ কৰে এই কথা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ তম জন্মদিন উপলক্ষে শুকুৰবাৰে ভাৰতত মেগা ভেকচিনেচন কেম্পৰ আয়োজন কৰা হৈছিল ৷ এই অভিলেখৰ পাছত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই টুইট কৰি দেশৰ নাগৰিকক শুভেচ্ছা জনায় আৰু এই সাফল্যক ইতিহাসৰ এক "সোণালী অধ্যায়" বুলি অভিহিত কৰে ।
তেওঁ এই দিনটো স্বাস্থ্যকৰ্মীৰ নামত উৎসৰ্গা কৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে চীনে এদিনত সৰ্বাধিক ২.৪৭ কোটি টকা লোকক ক’ভিড ভেকচিন প্ৰদান কৰি এদিনত সৰ্বাধিক লোকক ভেকচিন প্ৰদানৰ অভিলেখ গঢ়িছিল ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰৰ দিনটোত ভাৰতত ৩৫,৬৬২ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হয় আৰু মৃত্যু হয় ২৮১ গৰাকীৰ । ইয়াৰ লগতে ভাৰতত সক্ৰিয় ঘটনাৰ সংখ্যা 3,40,639 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 4,44,529 গৰাকীলৈ বৃদ্ধি পাইছে ।
- " class="align-text-top noRightClick twitterSection" data="">
আনহাতে, আৰোগ্য লাভ কৰিছে 3,26,32,222 গৰাকীয়ে । ভাৰতত ১৭ ছেপ্টেম্বৰলৈকে মুঠ ৫৫,০৭,৮০,২৭৩ টা ক’ভিড নমুনা পৰীক্ষণ কৰা হয় আৰু ইয়াৰে ১৪,৪৮,৮৩৩ টা ক’ভিড নমুনা শুকুৰবাৰে পৰীক্ষণ কৰা হয় ৷
লগতে পঢ়ক : মেগা টীকাকৰণ : এদিনতে ৭.৪২ লাখ লোকৰ অংশগ্ৰহণ