নেশ্যনেল ডেস্ক, ১৯ মে': ভাৰতত কৰ'ণাৰ দৈনিক আক্ৰান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও উদ্বেগজনকভাৱে বৃদ্ধি হৈছে মৃতকৰ সংখ্যা । পূৰ্বৰ অভিলেখ ভংগ কৰি বিগত ২৪ ঘণ্টাত দেশত ৪,৫২৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যুমুখত পৰিছে । ইয়াৰ লগে লগে ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২,৮৩,২৪৮ টা ।
- " class="align-text-top noRightClick twitterSection" data="">
ইফালে মঙলবাৰৰ দিনটোত নতুনকৈ ২,৬৭,৩৩৪ গৰাকী কৰ'ণাত আক্ৰান্ত লোক ধৰা পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈ ভাৰতত ২,৫৪,৯৬,৩৩০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত আৰোগ্য হৈ ঘৰলৈ উভতিছে ৩,৮৯,৮৫১ গৰাকী লোক । ইয়াৰ লগে লগে বৰ্তমানলৈকে আৰোগ্য হৈ উঠা লোকৰ সংখ্যা হৈছেগৈ ২,১৯,৮৬,৩৬৩ টা । দেশত এতিয়াও ৩২,২৬,৭১৯ গৰাকী সক্ৰিয় ৰোগী আছে ।
সমান্তৰালকৈ দেশত প্ৰতিষেধক প্ৰদান কাৰ্যসূচীও অব্যাহত আছে । দেশত এতিয়ালৈ ১৮,৫৮,০৯,৩০২ গৰাকী লোকে লাভ কৰিছে প্ৰতিষেধক ।
লগতে পঢ়ক:ঘূৰ্ণী বতাহ টাউতে বিধ্বস্ত কৰা গুজৰাটলৈ ৰাওনা মোডী