ETV Bharat / bharat

দেশত এদিনতে কৰ'ণাত আক্ৰান্ত 4 লাখতকৈ অধিক লোক

author img

By

Published : May 1, 2021, 3:07 PM IST

যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’ণাত আক্ৰান্ত হৈ 3,523 জন লোকে প্ৰাণ হেৰুৱাইছে । ফলত নিহত হোৱা লোকৰ সংখ্য়া 2,11,853 জনলৈ বৃদ্ধি পাইছে । আনহাতে, মুঠ 32,68,710 টা ঘটনা সক্ৰিয় হৈ আছে ।

ক’ভিড-19: দেশত এদিনতে কৰ'ণাত আক্ৰান্ত 4 লাখতকৈ অধিক লোক

নেশ্যনেল ডেস্ক,1 মে’: সমগ্ৰ দেশ কাল কৰ'ণাৰ গ্ৰাসত । কৰ'ণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ দ্ৰতগতিত বৃদ্ধি পাবলৈ ধৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত 4,01,993 জন লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । ভাৰতত আক্ৰান্তৰ সংখ্যাই বিশ্বৰ ভিতৰতে অভিলেখ সৃষ্টি কৰিছে । বৰ্তমানলৈকে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 1,91,64,969 লৈ বৃদ্ধি পাইছে ।

ইফালে, যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’ণাত আক্ৰান্ত হৈ 3,523 জন লোকে প্ৰাণ হেৰুৱাইছে । ফলত নিহত হোৱা লোকৰ সংখ্য়া 2,11,853 জনলৈ বৃদ্ধি পাইছে । আনহাতে, মুঠ 32,68,710 টা ঘটনা সক্ৰিয় হৈ আছে । দেশত সক্ৰিয় ক’ভি়ড আক্ৰান্তৰ মুঠ হাৰ 17.06 শতাংশ । ভাৰত চৰকাৰৰ এক বিবৃতিত প্ৰকাশিত তথ্য অনুসৰি, বৰ্তমান ভাৰতত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ 81.84 শতাংশ ।

  • " class="align-text-top noRightClick twitterSection" data="">

যোৱা ২৪ ঘণ্টাত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত মহাৰাষ্ট্ৰৰ 828 জন, দিল্লীৰ 375 জন, ছত্তিশগড়ৰ 269 জন, উত্তৰ প্ৰদেশৰ 332 জন, কৰ্ণাটকৰ 217 জন, গুজৰাটৰ 173 জন, ঝাৰখণ্ডৰ 120 জন, পঞ্জাৱ আৰু তামিলনাডুৰ প্ৰত্যেকখনৰ 113 জন, ৰাজস্থানৰ 155 জন আৰু উত্তৰাখণ্ডৰ 122 জন ৷

দেশত এতিয়ালৈকে মুঠ 2,11,853 জন লোকৰ মৃত্যু হৈছে । ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰৰ 68,813 জন, দিল্লীৰ 16,147 জন, কৰ্ণাটকৰ 15,523 জন, তামিলনাডুৰ 14,046 জন, উত্তৰ প্ৰদেশৰ 12,570 জন, পশ্চিমবংগৰ পৰা 11,344 জন, পঞ্জাৱৰ 9,022 জন আৰু ছত্তিশগড়ৰ 8,581 জন ।

বিগত বছৰত দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যাই ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্তেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্তেম্বৰত ৫০ লাখৰ ঘৰ অতিক্ৰম কৰিছিল । ২৮ ছেপ্তেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰে আৰু ১৯ ডিচেম্বৰত এক কোটিৰ ঘৰ অতিক্ৰম কৰিছিল ৷ আইচিএমআৰৰ তথ্য অনুসৰি, শুকুৰবাৰে 19,45,299 টা নমুনা পৰীক্ষা কৰা হয় । 30 এপ্ৰিললৈকে মুঠ 28,83,37,385 টা নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.