নিউজ ডেস্ক,১৪ ফেব্ৰুৱাৰী: ভাৰতত অব্যাহত আছে COVID-১৯ ৰ সংক্ৰমণ । নিতৌ হাজাৰ হাজাৰ লোক মহামাৰীৰ কবলত পৰিছে । শনিবাৰে ভাৰতত নতুনকৈ ১২,১৯৪ গৰাকী লোক COVID-১৯ ত আক্ৰান্ত হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰিছে যে, ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ১,০৯,০৪,৯৪০ জনলৈ বৃদ্ধি পাইছে । আনহাতে, মহামাৰীৰ কবলত পৰি মৃত্যু হোৱা ৯২ জন লোকসহ এতিয়ালৈকে দেশত ১,৫৫,৬৪২ জন লোকে প্ৰাণ হেৰুৱাইছে ।
বৰ্তমানলৈকে ১,০৬,১১,৭৩১ গৰাকী লোক সুস্থ হৈ উঠিছে । এই পৰিসংখ্যাৰে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৭.৩১ শতাংশলৈ বৃদ্ধি হৈছে । ভাৰতত মহামাৰীত আক্ৰান্তৰ মৃত্যুৰ হাৰ১.৪৩ শতাংশ হৈছেগৈ । ভাৰতত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১.৫ লাখত কৈ হ্ৰাস পাইছে আৰু বৰ্তমান দেশত ১,৩৭,৫৬৭ টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । সক্ৰিয়ৰ মুঠ হাৰ ১.২৬ শতাংশ । আই চি এম আৰৰ তথ্য অনুসৰি, শনিবাৰে ৬,৯৭,১১৪ টা নমুনা পৰীক্ষণ সম্পন্ন কৰা হৈছে । ১৩ ফেব্ৰুৱাৰীলৈকে মুঠ ২০,৬২,৩০,৫১২ টা নমুনা পৰীক্ষণ সম্পন্ন কৰা হৈছে ।
উল্লেখ্য যে, যোৱা ৭ আগষ্টত ভাৰতত COVID-১৯ ত আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ১৬ ছেপ্তেম্বৰত ৫০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে ।
লগতে পঢ়ক:বেংগালুৰুৰত 40 গৰাকী শিক্ষাৰ্থীৰ দেহত কৰ’ণা ভাইৰাছ