ETV Bharat / bharat

দেশত কৰ'ণাত নতুনকৈ আক্ৰান্ত ১০,৫৮৪ গৰাকী

author img

By

Published : Feb 23, 2021, 12:12 PM IST

ভাৰতত কৰ'ণাত মুঠ আক্ৰান্ত হৈছে ১ কোটি ১০ লাখ ১৬ হাজাৰ ৪৩৪ গৰাকী লোক । এতিয়ালৈ এই ৰোগৰ পৰা আৰোগ্য হৈছে ১ কোটি ৭ লাখ ১২ হাজাৰ ৬৬৫ গৰাকী লোক । দেশত মুঠ ১ লাখ ৫৬ হাজাৰ ৪৬৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ।

দেশত কৰ'ণাত নতুনকৈ আক্ৰান্ত হৈছে ১০,৫৮৪ গৰাকী লোক

নিউজ ডেস্ক,২৩ ফেব্ৰুৱাৰী: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত কৰ'ণাত নতুনকৈ আক্ৰান্ত হৈছে ১০,৫৮৪ গৰাকী লোক । এই আক্ৰান্তৰ লগে লগে দেশত মুঠ কৰ'ণাত আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ কোটি ১০ লাখ ১৬ হাজাৰ ৪৩৪ টা । তথ্য অনুসৰি নতুনকৈ ৭৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগে লগে দেশত মুঠ ১ লাখ ৫৬ হাজাৰ ৪৬৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে । ভাৰতত এতিয়ালৈ এই ৰোগৰ পৰা আৰোগ্য হৈছে ১ কোটি ৭ লাখ ১২ হাজাৰ ৬৬৫ গৰাকী লোক আৰু আৰোগ্যৰ হাৰ দেশত ৯৭.২৪ শতাংশ তাৰ বিপৰীতে মৃত্যুৰ হাৰ ১.৪২ শতাংশ ।

সম্প্ৰতি দেশত কৰ’ণাত আক্ৰান্ত হৈ আছে ১ লাখ ৪৭ হাজাৰ ৩০৬ গৰাকী লোক আৰু এয়া মুঠ আক্ৰান্তৰ সংখ্যাৰ ১.৩৭ শতাংশ । যোৱা বছৰৰ ৭ আগষ্টত দেশত আক্ৰান্তৰ সংখ্যা ২০ লাখৰ ঘৰ অতিক্ৰম কৰিছিল । সমান্তৰালকৈ ২৩ আগষ্টত এই সংখ্যা আছিল ৩০ লাখ, ৫ চেপ্তেম্বৰত ৪০ লাখ, ১৬ চেপ্তেম্বৰত ৫০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত এই সংখ্যাই অতিক্ৰম কৰিছিল ১ কোটিৰ ঘৰ ।

আইচিএমআৰৰ মতে ২২ ফেব্ৰুৱাৰীলৈ মুঠ ২১ কোটি ২২ লাখ ৩০ হাজাৰ ৪৩১ টা ক'ভিড-১৯ ৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু ২২ ফেব্ৰুৱাৰীৰ দিনটোত অকলে ৬ লাখ ৭৮ হাজাৰ ৬৮৫ টা নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক: হাইদৰাবাদৰ শিৰত এটি দুৰ্লভ খিতাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.