ETV Bharat / bharat

ষাঠি কোটি ভেকছিন প্ৰদানেৰে অভিলেখ গঢ়িলে ভাৰতে

ভাৰতে এতিয়ালৈকে ক’ৰণা প্ৰতিষেধক ভেকছিনৰ ৬০ কোটিৰো অধিক পালি প্ৰদান কৰিছে । তথ্য অনুসৰি এতিয়ালৈকে প্ৰদান কৰা পালিৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত এতিয়া কেৱল চীনতকৈ পিছ পৰি আছে । জানো আহক ক’ভিডৰ তৃতীয় ঢৌ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি ব্যৱস্থা ল’ব ভাৰতে ৷

author img

By

Published : Aug 26, 2021, 5:50 PM IST

COVID 19: India administers 60 crore vaccine dose
ষাঠী কোটি ভেকছিন প্ৰদানেৰে অভিলেখ গঢ়িলে ভাৰতে

নেশ্বনেল ডেস্ক, 26 আগষ্ট : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মান্দাৱিয়াই(Union Health Minister Mansukh Mandaviya) বৃহস্পতিবাৰে এক টুইট যোগে জনায় যে, ভাৰতে এতিয়ালৈকে ক’ৰণা প্ৰতিষেধক ভেকছিনৰ ৬০ কোটিৰো অধিক পালি প্ৰদান কৰিছে । জনছ হপকিন্সৰ দ্বাৰা সংকলিত তথ্য অনুসৰি এতিয়ালৈকে প্ৰদান কৰা পালিৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত এতিয়া কেৱল চীনতকৈ পিছ পৰি আছে ।

বৰ্তমানৰ টিকাকৰণৰ হাৰত, বছৰৰ শেষ ভাগলৈ দেশৰ জনসংখ্যাৰ 32% লোকক টিকাকৰণ কৰা হ'ব ৷ মান্দাৱিয়াই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেল যোগে লিখে যে, "প্ৰধানমন্ত্ৰী মোদীজীৰ #SabkoVaccineMuftVaccine প্ৰচেষ্টাৰ অধীনত ভাৰতে ৬০ কোটি টিকাকৰণৰ সীমা অতিক্ৰম কৰিছে। সকলোলৈ অভিনন্দন !"

মহামাৰীৰ তৃতীয় ঢৌ প্ৰতিহত কৰিবলৈ ভাৰতে ডিচেম্বৰ 2021ৰ ভিতৰত দেশৰ মুঠ জনসংখ্যাৰ 60% লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰিব লাগিব । ডিচেম্বৰত এই লক্ষ্য প্ৰাপ্ত কৰিবলৈ সমগ্ৰ দেশত প্ৰতিদিনে ১০.৯ নিযুত পালিকৈ ভেকছিন প্ৰদান কৰিব লাগিব । অৱশ্যে, যোৱা সপ্তাহত প্ৰতিদিনে গড়ে মাত্ৰ 4.8 নিযুত পালি ভেকছিন প্ৰদান কৰা হৈছিল ।

গৃহ মন্ত্ৰালয়ৰ অধীনত থকা নেচনেল ইনষ্টিটিউট অৱ ডিজাষ্টাৰ মেনেজমেণ্ট(National Institute of Disaster Management)ৰ দ্বাৰা কৰা এক নতুন গৱেষণাত অক্টোবৰৰ আৰম্ভণিতে কেছ সমূহ বৃদ্ধি হোৱাৰ ভৱিষ্যতবাণী কৰা হৈছে ৷ এই অধ্যয়ন অনুসৰি, চীনৰ পিছতে বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ ভাৰতত প্ৰতিদিনে কৰ’ণা ভাইৰাছৰ ক্ষেত্ৰত আগেয়ে নোহোৱা ধৰণে 600,000 কেছ নথিভুক্ত হ’ব পাৰে, যদিহে টিকাকৰণৰ গতি বৃদ্ধি কৰা নহয় ।

পণ্ডিত দীনদয়াল উপাধ্যায় শক্তি বিশ্ববিদ্যালয় আৰু নিৰমা বিশ্ববিদ্যালয়ৰ এক অধ্যয়নৰ উদ্ধৃতি দি কোৱা হৈছে যে, যদি চৰকাৰে ইয়াৰ দৈনিক 10 নিযুত টিকাকৰণ পৰিকল্পনা কাৰ্যকৰী কৰে তেন্তে দৈনিক সংক্ৰমণ 2,00,000 লৈ হ্ৰাস পাব পাৰে ৷ ২০ আগষ্টত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে(Information and Broadcasting Minister Anurag Thakur) কয় যে কেন্দ্ৰীয় চৰকাৰ কৰ’ণা ভাইৰাছৰ সম্ভাৱ্য তৃতীয় ঢৌৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু ৷

তৃতীয় ঢৌটোৱে শিশুসকলক অধিক প্ৰভাৱিত কৰিব পাৰে বুলি বিশেষজ্ঞসকলে সতৰ্ক কৰি দিয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "শিশুৰ যত্ন শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে ; কিয়নো বিশেষজ্ঞসকলে আশংকা কৰিছে যে তৃতীয় ঢৌৱে শিশুসকলক আনতকৈ বেছি প্ৰভাৱিত কৰিব পাৰে।"

উল্লেখ যোগ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে দেশজুৰি প্ৰবাহিত হোৱা দ্বিতীয় ঢৌটোৱে এপ্ৰিল-মে মাহত সংক্ৰমণৰ জোৱাৰ সৃষ্টি কৰিছিল । ৰোগী আৰু তেওঁলোকৰ পৰিয়ালে বিচনা, ঔষধ, অক্সিজেন আৰু ভেণ্টিলেটৰ বিচাৰি সংগ্ৰাম কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে শ্মশান সমূহতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল ।

লগতে পঢ়ক : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে এইডচ ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.