নেচনেল ডেস্ক,7 এপ্ৰিল: দেশত পুনৰ কৰ’ণাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য মতে শনিবাৰৰ দিনটোত 1,15,736 ব্যক্তিৰ শৰীৰত কৰ’ণাৰ উপস্থিতি ধৰা পৰিছে ৷ যোৱা 24 ঘণ্টাত ভাৰতত কৰ’ণাত আক্ৰান্ত হৈ 630 গৰাকীকৈ ব্যক্তিৰ মৃত্যু হৈছে ৷ বৰ্তমানলৈ দেশত কৰ’ণাত আক্ৰান্তৰ সংখ্যা হৈছে 1,28,01,785 গৰাকী ৷
- " class="align-text-top noRightClick twitterSection" data="">
ইফালে আক্ৰান্ত সকলৰ ভিতৰত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হৈছে 1,17,92,135 গৰাকী ৷ লগতে এতিয়াও সক্ৰিয় অৱস্থাত থকা ৰোগীৰ সংখ্যা হৈছে 1,17,92,135 গৰাকী ৷ ইয়াৰ বিপৰীতে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 1,66,177 গৰাকী ৷
লগতে পঢ়ক : দিৰৈ নৈত সলিল সমাধি তিনি কিশোৰৰ