ETV Bharat / bharat

আই আই এম আহমেদাবাদত কৰ’ণা সংক্ৰমণ বৃদ্ধি - আহমেদাবাদ

আই আই এম আহমেদাবাদত কৰ’ণা সংক্ৰমণ বৃদ্ধি ৷ শেহতীয়াকৈ প্ৰতিষ্ঠানটোত ৰোগীৰ সংখ্যা 70 জনলৈ বৃদ্ধি পাইছে ৷

ovid-19-cases-in-iim-ahmedabad-rises
আই আই এম আহমেদাবাদত কৰ’ণা সংক্ৰমণ বৃদ্ধি
author img

By

Published : Mar 31, 2021, 3:09 PM IST

Updated : Mar 31, 2021, 5:04 PM IST

নেছনেল ডেক্স, 31 মাৰ্চ: ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদত ক’ভিড 19 ৰোগীৰ সংখ্যা 70 লৈ বৃদ্ধি পাইছে, স্থানীয় প্ৰশাসনে মঙলবাৰে এই কথা জানিবলৈ দিয়ে ৷

দেওবাৰে, প্ৰিমিয়াৰ বিজনেছ স্কুল খনে জনাইছিল যে, ইয়াৰ ৪৫ জন শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰী সদস্য যোৱা দুসপ্তাহৰ ভিতৰত কৰ’ণা পজিটিভ বুলি ধৰা পৰিছে ।

আহমেদাবাদ পৌৰ নিগমৰ উপ স্বাস্থ্য বিষয়া মেহুল আচাৰ্যই সংবাদ মাধ্যমক জনায় যে, "এতিয়া আইআইএম-এত ৭০ টা পজিটিভ ঘটনা আছে। প্ৰতিষ্ঠানটোৱে ইয়াৰ চৌহদত কৰা আৰটি-পিচিআৰ পৰীক্ষাত এই লোকসকলকক কৰ’ণা পজিটিভ্ পোৱা গৈছিল ।

"তেওঁলোকৰ বাবে এটা সংৰক্ষণ কেন্দ্ৰ গঠন কৰা হৈছে আৰু সকলো ক’ভিড 19 ৰোগীক পৃথকে ৰখা হৈছে । চিকিৎসক আৰু আমাৰ দলে সংক্ৰমিত লোকসকলৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছে," আচাৰ্যই কয় ।

আইআইএম আহমেদাবাদৰ ক’ভিড 19 ডেশ্ববৰ্ড অনুসৰি, 70 জন লোকৰ ভিতৰত 59 জন কোৱাৰেন্টাইন হৈ আছে । সংক্ৰমিত সকলৰ ভিতৰত 43 জন শিক্ষাৰ্থী, এজন শিক্ষক আৰু 15 জন কৰ্মচাৰী কোৱাৰেন্টাইন হৈআছে ।

ক’ভিড 19 ৰ ঘটনাবোৰ মাৰ্চৰ দ্বিতীয় সপ্তাহৰ পৰা প্ৰতিষ্ঠানটোত বাঢ়িবলৈ আৰম্ভ কৰিছিল যেতিয়া চৌহদত এজন শিক্ষাৰ্থী প্ৰায় এমাহৰ ব্যৱধানত পজিটিভ ৰূপে চিহ্নিত হৈছিল ।

দহ দিনৰ ভিতৰত, আৰু দহজন লোক আৰু যোৱা সপ্তাহৰ ভিতৰত পজিটিভ লোকৰ সংখ্যা 46 লৈ বৃদ্ধি পাইছিল । যোৱা কেইদিনমানত, এই সংখ্যাগৈ 70 ত উপনীত হ'ল ৷

যোৱা 210 দিনত, প্ৰতিষ্ঠানটোৱে কৰ’ণা ভাইৰাছ চিনাক্ত কৰাৰ বাবে দ্ৰুত এণ্টিজেন আৰু আৰটি-পিচি-আৰ মিলাই 3,917 টা পৰীক্ষা সম্পন্ন কৰিছিল ।

এজন জ্যেষ্ঠ বিষয়াই এনেদৰে জনায় যে ‘‘আইআইএম আহমেদাবাদত পজিটিভ লোকসকলৰ বেছিভাগ লোকেই লক্ষণহীন ৷’’

বিষয়াসকলে জনাই যে, চৌহদৰ ভিতৰলৈ যোৱাৰ ক্ষেত্ৰত সীমাৱদ্ধতা আৰোপ কৰা হৈছে লগতে বাহিৰৰ পৰা শিক্ষাৰ্থী বা শিক্ষকৰ সৈতে থাকিবলৈ অহালোক সকলে স্ব-ঘোষণা প্ৰ-পত্ৰ দাখিল কৰিব লাগিব আৰু নিৰ্ধাৰিত সময়ৰ বাবে কোৱাৰেন্টাইন হৈ থাকিব লাগিব ৷

আহমেদাবাদ চহৰতো কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বুলেটিন অনুসৰি ই সোমবাৰে ৬০২ টা নতুন সংক্ৰমণৰ খবৰ আহিছে ।

লগতে পঢক:উৰিষ্যাৰ 32 শিক্ষাৰ্থীৰ দেহত ক’ভিডৰ অৱস্থিতি

Last Updated : Mar 31, 2021, 5:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.