ETV Bharat / bharat

Shraddha murder case : 29 এপ্ৰিলত নিৰ্ধাৰণ হ’ব হত্যাকাৰী আফতাবৰ শাস্তি

author img

By

Published : Apr 15, 2023, 8:39 PM IST

চৰ্চাত আকৌ শ্ৰদ্ধা হত্যাকাণ্ড ৷ শ্ৰদ্ধা হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাবৰ বিৰুদ্ধে আগন্তুক 29 এপ্ৰিলত চূড়ান্ত ৰায় দিয়াৰ সাকেত আদালতৰ (Shraddha murder case) ৷

court-will-frame-charges-against-aftab-on-april-29-in-shraddha-murder-case
চৰ্চাত আকৌ শ্ৰদ্ধা হত্যাকাণ্ড

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : দেশ কঁপাই যোৱা শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ ঘটনাৰ কথা মনত আছেনে (Shraddha murder case) ? শনিবাৰে শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাৰ বিৰুদ্ধে অভিযোগৰ সন্দৰ্ভত ছাকেত আদালতত যুক্তি যুক্ততা সমাপ্ত কৰা হয় (Shraddha walkar murder case saket court)।

ইয়াৰ পিচতে আদালতে অভিযুক্ত আফতাবৰ বিৰুদ্ধে শাস্তি প্ৰদানৰ ৰায় বাহাল ৰাখিছে। আদালতে অহা 29 এপ্ৰিলত অভিযুক্ত আফতাব আমিন পুনাৱালাৰ বিৰুদ্ধে শাস্তি নিৰ্ধাৰণ কৰিব (Court will frame charges against Aftab)৷ বিগত বৰ্ষৰ মে’ মাহত আফতাব আমি পুনাৱালাই লিভ-ইন প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক হত্যা কৰিছিল। তাৰ পিচতে শ্ৰদ্ধাৰ শৰীৰটো 35 টুকুৰা কৰি কাটি মেহৰৌলীৰ অৰণ্যত পেলাই দিছিল (Court will frame charges against Aftab on April 29)।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে এই হত্যাকাণ্ডক লৈ প্ৰশ্ন উত্থাপিত হৈছিল । আৰক্ষীৰ তদন্তৰ পিচত, আৰক্ষীয়ে 24 জানুৱাৰীত গোচৰটোৰ সন্দৰ্ভত 6,629 পৃষ্ঠাৰ অভিযোগ পত্ৰ দাখিল কৰিছিল । অভিযোগ পত্ৰখনত হত্যাৰ তত্ব, বৈজ্ঞানিক প্ৰমাণ আৰু গোচৰটোৰ সৈতে সম্পৰ্কিত 150 জন সাক্ষীৰ বিবৃতিও আছে । ইয়াৰ পূৰ্বে, শেহতীয়াকৈ আদালতত অধিবক্তাসকলে ধৰ্মঘট কৰাৰ বাবে এই গোচৰটোৰ শুনানি দুবাৰ পিছুৱাই দিয়া হৈছিল। অভিযুক্তটোক গ্ৰেপ্তাৰ কৰাৰ পিচৰে পৰা তদন্তৰ বাবে কেইটামান দল দেশৰ বিভিন্ন প্ৰান্ত গুৰুগ্ৰাম, হিমাচল প্ৰদেশ আৰু মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হৈছিল ।

তদন্তকাৰী দলটোৱে বিভিন্ন ঠাইৰ পৰা চিচিটিভি কেমেৰাৰ ফুটেজ আৰু ভিডিঅ' সংগ্ৰহ কৰিছিল ৷ এইসমূহ ভিডিঅ’ত শ্ৰদ্ধা আৰু আফতাবৰ কাৰ্যকলাপসমূহ বন্দী হোৱা দেখা গৈছিল । আফতাব আৰু শ্ৰদ্ধাৰ ম’বাইল ফোন আৰু লেপটপ, দুয়োৰে ইণ্টাৰনেট, সামাজিক মাধ্যমৰ একাউণ্ট পৰীক্ষা কৰা হৈছিল, কল ৰেকৰ্ডৰ বিৱৰণ, জি পি এছ অৱস্থান, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৰা পৰিশোধৰ বিৱৰণ আৰু অন্যান্য উপায়েৰে কৰা পৰিশোধৰ বিৱৰণৰ লগতে বন্ধুবৰ্গক সোধ-পোছ কৰা হৈছিল ।

এই গোচৰত পঞ্জীয়ন কৰা এজাহাৰত, আৰক্ষীয়ে ধাৰা 302 (হত্যা) আৰু ধাৰা 201 (প্ৰমাণ ধ্বংস) জাৰি কৰিছে । এই গোচৰৰ ভিত্তিত অভিযুক্তটোক মৃত্যুদণ্ড আৰু যাৱজ্জীৱন কাৰাদণ্ড বিহা হ’ব পাৰে ৷

লগতে পঢ়ক: Fake currency seized : গহপুৰত জাল নোট চপোৱা মেচিনসহ আটক এজন

আৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি, এতিয়ালৈকে কৰা তদন্তত, আফতাবে শ্ৰদ্ধাক হত্যা কৰাৰ কথা নিশ্চিত হৈছে ৷ ঘটনাটোৰ দিনা শ্ৰদ্ধাই এজন বন্ধুক লগ কৰিবলৈ গৈছিল । বন্ধুক লগ কৰি শ্ৰদ্ধা ঘৰলৈ উভতাৰ পিচতে, দুয়োৰে মাজত তৰ্ক হৈছিল, তেতিয়াই আফতাবে শ্ৰদ্ধাক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.