নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল : ভূমি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে জ্যেষ্ঠ অভিনেত্ৰী তথা সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনৰ (Land deal case against MP Jaya Bachchan) । বিষয় সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদগৰাকীলৈ এক জাননী প্ৰেৰণ কৰিছে মধ্য প্ৰদেশৰ এখন জিলা আদালতে (Court notice to MP Jaya Bachchan) ।
৭ এপ্ৰিলত ভূপাল জিলা আদালতে সাংসদগৰাকীলৈ প্ৰেৰণ কৰে এই জাননী (Bhopal Court notice to MP Jaya Bachchan) । এই জাননী অনুসৰি ৩০ এপ্ৰিলত আদালতত হাজিৰ হ'ব লাগিব অভিনেত্ৰী তথা সাংসদগৰাকী ৷
সাংসদ জয়া বচ্চনৰ বিৰুদ্ধে প্ৰাক্তন বিজেপি বিধায়ক জিতেন্দ্ৰ দাগাৰ পুত্ৰ অনুজ দাগাই দাখিল কৰা অপৰাধমূলক গোচৰৰ ভিত্তিত এই জাননী জাৰি কৰা হৈছে । ধনৰ এটা অংশ লাভ কৰাৰ পাছতো জয়া বচ্চনে ভূমি বিক্ৰী চুক্তি বাতিল কৰাৰ অভিযোগ উত্থাপন কৰিছে অনুজ দাগাই ।
দাগাৰ অধিবক্তা এন'ছ জৰ্জ কাৰ্লোৱে শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত জয়া বচনে পৰিমাণতকৈ অধিক মূল্য দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে । কাৰ্লোৰ মতে, জয়া বচ্চনক আগতীয়াকৈ ১ কোটি টকা পৰিশোধ কৰি দাগাই ভূমি ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰ কৰিছিল । উক্ত ধনৰাশি জয়া বচ্চনৰ একাউণ্টত জমা কৰা হৈছিল । অৱশ্যে, কেইদিনমানৰ পাছত টকাখিনি পুনৰ অনুজ দাগাক ঘূৰাই দিয়া হয় । পৰৱৰ্তী সময়ত পুনৰ পূৰ্বৰ পৰিমাণতকৈ অধিক মূল্য দাবী কৰে সাংসদ বচ্চনে ।
অধিবক্তাৰ ভাষ্য অনুসৰি, ভূপালৰ চেভানিয়া গৌৰত থকা ৫ একৰ মাটি বচ্চনে প্ৰায় ১২ বছৰ পূৰ্বে ক্ৰয় কৰিছিল । সেই মাটি বিক্ৰীৰ বাবে দাগা আৰু জয়া বচ্চনৰ মাজত ডিজিটেল চুক্তি স্বাক্ষৰ হৈছিল । চুক্তিৰ অধীনত সন্মত হোৱা অনুসৰি বেংক একাউণ্টত এক কোটি টকা পৰিশোধ কৰা হৈছিল ।
কিন্তু চুক্তিখন ভংগ কৰাত অসন্তুষ্ট হৈ পৰে দাগা । যাৰ বাবে আদালতত বচ্চনৰ বিৰুদ্ধে ভূমি চুক্তি কেলেংকাৰীৰ গোচৰ ৰুজু কৰে । আদালতে গোচৰটো গ্ৰহণ কৰি ৩০ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ বাবে দিন ধাৰ্য কৰে ৷ উক্ত দিনটোত জয়া বচ্চনক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক : Luxurious habits of a thief: এটা বিলাসী চোৰৰ জীৱন বুৰঞ্জী