ETV Bharat / bharat

সঞ্জয় সিঙৰ জামিন আবেদনত ইডিক আদালতৰ জাননী; পৰৱৰ্তী শুনানি ৬ ডিচেম্বৰত - Delhi liquor policy scam

সঞ্জয় সিঙৰ জামিন আবেদনৰ গোচৰৰ শুনানিৰ সময়ত ৰাউজ এভিনিউ আদালতে ইডিক জাননী জাৰি কৰে । আপৰ ৰাজ্যসভাৰ সাংসদগৰাকীৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি অহা ৬ ডিচেম্বৰত অনুষ্ঠিত হ'ব ।

notice to ED on sanjay singh bail plea
সঞ্জয় সিঙৰ জামিন আবেদনত ইডিক আদালতৰ জাননী
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 6:20 PM IST

নিউজ ডেস্ক, ২৮ নৱেম্বৰ : দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লী আবকাৰী কেলেংকাৰী গোচৰত ইডিক জাননী জাৰি কৰিছে । মঙলবাৰে আদালতে আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে । বিশেষ ন্যায়াধীশ এম কে নাগপালে এই বিষয়ত ৬ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ।

উল্লেখ্য যে সঞ্জয় সিঙে ২৪ নৱেম্বৰত আদালতত হাজিৰ হোৱাৰ সময়ত জামিন আবেদন দাখিল কৰিছিল । আনহাতে, তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়তো তেওঁ এখন আবেদন দাখিল কৰিছে । শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে তেওঁ নিম্ন আদালতত জামিন আবেদন দাখিল কৰিলে ভাল হ'লহেঁতেন বুলি কয় । উচ্চতম ন্যায়ালয়ৰ এই পৰামৰ্শৰ পিছতে সঞ্জয় সিঙে ৰাউজ এভিনিউ আদালতত জামিনৰ বাবে আবেদন দাখিল কৰে । ২৪ নৱেম্বৰত আদালতে সঞ্জয় সিঙক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ।

ইয়াৰ পূৰ্বে অক্টোবৰৰ ১৩ তাৰিখে আদালতে সঞ্জয় সিঙক ২৭ অক্টোবৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ১০ অক্টোবৰত আদালতে সঞ্জয় সিঙক ১৩ অক্টোবৰলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে । ইফালে অক্টোবৰৰ ৫ তাৰিখে আদালতে সঞ্জয় সিঙক ১০ অক্টোবৰলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে ।

শুনানিৰ সময়ত ইডিয়ে কয় যে সঞ্জয় সিঙৰ ঘৰত দুটা কিস্তিত ২ কোটি টকাৰ লেনদেন কৰা হৈছিল । এই কথা দীনেশ অৰোৰাই নিশ্চিত কৰিছিল । উল্লেখ্য যে সাংসদ সঞ্জয় সিঙক ৪ অক্টোবৰত ইডিয়ে তেওঁৰ চৰকাৰী বাসভৱনত সোধা-পোছাৰ পিছত গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পূৰ্বে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াক গোচৰটো সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক :ভাৰতপে সন্দৰ্ভত অপমানজনক পোষ্ট; অশ্নীৰ গ্ৰোভাৰক ২ লাখ জৰিমনা দিল্লী হাইকোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.