ETV Bharat / bharat

Bunty Babli terror: বাণ্টি-বাবলীৰ সন্ত্ৰাস: ইখনৰ পিচত সিখন গহণাৰ বিপণীত 1.74 কোটি টকাৰ প্ৰৱঞ্চনা

বলীউড চিনেমাত দেখাৰ দৰেই সাইলাখ ঘটনা ৷ চুৰাট চহৰৰ কাটাৰগাম দৰৱাজাত অৱস্থিত এখন গহনাৰ বিপণীৰ স্বত্বাধিকাৰী ৰোহিত শ্বাহে এটা দম্পতীৰ সৈতে লগ হৈ 12 গৰাকী গহণাৰ বিপণীৰ স্বত্বাধিকাৰীৰ পৰা 1.74 কোটি টকাৰ গহনাৰ ধন পৰিশোধ কৰাৰ নামত প্ৰৱঞ্চনা কৰে ৷

author img

By

Published : Aug 10, 2023, 10:26 PM IST

jewelers to defraud crores of rupees
ইখনৰ পিচত সিখন গহণাৰ বিপণীত 1.74 কোটি টকাৰ প্ৰৱঞ্চনা

নেশ্যনেল ডেস্ক, 10 আগষ্ট: চোৰৰ চতুৰালি ৷ গহণাৰ বিপণীত গ্ৰাহকৰ ভাও ধৰি ইটোৰ পিচত সিটোকৈ প্ৰৱঞ্চনাৰ ঘটনা কৰিছে এটা দম্পতীয়ে ৷ বলীউড চিনেমাত দেখাৰ দৰেই সাইলাখ ঘটনা ৷ পিচে এই ঘটনাই যেন এতিয়া বলীউডৰ চিনেমাকো পিচ পেলাই দিছে ৷

গুজৰাটৰ চুৰাটত সংঘটিত হৈছে এনে এক ঘটনা ৷ এই ঘটনাই আপোনাৰো চকু কপালত তুলিব ৷ চুৰাট চহৰৰ কাটাৰগাম দৰৱাজাত অৱস্থিত এখন গহনাৰ বিপণীৰ স্বত্বাধিকাৰী ৰোহিত শ্বাহে এটা দম্পতীৰ সৈতে লগ হৈ 12 গৰাকী গহণাৰ বিপণীৰ স্বত্বাধিকাৰীৰ পৰা 1.74 কোটি টকাৰ গহনাৰ ধন পৰিশোধ কৰাৰ নামত প্ৰৱঞ্চনা কৰে ৷ চকবজাৰ আৰক্ষীৰ ওচৰত এই ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু হৈছিল ৷ ইয়াৰ পিচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

পাল অঞ্চলৰ সিদ্ধচক্ৰ ৰেচিডেন্সিৰ বাসিন্দা পাৰস প্ৰবীণভাই শ্বাহৰ চুৰাট চহৰৰ ভাৰাছা-মাতাৱাড়ী অঞ্চলৰ ৱাৰ্শা চছাইটিত "সম্ভাৱনাথ গোল্ড" নামৰ এখন গহনাৰ বিপণী আছে ৷ ৰোহিতে শ্বাহে সোণৰ কেইবাটাও ছেট পাৰসৰ বিপণীত অৰ্ডাৰ কৰিছিল ৷ বিগত 15 বছৰ ধৰি পাৰসক ৰোহিত শ্বাহে চিনি পায় ৷ ইফালে ৰোহিত শ্বাহৰ কাটাৰ্গাম দৰৱাজাত 'ঘৰানা' জুৱেলাৰ্ছ নামৰ এখন দোকান আছে ৷

ৰোহিত শ্বাহে তেওঁৰ দোকানলৈ অহা গ্ৰাহকসকলক পাৰসৰ পৰা সোণৰ গহনা অৰ্ডাৰ কৰি দেখুৱাইছিল আৰু গ্ৰাহকে গহনাবোৰ ক্ৰয় কৰিলে পাৰসৰ পৰা গহনাসমূহ ক্ৰয় কৰি সময়মতে ঋণ পৰিশোধ কৰিছিল ৷ 2023 চনৰ 26 জুনত ৰোহিত শ্বাহে পাৰস শ্বাহক ফোন কৰিছিল আৰু এডাল দীঘল সোণৰ ছেট আৰু এডাল চুটি সোণৰ চেইনৰ ছেট অৰ্ডাৰ দিছিল ৷ সেইমতে পাৰস শ্বাহে অৰ্ডাৰ অনুসৰি এডাল নেকলেচ লৈ ৰোহিত শ্বাহৰ দোকানলৈ আহিছিল ৷

সেই সোণৰ অলংকাৰৰ বিনিময়ত ৰোহিতে পাৰসক 24.96 লাখ টকা পৰিশোধ কৰাৰ বাবে তাৰিখ দিছিল ৷ পাৰসে লক্ষ্য কৰিছিল যে তাত এটা গ্ৰাহক দম্পতী উপস্থিত আছিল ৷ ৰোহিত শ্বাহে দম্পতীটোক সোণৰ নেকলেচডাল দেখুৱাওতে তেওঁলোকে নেকলেচডাল ভাল পাইছিল ৷

তাৰ পিচতে পাৰসে বাকীৰ বহীখনত 104,850 গ্ৰাম সোণৰ নেকলেচডালৰ তথ্য লিখিতভাৱে ৰাখিছিল ৷ ইয়াৰে এটা প্ৰতিলিপি ৰোহিত শ্বাহকো দিছিল ৷ কেৱল এয়াই নহয়, ৰোহিতে পাৰসক তিনি দিনৰ ভিতৰত নেকলেচডালৰ মূল্য পৰিশোধ কৰাৰ আশ্বাসো দিছিল ৷

এবাৰ দুবাৰ নহয়, এনেদৰে ৰোহিতে ব্যৱসায়ৰ নামত পাৰসক তিনিবাৰ গহনা লৈ দোকানলৈ মাতিছিল ৷ প্ৰতিবাৰেই দম্পতীটো গ্ৰাহক হিচাপে সেই ঠাইত উপস্থিত আছিল ৷ গ্ৰাহকৰ দম্পতীটোৰ সৈতে ৰোহিত শ্বাহে পাৰসৰ পৰা মুঠ 462 গ্ৰাম বিশুদ্ধ সোণৰ গ্ৰহণা পিচত ধন পৰিশোধ কৰাৰ আশ্বাসেৰে ক্ৰয় কৰিছিল ৷

অৱশ্যে, ইয়াৰ ভিতৰত ৰোহিতে 60 গ্ৰাম সোণৰ মূল্য উভতাই দিছিল ৷ বাকী 402 গ্ৰাম সোণৰ গহনাৰ বাবে 24.96 লাখ টকা পৰিশোধ কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল ৷ কিন্তু ইয়াৰ পিচতে ৰোহিত শ্বাহে 29 জুলাইত তেওঁৰ গহনা বিপণীখনত তলা ওলোমাই উধাও হয় ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া মনোজ বি. আউচুৰাই প্ৰাথমিক তদন্তৰ অন্তত কয় যে, অভিযুক্ত ৰোহিত শ্বাহে এনেদৰে অন্য 12 খন বিপণীৰ স্বত্বাধিকাৰীকো প্ৰৱঞ্চনা কৰিছিল ৷ তেতিয়াও ৰোহিত শ্বাহৰ লগত দম্পতীটো উপস্থিত থাকিছিল ৷ ৰোহিতে 12 গৰাকী স্বত্বাধিকাৰীৰ পৰা মুঠ 1.74 কোটি টকাৰ স্বৰ্ণ অলংকাৰ প্ৰৱঞ্চনাৰে সৰকাই ৷ অনাগত দিনত এই প্ৰৱঞ্চনাৰ মূল্যৰ সংখ্যা বৃদ্ধিও পাব পাৰে ৷

লগতে পঢ়ক: Delhi Crime : ৭০ হাজাৰ দি বিয়া পাতিছিল; মাতৃৰ ঘৰলৈ বাৰে বাৰে গৈ থকাৰ বাবেই পত্নীক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.