ETV Bharat / bharat

ত্ৰিপুৰাত দেশৰ প্ৰথম জৈৱিক গাঁও স্থাপন

author img

By

Published : Sep 2, 2022, 7:47 PM IST

ত্ৰিপুৰাই সফলতাৰে স্থাপন কৰিছে পাঁচখন জৈৱ গাঁও । সম্ভৱত দেশত নৱীকৰণযোগ্য শক্তিৰে স্থাপন কৰা এনে ধৰণৰ গাঁও এয়াই প্ৰথম (bio villages in Tripura) ।

Tripura
Tripura

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : ত্ৰিপুৰাই সফলতাৰে স্থাপন কৰিছে পাঁচখন জৈৱ গাঁও । সম্ভৱত দেশত নৱীকৰণযোগ্য শক্তিৰে স্থাপন কৰা এনে ধৰণৰ গাঁও এয়াই প্ৰথম (bio villages in Tripura) । এটা ফেচবুক পোষ্টত জৈৱ প্ৰযুক্তি সঞ্চালকালয়ৰ দায়িত্বত থকা উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মনে লিখিছে, "মোৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত জৈৱ প্ৰযুক্তি সঞ্চালকালয়ক ত্ৰিপুৰা চৰকাৰৰ অধীনত দেশৰ প্ৰথম জৈৱ গাঁও ডিজাইন আৰু স্থাপনৰ বাবে অভিনন্দন জনাইছোঁ (bio villages incorporating renewable energy) । এইটো এটা আন্তৰ্জাতিক গ্ৰুপৰ দ্বাৰা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কৰা শ্ৰেষ্ঠ কাম হিচাপে স্বীকৃত হৈছে । উক্ত জৈৱ গাঁওবোৰ হৈছে ৰাজ্যখনৰ কিছুমান দূৰৱৰ্তী অঞ্চলত বহনক্ষম উন্নয়ন লক্ষ্যৰ (sustainable development goals) উদাহৰণ ।"

প্ৰকল্পটোৰ বিষয়ে বিৱৰণ দি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এজন বিষয়াই কয় যে উপ-মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিভাগটোৱে ১০ খন জৈৱ গাঁৱৰ বাবে কাম কৰি আছে আৰু আন এখন স্থাপন কৰা হ'ব (Country first bio village in Tripura) । "উক্ত ১০ খন জৈৱ গাঁৱৰ ভিতৰত পাঁচখন জৈৱ গাঁৱৰ কাম সম্পূৰ্ণ হৈছে । আনকেইখনৰ বাবে কাম চলি আছে । সেইকেইখন হৈছে চেপাহিজালা জিলাৰ অন্তৰ্গত চাৰিলামত, পশ্চিম জিলাৰ অন্তৰ্গত বামুটিয়াত, গোমতীৰ অন্তৰ্গত কিল্লা, ধলাইৰ আম্বাছা আৰু ধলাই জিলাৰ অন্তৰ্গত ডুম্বুৰ নগৰত । মই যিমানখিনি জানো, উত্তৰ-পূৰ্বাঞ্চলত এনেধৰণৰ জৈৱ গাঁও প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে । জৈৱ গাঁওবোৰ নতুন নহয় কিন্তু এনেধৰণৰ জৈৱ গাঁৱত কিছু পৰিৱৰ্তন আছে । পূৰ্বৰ জৈৱ গাঁওবোৰত কেৱল জৈৱিক কৃষি আছিল । কিন্তু আমাৰ ক্ষেত্ৰত নবীকৰণযোগ্য শক্তিৰ দ্বাৰা কৰিব বিচৰা কামৰ ভিতৰত জৈৱিক কৃষি কেৱল এটা উপাদান ।" তেওঁ কয় ।

উল্লেখ্য, ৰাজ্যখনত কৃষি আৰু আনুষঙ্গিক খণ্ডৰ বহনক্ষম বিকাশৰ সুবিধাৰ উদ্দেশ্যৰে জৈৱিক কৃষিৰ প্ৰচাৰৰ প্ৰাথমিক লক্ষ্য লৈ ২০১৮ চনত ত্ৰিপুৰা চৰকাৰৰ জৈৱ প্ৰযুক্তি সঞ্চালকালয়ে প্ৰথমে 'জৈৱ-গাঁও' ধাৰণাটো প্ৰৱৰ্তন কৰে (Directorate of Biotechnology Government of Tripura) । অৱশ্যে এই উদ্যোগ বিকশিত হোৱাৰ লগে লগে জৈৱ গেছ, উন্নত প্ৰজাতিৰ পশুধন, সৌৰশক্তিচালিত কৃষি সঁজুলি আৰু শক্তি সঞ্চয় বৈদ্যুতিক সঁজুলিৰ দৰে উপাদানবোৰ অন্তৰ্ভুক্ত কৰা হৈছে যাতে প্ৰকল্পটোৰ পৰিসৰ বহল হয় । লগতে ইয়াক জলবায়ু-স্মাৰ্ট কৰি তুলিব পৰা যায় ।

বিষয়াজনে লগতে জনায় যে এই প্ৰকল্পটোৰ বাবে ৫০০ তকৈও অধিক পৰিয়াল উপকৃত হৈছে । "ইয়াৰ মুখ্য উদ্দেশ্য হৈছে কৃষি আৰু আনুষঙ্গিক খণ্ড-সম্পৰ্কীয় সামগ্ৰীৰ বহনক্ষম উৎপাদনৰ বাবে সৌৰ পানী পাম্প, বায়োমাছ কুকষ্টভ আৰু জৈৱ গেছ প্ৰকল্পৰ দৰে সেউজ প্ৰযুক্তিৰ প্ৰচাৰ কৰা ।

জৈৱসাৰ, জৈৱ-কীটনাশক আৰু কাঠফুলা স্পাউন খেতিৰ দৰে সৰল জৈৱ প্ৰযুক্তিগত হস্তক্ষেপৰ প্ৰয়োগৰ সৈতে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ আৰ্থ-সামাজিক অৱস্থা বৃদ্ধি কৰা (socio economic condition of small farmers) ।" তেওঁ কয় ।

লগতে পঢ়ক :ত্ৰিপুৰাত বিজেপি সমৰ্থকক আক্ৰমণ, ২৮ জনলৈ আৰক্ষীৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.