ETV Bharat / bharat

Wrestlers Protest: অহংকাৰী ৰজাই সাধাৰণ জনতাৰ কণ্ঠস্বৰ ভৰিৰে মোহাৰিছে; ৰাহুল গান্ধী

author img

By

Published : May 28, 2023, 9:09 PM IST

সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে আৰক্ষীয়ে ৰাজপথৰ পৰা প্ৰতিবাদী মল্লযুঁজাৰুসকলক চোঁচৰাই লৈ যোৱাৰ ফটো (Rahul Gandhi on police manhandling wrestlers) ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ সমৰ্থনত বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয়, "ৰজাই ৰাজপথত ৰাইজৰ কণ্ঠস্বৰ দমন কৰিছে ৷"

Coronation over, arrogant king crushing voice
অহংকাৰী ৰজাই সাধাৰণ জনতাৰ কণ্ঠস্বৰ ভৰিৰে মোহাৰিছে

নিউজ ডেস্ক, 28 মে’ : আজি ৰাজধানী চহৰত এফালে দেশবাসীৰ বাবে মুকলি কৰা হৈছে নতুন সংসদ ভৱন আনফালে দেশলৈ গৌৰৱ কঢ়িয়াই লৈ অনা মল্লযুঁজাৰুসকলৰ ওপৰত জঁপিয়াই পৰিছে দিল্লী আৰক্ষী ৷ দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি থকা মল্লযুঁজাৰুসকলে প্ৰতিবাদ কৰি থকা আজি 35 নম্বৰ দিন ৷ আৰক্ষীৰ বেৰিকেড ভাঙি নতুন সংসদ ভৱনৰ দিশে মল্লযুঁজাৰুসকলে প্ৰতিবাদী সমদল উলিওৱাৰ সময়তে দিল্লী আৰক্ষী য়ে আটক কৰে মল্লযুঁজাৰুসকলক (Police detained wrestlers in Delhi) । তাৰ পিচতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

আজি নতুন সংসদ ভৱনৰ সন্মুখত মহাপঞ্চায়তৰ আয়োজন কৰিছিল মল্লযুঁজাৰুসকলে ৷ তাৰ পিচতে সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে আৰক্ষীয়ে ৰাজপথৰ পৰা প্ৰতিবাদী মল্লযুঁজাৰুসকলক চোঁচৰাই লৈ যোৱাৰ ফটো (Rahul Gandhi on police manhandling wrestlers) ৷

চৰকাৰৰ এনে আক্ৰোশমূলক পদক্ষেপক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ সমৰ্থনত বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয়, "ৰজাই ৰাজপথত ৰাইজৰ কণ্ঠস্বৰ দমন কৰিছে ৷" ৰাহুলে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক আৰক্ষীয়ে টানি নিয়া আৰু হতাহাতি কৰাৰ এটা ভিডিঅ' টুইট কৰি উল্লেখ কৰে, "ৰাজ্যাভিষেক সম্পূৰ্ণ হ’ল ৷ অহংকাৰী ৰজাই ৰাজপথত সাধাৰণ জনতাৰ কণ্ঠস্বৰ ভৰিৰে মোহাৰিছে (Rahul Gandhi tweet on wrestlers detained) !"

  • राज्याभिषेक पूरा हुआ - 'अहंकारी राजा' सड़कों पर कुचल रहा जनता की आवाज़! pic.twitter.com/9hbEoKZeZs

    — Rahul Gandhi (@RahulGandhi) May 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মল্লযুঁজাৰুসকলৰ সৈতে বিজেপি চৰকাৰে কৰা আচৰণক লৈ সমালোচনা কৰি টুইটত উল্লেখ কৰে যে, "খেলুৱৈসকলে আজুৰি অনা পদক আমাৰ দেশৰ গৌৰৱ (Priyanka Gandhi Vadra slams BJP)। সেই পদকৰ সৈতে, খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰমে দেশৰ সন্মান বৃদ্ধি কৰে। বিজেপি চৰকাৰৰ অহংকাৰ ইমানেই বৃদ্ধি হৈছে যে, চৰকাৰে আমাৰ মহিলা খেলুৱৈসকলৰ কণ্ঠস্বৰ অতি নিষ্ঠুৰভাৱে জোতাৰে গচকি দমন কৰিবলৈ চেষ্টা কৰিছে ৷ এই কাৰ্য সম্পূৰ্ণ ভুল। সমগ্ৰ দেশে চৰকাৰৰ অহংকাৰ আৰু এই অন্যায় চাই আছে ৷"

ইয়াৰ পিচতে দিল্লীৰ যন্তৰ-মন্তৰত 144 ধাৰা জাৰি কৰিছে দিল্লী আৰক্ষীয়ে ৷ ইতিমধ্যে আটকাধীন মল্লযুঁজাৰীসকলক বসন্ত কুঞ্জ আৰক্ষী থানাৰ পৰা বাছেৰে কোনো অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ ইফালে আৰক্ষীয়ে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীসকলে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ আঁতৰাই প্ৰতিবাদস্থলী পৰিস্কাৰ কৰিবলৈ আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Wrestlers protest: অজ্ঞাত স্থানলৈ বাছেৰে স্থানান্তৰ প্ৰতিবাদী মল্লযুঁজাৰুসকলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.