ETV Bharat / bharat

Delhi police at Rahul Gandhi residence : নিৰ্যাতিতাৰ তথ্য বিচাৰি ৰাহুল গান্ধীৰ ঘৰত আৰক্ষী

যৌন নিৰ্যাতনৰ ভুক্তভোগীৰ তথ্য বিচাৰি কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বাসগৃহত পুৱাই উপস্থিত দিল্লী আৰক্ষী (Delhi police at Rahul Gandhi residence)। ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা নিৰ্যাতনৰ প্ৰসংগ উল্লেখ কৰিছিল । তাৰ পাছতে সেই ভুক্তভোগী মহিলাসকলৰ তথ্য বিচাৰি আৰক্ষীয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছে ।

author img

By

Published : Mar 19, 2023, 4:50 PM IST

Delhi police at Rahul Gandhi residence
নিৰ্যাতিতাৰ তথ্য বিচাৰি ৰাহুল গান্ধীৰ ঘৰত আৰক্ষী

নেশ্যনেল ডেস্ক, ১৯ মাৰ্চ : লণ্ডনত কৰা বিস্ফোৰক মন্তব্যৰ পাছতে চৰ্চাত আছে ৰাহুল গান্ধী (Rahul Gandhi controversial statement)। ইতিমধ্যে তেওঁৰ মন্তব্যৰ বাবে শাসকীয় বিজেপিয়ে তীব্ৰ সমালোচনাও কৰিছে কংগ্ৰেছ নেতাগৰাকীক । ইয়াৰ মাজতে হঠাৎ দেওবাৰে পুৱাই ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত হ'ল দিল্লী আৰক্ষীৰ এটা দল । দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত সাগৰ প্ৰীত হুডাৰ নেতৃত্বত অহা দলটোৱে ৰাহুল গান্ধীক সোধা-পোছা কৰে ।

ইফালে ৰাহুল গান্ধীৰ বাসগৃহত দিল্লী আৰক্ষী উপস্থিত হোৱাৰ লগে লগে এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । অৱশ্যে আৰক্ষীয়ে জনোৱা মতে ৰাহুল গান্ধীৰ পৰা কিছু তথ্য সংগ্ৰহৰ বাবেহে আৰক্ষীসকল তেওঁৰ ওচৰলৈ আহিছে (Delhi police meets Rahul Gandhi)।

উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁ যাত্ৰাৰ সময়ত কেইবাগৰাকী নিৰ্যাতিত মহিলাক লগ পাইছিল । যিসকলে ৰাহুল গান্ধীৰ ওচৰত ন্যায় নোপোৱাৰ অভিযোগ কৰিছিল । সেই কথা ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কোৱাৰ পাছতে আৰক্ষীয়ে ভুক্তভোগীসকলৰ তথ্য বিচাৰি ৰাহুল গান্ধীক সাক্ষাৎ কৰিছে ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিশেষ আৰক্ষী আয়ুক্ত সাগৰ প্ৰীত হুডাই কয় যে ৰাহুল গান্ধীৰ সৈতে কথা পাতিবলৈ তেওঁলোক তালৈ গৈছে । ৰাহুল গান্ধীয়ে ৩০ জানুৱাৰীত শ্ৰীনগৰত এটা বিবৃতি দিছিল (Bharat Jodo Yatra)। য'ত তেওঁ কৈছিল যে যাত্ৰাৰ সময়ত তেওঁ কেইবাগৰাকী মহিলাক লগ পাইছিল যিয়ে তেওঁক কৈছিল যে তেওঁলোকক ধৰ্ষণ কৰা হৈছিল ।

সেয়ে আৰক্ষীয়ে তেওঁৰ পৰা সেই সম্পৰ্কে তথ্য সংগ্ৰহৰ বাবে আহিছে যাতে ন্যায় প্ৰদান কৰাত সহায় হয় । আৰক্ষীয়ে সামাজিক মাধ্যমৰ পোষ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাহুল গান্ধীক সেই যৌন নিৰ্যাতন ঘটনা সম্পৰ্কে এখন প্ৰশ্নাৱলীও প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে ৰাহুল গান্ধীয়ে সদনত মোডী আৰু আদানিৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰাৰ বাবে বিতৰ্কত আছে । শাসকীয় পক্ষই ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে ।

লগতে পঢ়ক :Operation against Amritpal Singh: সন্ধান নাই অমৃতপালৰ, তীব্ৰতৰ আৰক্ষীৰ অনুসন্ধান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.