ETV Bharat / bharat

জনা-নজনা : বিশ্ব ঐতিহ্যক্ষেত্ৰ উলুৰুক আৰ্য়াছ ৰক - উলুৰুক আৰ্য়াছ ৰক

অষ্ট্ৰেলিয়াত অৱস্থিত উলুৰুক আৰ্য়াছ ৰক (আৰ্য়াছ শিলাখণ্ড)ক ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছে । উলুৰুক আৰ্য়াছ ৰকে(আৰ্য়াছ শিলাখণ্ড) বিজ্ঞানী আৰু গৱেষকসকলৰ লগতে পৰ্যটকক আকৰ্ষিত কৰি অহাৰ লগতে তেওঁলোকৰ মাজত উৎকন্ঠাও সৃষ্টি কৰি আহিছে ৷ কিন্তু কিয় আৰু কি কাৰণত উলুৰুক আৰ্য়াছ ৰকে(আৰ্য়াছ শিলাখণ্ড) লৈ সৃষ্টি হৈছে এই উৎকণ্ঠা ৷ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

constant changes of color in ayers mountains of australia
জনা-নজনা : বিশ্ব ঐতিহ্যক্ষেত্ৰ উলুৰুক আৰ্য়াছ ৰক
author img

By

Published : Aug 24, 2021, 2:21 PM IST

নিউজ ডেস্ক, 24 আগষ্ট : পাহাৰৰ ৰং কি বুলি সুধিলে আপুনি হয়তো ভাবিব এইটো কেনে প্ৰশ্ন ৷ অথবা যদি আপোনাক প্ৰশ্ন কৰা হয় হালধীয়া, কমলা, ৰঙা অথবা বেঙুনীয়া ৰঙৰ পাহাৰ দেখিছেনে বুলি আপুনি হয়তো আচহুৱা অনুভৱ কৰিব । কিন্তু অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য ৷ উলুৰুক আৰ্য়াছ ৰক(আৰ্য়াছ শিলাখণ্ড) নামৰ এটা পাহাৰ আছে, যিটো পাহাৰৰ ৰং সঘনাই সলনি হয় ৷

অষ্ট্ৰেলিয়াত অৱস্থিত উলুৰুক আৰ্য়াছ ৰক(আৰ্য়াছ শিলাখণ্ড) বৈচিত্ৰপূৰ্ণ বৈশিষ্ট্যৰ বাবে ইয়াৰ উপনাম হৈছে "মেজিক মাউণ্টেইনচ" ৷ উলুৰুক আৰ্য়াছ ৰক(আৰ্য়াছ শিলাখণ্ড)কণীৰ আকৃতিৰ প্ৰায় 348 মিটাৰ ওখ এটা শিলাখণ্ডৰ পৰ্বত । ইয়াৰ দৈৰ্ঘ্য 7 কিল’মিটাৰ আৰু প্ৰস্থ 2.4 কিল’মিটাৰ । পুৱাৰ পৰা বিয়লিলৈকে এই পাহাৰৰ ৰং সঘনে সলনি হয় ৷

ayers mountains of australia
উলুৰুক আৰ্য়াছ ৰক

এই পৰ্বতমালাৰ "মেজাজ" অনুসৰি ৰং সলনি হয় ৷ নীলাৰ পৰা বেঙুনীয়ালৈ, বেঙুনীয়াৰ পৰা ৰঙালৈ যেতিয়া-তেতিয়াই এই পৰ্বতমালাৰ ৰং সলনি হয় ৷ সেয়ে সাধাৰণ পৰ্যটকৰ পৰা আৰম্ভ কৰি বিজ্ঞানী, গৱেষকসকল এই শিলৰ পৰ্বতমালাত প্ৰতি আকৰ্ষিত হৈ আহিছে ।

ayers mountains of australia
উলুৰুক আৰ্য়াছ ৰক

স্থানীয় লোকসকলে এই পৰ্বতমালাত দেৱতা আছে বুলি বিশ্বাস কৰি তেওঁলোকে আৰ্য়াছ ৰক(আৰ্য়াছ শিলাখণ্ড)ক উপাসনা কৰে ৷ বিজ্ঞানীসকল কিন্তু এই উত্তৰত সন্তুষ্ট নহয় ৷ তেওঁলোকৰ মতে, আৰ্য়াছ ৰক(আৰ্য়াছ শিলাখণ্ড) পৰ্বতৰ আশ্চৰ্যকৰ গাঁথনিৰ ফলত অস্বাভাৱিক পোহৰ বিয়পি পৰে আৰু তাৰ ফলশ্ৰুতিত এই পৰ্বতমালাৰ ৰং সঘনে সলনি হয় ৷

ayers mountains of australia
উলুৰুক আৰ্য়াছ ৰক

তদুপৰি এই পৰ্বতটো কেৱল এটা শিলেৰে গঠিত, যিটো সাধাৰণ নহয় ৷ আৰ্য়াছ ৰক(আৰ্য়াছ শিলাখণ্ড) প্ৰতি পৰ্যটকৰ আকৰ্ষণৰ প্ৰতি লক্ষ্য ৰাখি অষ্ট্ৰেলিয়া চৰকাৰে ৪৮৭ বৰ্গমাইল এলেকাত মাইণ্ট ওগলা নামৰ এখন ৰাষ্ট্ৰীয় উদ্যান নিৰ্মাণ কৰিছে । যাতে ইয়ালৈ পৰ্যটকৰ আগমন বৃদ্ধি পায় ৷

লগতে পঢ়ক : জনা-নজনা : কেৱল এগৰাকী মহিলা থকা গাঁওখন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.