ETV Bharat / bharat

৮ অভিযুক্ত কংগ্ৰেছ কৰ্মীৰ জামিন মঞ্জুৰ ত্ৰিপুৰা আদালতৰ

author img

By

Published : Mar 16, 2022, 10:30 AM IST

২৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত কংগ্ৰেছ কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল (Clashes between BJP and congress in Tripura) ৷ এই ঘটনাত গ্ৰেপ্তাৰ হোৱা ৮ কংগ্ৰেছ কৰ্মীক জামিনত মুকলি । অৱশ্যে তেওঁলোকৰ এজনক মুকলি কৰি দিয়া হোৱা নাই । তেওঁৰ বিৰুদ্ধে আছে আন এটা গোচৰ ।

Tripura
২৬ ফেব্ৰুৱাৰীৰ সংঘৰ্ষৰ অভিযুক্ত কংগ্ৰেছ কৰ্মীৰ জামিন মঞ্জুৰ

আগৰতলা, ১৬ মাৰ্চ : ত্ৰিপুৰাত শাসকীয় বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত সংঘৰ্ষ অব্যাহত (Clashes between BJP and congress in Tripura) । তেনে এক সংঘৰ্ষৰ মাজতে ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল ৮ গৰাকী কংগ্ৰেছ কৰ্মী (Eight Congress workers were arrested on February 26) । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ সমষ্টিৰ বিজেপি মণ্ডলৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ অভিযোগ উঠিছিল তেওঁলোকৰ বিৰুদ্ধে । কেৱল এয়াই নহয় পেট্ৰ'ল বোমা নিক্ষেপ কৰাৰো অভিযোগ উঠিছিল কংগ্ৰেছ কৰ্মীকেইজনৰ বিৰুদ্ধে ।

অৱশেষত মঙলবাৰে পশ্চিম ত্ৰিপুৰা আদালতে অভিযুক্ত কেইজনৰ জামিন মঞ্জুৰ কৰে (Congress workers released on bail) । অৱশ্যে শ্বাহজাহান ইছলাম নামৰ এজন অভিযুক্তৰ বিৰুদ্ধে থকা আন এটা গোচৰৰ বাবে তেওঁ কাৰাগাৰতে থাকিবলগীয়া হয় । অভিযুক্তসকলৰ অধিবক্তা হৰেকৃষ্ণ ভৌমিকে এই কথা প্ৰকাশ কৰে ।

ইফালে জামিন লাভ কৰাৰ পাছতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি বিৰজিৎ সিনহাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আৰক্ষীয়ে কেতিয়াও কংগ্ৰেছে দাখিল কৰা অভিযোগৰ ওপৰত তদন্ত নকৰে ।

উল্লেখ্য যে ২৬ ফেব্ৰুৱাৰীত দুৰ্বৃত্তৰ এটা দলে কামাৰ্পোকুৰপাৰ অঞ্চলত কংগ্ৰেছৰ এক কাৰ্যসূচীত আক্ৰমণ কৰে । কংগ্ৰেছ কৰ্মীসকলে অভিযোগ কৰা মতে সেই আক্ৰমণত বিজেপি কৰ্মী জড়িত আছিল । ইয়াৰ পাছতে উত্তেজিত কংগ্ৰেছ কৰ্মীসকলে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ গৃহ সমষ্টি বনমালিপুৰত বিজেপিৰ মণ্ডল কাৰ্যালয়ত আক্ৰমণ কৰে ।

সংঘৰ্ষৰ মাজতে দলৰ বৃহৎ কৰ্মীসকলে পেট্ৰ'ল বোমা নিক্ষেপ কৰে ৷ এই আক্ৰমণৰ অভিযোগত দুগৰাকী মহিলাসহ আঠজন কংগ্ৰেছ কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । তেওঁলোকক স্থানীয় আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত কংগ্ৰেছ দলে অতিৰিক্ত জিলা আৰু সত্ৰ আদালতত জামিনৰ বাবে আবেদন দাখিল কৰে ।

লগতে পঢ়ক : চিপিআই(এম) ৰ অবৈধ দলীয় কাৰ্যালয়ত বিজেপি চৰকাৰৰ হাঁতোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.